লেপটপত পাব ফোনৰ সকলো সুবিধা, কেনেকৈ?

কিন্তু হঠাৎ কিয় এনেকুৱা হ’ল? আচলতে গুগলে বিচাৰে যে জেমিনী AI, Google Assistant আৰু তেওঁলোকৰ সকলো এপ সকলো পিচি বা লেপটপ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ হওক। আৰু মোবাইল আৰু পিচিৰ মাজত এটা অপাৰেটিং চিষ্টেম মুকলি কৰি দুয়োপক্ষই এই অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ সক্ষম হ’ব।

লেপটপত পাব ফোনৰ সকলো সুবিধা, কেনেকৈ?

লেপটপত পাব ফোনৰ সকলো সুবিধা

Updated On: 

30 Sep 2025 13:41 PM

সমগ্ৰ বিশ্বৰ চফ্টৱেৰ জগতখনত এক বৃহৎ পৰিৱৰ্তনৰ সংকেত। কোৱালকম স্নেপড্ৰেগন ছামিট ২০২৫ত গুগলৰ ৰিক অষ্টাৰলোহে এই কথা উল্লেখ কৰে। এতিয়া এণ্ড্ৰইড আৰু ক্ৰ’ম অপাৰেটিং চিষ্টেম এক হৈ পৰিছে।  এতিয়া স্মাৰ্টফোন আৰু পিচি অপাৰেটিং চিষ্টেমৰ মাজত থকা দীৰ্ঘদিনীয়া পাৰ্থক্যৰ শেষ কৰিবলৈ ওলাইছে গুগলে।

অষ্টাৰলোহে কয়, ‘আমি পিচি আৰু স্মাৰ্টফোনৰ বাবে সৃষ্টি কৰা ব্যৱস্থাটো সম্পূৰ্ণ বেলেগ আছিল। এতিয়া, আমি সেই পাৰ্থক্য মচি পেলাই এক উমৈহতীয়া কাৰিকৰী ভেটি গঢ়ি তোলাৰ প্ৰকল্প হাতত লৈছো।’ আৰু ইয়াৰ অৰ্থ হ’ল গুগলে ফোনৰ পৰা আৰম্ভ কৰি লেপটপ বা ডেস্কটপলৈকে সকলো ধৰণৰ ডিভাইচৰ বাবে এণ্ড্ৰইডক ইউনিভাৰ্চেল প্লেটফৰ্ম বা ‘ইউনিভাৰ্চেল প্লেটফৰ্ম’ হিচাপে চাব বিচাৰে।

কিন্তু হঠাৎ কিয় এনেকুৱা হ’ল? আচলতে গুগলে বিচাৰে যে জেমিনী AI, Google Assistant আৰু তেওঁলোকৰ সকলো এপ সকলো পিচি বা লেপটপ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ হওক। আৰু মোবাইল আৰু পিচিৰ মাজত এটা অপাৰেটিং চিষ্টেম মুকলি কৰি দুয়োপক্ষই এই অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ সক্ষম হ’ব।

এই নতুন চফ্টৱেৰৰ আভাস দেখিছে কোৱালকমৰ চিইঅ’ ক্রিষ্টিয়ানো আমনে৷ তেওঁ কয়, “মই এই নতুন অ’এছটো চালোঁ, ই যথেষ্ট ভাল। এই ব্যৱস্থাই মোবাইল আৰু পিচিৰ মাজত একাকাৰীতাৰ সপোন বাস্তৱায়িত কৰিব।” অৱশ্যে মোবাইল আৰু কম্পিউটাৰত চলিবলগীয়া এই নতুন অপাৰেটিং ছিষ্টেমটো কেতিয়া মুকলি হ’ব তাৰ কোনো স্পষ্ট সময়সীমা গুগলে দিয়া নাই। ইফালে এই পদক্ষেপে পিচি বজাৰত মাইক্ৰ’ছফ্ট বা এপলৰ একচেটিয়া অধিকাৰৰ প্ৰত্যক্ষ আঘাত বুলি ধাৰণা কৰা হৈছে।

নিশাৰ সময়ত ভুলতো নকৰিব এই ৪টা কাম! আহে দুৰ্দশা, হয় আৰ্থিক সমস্যা...
এছিয়া কাপ জয় কৰিও বাহিৰ ১১জন খেলুৱৈ! মাত্ৰ ৪ জন খেলুৱৈহে ৰ’ল দলত, কিয় হ’ল এনে?
খোৱাৰ পিছতে পেট ফুলি উঠে নেকি? কি কৰিব চিকিৎসকৰ পৰা জানক...
এই ৫ টা অভ্যাসে মানুহক কৰি তোলে দৰিদ্ৰ! জানক...