ভুল UPI ID লৈ প্ৰেৰণ কৰা ধন কেনেকৈ ঘূৰাই পাব পাৰি ? সহজ টিপছ জানক…

মোবাইল নম্বৰ বা QR স্কেন কৰি যিকোনো ব্যক্তিলৈ নিমিষতে টকা পঠিয়াব পাৰোঁ। কিন্তু কেতিয়াবা খৰখেদা কৰোঁতে ভুল হয়, যেনে ভুল নম্বৰ দিয়া, ভুল একাউণ্টলৈ ধন পঠোৱা। এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল এই ধন আদায় বা ঘূৰাই পাব পৰা যাবনে?

ভুল UPI ID লৈ প্ৰেৰণ কৰা ধন কেনেকৈ ঘূৰাই পাব পাৰি ? সহজ টিপছ জানক...

Upi

Published: 

27 Aug 2025 | 02:30 PM

UPI পেমেণ্ট অতি সহজ। আমি কেৱল মোবাইল নম্বৰ বা QR স্কেন কৰি যিকোনো ব্যক্তিলৈ নিমিষতে টকা পঠিয়াব পাৰোঁ। কিন্তু কেতিয়াবা খৰখেদা কৰোঁতে ভুল হয়, যেনে ভুল নম্বৰ দিয়া, ভুল একাউণ্টলৈ ধন পঠোৱা। এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল এই ধন আদায় বা ঘূৰাই পাব পৰা যাবনে?

লেনদেনৰ সবিশেষ তৎক্ষণাত পৰীক্ষা কৰক

যদি আপুনি ভুল নম্বৰ বা একাউণ্টলৈ টকা পঠিয়াইছে, তেন্তে প্ৰথমে আপোনাৰ UPI এপ Google Pay, PhonePe, Paytm, BHIM UPI খোলক। ইয়াত লেনদেনৰ হিষ্ট্ৰিলৈ যাওক আৰু সবিশেষ চাওক। ইয়াৰ পাছতে টকা কোন একাউণ্টলৈ গৈছে পৰীক্ষা কৰক। পেমেণ্টৰ লেনদেন আইডি ইউটিআৰ নম্বৰটো মন কৰক। ইয়াৰ পিছত তৎক্ষণাত ইউপিআই এপৰ “Customer Support”ৰ সৈতে যোগাযোগ কৰক।

প্ৰতিটো UPI এপত “Customer Support” ৰ বিকল্প থাকে। তালৈ গৈ আপুনি ভুল লেনদেনৰ ৰিপৰ্ট দিব পাৰে। “Transaction ID” লিখি অভিযোগ পঞ্জীয়ন কৰিব পাৰিব। এপৰ দলটোৱে ৰিচিভাৰ বেংকৰ সৈতে যোগাযোগ কৰি ধন ঘূৰাই পাবলৈ চেষ্টা কৰে।

আপোনাৰ বেংকৰ সৈতে যোগাযোগ কৰক

যদি আপুনি এপটোৰ জৰিয়তে কোনো সমাধান নাপায়, তেন্তে আপুনি পোনপটীয়াকৈ আপোনাৰ বেংকৰ শাখালৈ যাব পাৰে বা কাষ্টমাৰ কেয়াৰ(Customer Care) নম্বৰত ফোন কৰিব পাৰে। বেংক কৰ্তৃপক্ষক “Transaction ID” আৰু তাৰিখ জনাওক। ইয়াৰ পাছতে ভুল পেমেণ্টৰ টকা ঘূৰাই আনিবলৈ বেংকে ৰিচিভাৰ বেংকলৈ অনুৰোধ প্ৰেৰণ কৰিব।

NPCI ত অভিযোগ দাখিল কৰক

NPCI (National Payments Corporation of India) ৰ দ্বাৰা UPI পৰিচালিত। যদি আপুনি বেংক আৰু এপ দুয়োটাৰে পৰা সহায় নাপায়, তেন্তে আপুনি NPCIৰ ৱেবছাইটত গৈ অভিযোগ দাখিল কৰিব পাৰে। যদি ধনৰাশি বৃহৎ হয়, তেন্তে আপুনি ওচৰৰ আৰক্ষীৰ চাইবাৰ ক্ৰাইম চেলত অভিযোগ দিব পাৰে। আপোনাৰ হাতত পেমেণ্টৰ স্ক্ৰীণশ্বট, “Transaction ID” আৰু এপৰ সবিশেষ থাকিব লাগিব। আৰক্ষী আৰু বেংকে একেলগে এই ধন উদ্ধাৰৰ চেষ্টা কৰিব পাৰে।

এইবোৰ কথা মনত ৰাখিব

টকা পঠোৱাৰ আগতে সদায় একাউণ্ট নম্বৰ / মোবাইল নম্বৰ দুবাৰ পৰীক্ষা কৰক। QR ক’ড স্কেন কৰাৰ সময়ত ৰিচিভাৰৰ নামটো শুদ্ধ হয় নে নহয় নিশ্চিত কৰক। ভুলতে টকা পঠিয়ালে তৎক্ষণাত ব্যৱস্থা লওক। পলম কৰিলে টকাখিনি ঘূৰাই পোৱাত অসুবিধা হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...