আপুনিও লেপটপৰ পৰা মোবাইল চাৰ্জ কৰে নেকি? ইয়াৰ ফলত কি হ’ব পাৰে জানেনে?

একাংশ লোকে কৰ্মস্থলীত লেপটপৰ পৰা মোবাইল চাৰ্জ কৰে। এইদৰে ফোনটোৰ বেটাৰী ভৰ্তি হৈ থাকে। পিছে ইয়াৰ ফলত মোবাইল ফোনটোৰ ওপৰত কেনে প্ৰভাৱ পৰিব পাৰে, সেই বিষয়ে কেতিয়াবা ভাবিছেনে? এই বিষয়ে জানিলো হয়তো আপুনি আচৰিত হ’ব।

আপুনিও লেপটপৰ পৰা মোবাইল চাৰ্জ কৰে নেকি? ইয়াৰ ফলত কি হ’ব পাৰে জানেনে?

প্ৰতিনিধিত্বমূলক ছবি

Published: 

25 Aug 2025 | 04:35 PM

সাম্প্ৰতিক সময়ত প্ৰায় প্ৰতিজন লোকৰ বাবে দৈনন্দিন জীৱনৰ অংশস্বৰূপ হৈ পৰিছে হাতৰ মোবাইলটো প্ৰতিটো কামৰ বাবেই মোবাইল ফোনটো হৈ পৰিছে অপৰিহাৰ্য গতিকে মোবাইল ফোনটোৰ চাৰ্জ শেষ হোৱা মানেই যেন হৈ পৰে বৃহৎ বিপদ মোবাইলৰ চাৰ্জৰ ক্ষেত্ৰত বহু সময়ত মোবাইল ফোন এটাৰ কিদৰে যত্ন লোৱা হয়, কিদৰে চাৰ্জ কৰা হয়, সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে বহুলোকে মোবাইল সম্পূৰ্ণ চাৰ্জ নকৰাকৈয়ে ওলাই যায়

লগতে মোবাইলৰ চাৰ্জাৰ লগত নিবলৈও পাহৰি যায় ফলত একাংশ লোকে কৰ্মস্থলীত লেপটপৰ পৰা মোবাইল চাৰ্জ কৰে। এইদৰে ফোনটোৰ বেটাৰী ভৰ্তি হৈ থাকে পিছে ইয়াৰ ফলত মোবাইল ফোনটোৰ ওপৰত কেনে প্ৰভাৱ পৰিব পাৰে, সেই বিষয়ে কেতিয়াবা ভাবিছেনে? এই বিষয়ে জানিলো হয়তো আপুনি আচৰিত হ’ব।

বৰ্তমান পাৱাৰ বেংকৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পাইছে পাৱাৰ বেংক লগত লৈ ফুৰাৰ প্ৰয়োজনীয়তা প্ৰায় লোকেই অনুভৱ নকৰা হৈছে বহুলোকে মোবাইল ফোনৰ চাৰ্জ শেষ হ’লে সমুখৰ লেপটপত হঠাতে মোবাইল চাৰ্জ কৰে। সাধাৰণতে এবাৰ বা দুবাৰ এই কাম কৰিলে কোনো সমস্যা নহয়। কিন্তু নিয়মীয়াকৈ এই কাম কৰা উচিত নহয়।

সঘনাই এইদৰে লেপটপৰ পৰা মোবাইল চাৰ্জ কৰিলে ফোনটোৰ বেটাৰীত বেয়া প্ৰভাৱ পৰিব পাৰে। লেপটপৰ ইউএছবি প’ৰ্টত মোবাইল ফোন চাৰ্জ কৰাৰ ক্ষমতা আছে। কিন্তু লেপটপৰ পৰা বাৰে বাৰে আপোনাৰ ফোন চাৰ্জ কৰিলে চাৰ্জিঙৰ গতি লেহেমীয়া হ’ব। লেপটপৰ ইউএছবি পৰ্ট সাধাৰণতে ফোন চাৰ্জাৰতকৈ কম শক্তিশালী হয়।

কেৱল সেয়াই নহয়, যদি আপুনি ফোনটো অৰিজিনেল চাৰ্জাৰেৰে চাৰ্জ নকৰে তেতিয়া ফোনটো সম্পূৰ্ণ চাৰ্জ হ’বলৈ বহুত বেছি সময়ৰ প্ৰয়োজন ব পাৰে। কেতিয়াবা লেপটপৰ পৰা ফোন চাৰ্জ কৰিলে মোবাইল ফোনটো অতিমাত্ৰা গৰম হ’ব পাৰে। গতিকে নিজৰ মোবাইল ফোন ভাল অৱস্থাত ৰাখিব বিচাৰে যদি সঠিক চাৰ্জাৰেৰে চাৰ্জ কৰিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...