WhatsAppৰ ৫টা বিশেষ ফিচাৰ, মিনিটৰ ভিতৰতে হৈ যাব সকলো কাম…

যদি আপুনি WhatsApp ব্যৱহাৰ কৰে তেন্তে এই ৫টা ফিচাৰৰ বিষয়ে জনা উচিত। এইবোৰ জনাৰ পিছত আপোনাৰ বহু কাম সহজ হৈ পৰিব পাৰে। ইয়াৰ বাবে আপুনি বেছি কাম কৰিব নালাগে, মিনিটৰ ভিতৰতে সেইবোৰ সক্ৰিয় কৰিব পাৰে।

WhatsAppৰ ৫টা বিশেষ ফিচাৰ, মিনিটৰ ভিতৰতে হৈ যাব সকলো কাম...

WhatsAppৰ ৫টা বিশেষ ফিচাৰ

Updated On: 

06 Jul 2025 17:52 PM

এতিয়া হোৱাটছএপ কেৱল মেছে়জ কৰাই, নহয় প্ৰতিটো গুৰুত্বপূৰ্ণ কামৰ অংশ হৈ পৰিছে। আপুনি কাৰোবালৈ ফটো পঠাব বিচাৰে, টকা ট্ৰেন্সফাৰ কৰিব বিচাৰে বা নথি-পত্ৰ শ্বেয়াৰ কৰিব বিচাৰে। হোৱাটছএপৰ জৰিয়তে মিনিটৰ ভিতৰতে সকলো কাম কৰিব পাৰি। কিন্তু আপুনি জানেনে যে হোৱাটছএপতো কিছুমান আচৰিত ধৰণৰ ফিচাৰ আছে, যাৰ সহায়ত আপোনাৰ সময় ৰাহি হ’ব আৰু কামো অতি সহজ হৈ পৰিব? ইয়াত আমি আপোনালোকক WhatsAppৰ ৫ টা ডাঙৰ ফিচাৰৰ বিষয়ে ক’ম যিয়ে আপোনাক এজন pro user কৰি তুলিব।

মেছেজ Edit কৰা ফিচাৰ

যদি আপুনি ভুলতে কাৰোবালৈ কিবা ভুল মেছেজ পঠিয়াইছে, তেন্তে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই।  হোৱাটছএপত মেছেজ পঠোৱাৰ পিছতো ১৫ মিনিটৰ ভিতৰত Edit কৰিব পাৰিব। পঠোৱা মেছেজটো অলপ সময় প্ৰেছ কৰক। Edit কৰাৰ বিকল্প নিৰ্বাচন কৰক। মেছেজটো শুদ্ধ কৰি চেভ কৰক।

ভইচ মেছেজ প্ৰিভিউ কৰি পঠাওক

এতিয়া ভইচ মেছেজ ৰেকৰ্ডিং কৰাৰ পিছত শুনিব পাৰিব আৰু ঠিক যেন লাগিলেহে পঠিয়াব পাৰিব। এইদৰে কোনো ভুল বাৰ্তা প্ৰেৰণ কৰাৰ চিন্তা নাথাকে। ইয়াৰ বাবে মাইক আইকনটো ওপৰলৈ স্লাইড কৰক। ৰেকৰ্ডিং শেষ কৰক। পঠোৱাৰ আগতে প্লে কৰি শুনক। ইয়াৰ পিছত আপোনাৰ কাম সম্পূৰ্ণ হ’ব।

পেমেন্ট ফিচাৰ

এতিয়া আপুনি WhatsApp ত UPI ৰ জৰিয়তে মিনিটত টকা পঠিয়াব আৰু লাভ কৰিব পাৰিব। ইয়াৰ বাবে মেছেজত গৈ ₹ আইকন টিপক। ইয়াৰ পিছত ধনৰাশি লিখি পঠাওক। ইয়াৰ দ্বাৰা টকাখিনি পোনপটীয়াকৈ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ হ’ব।

মেছেজ পিন কৰা

যদি আপুনি কোনো বিশেষ ব্যক্তি বা গ্ৰুপৰ মেছেজ ওপৰত ৰাখিব বিচাৰে, তেন্তে ইয়াক পিন কৰক। ইয়াৰ বাবে মেছেজটোত ক্লিক, পিন বিকল্পটো বাছক। তাৰ পিছত সেই মেছেজটো সদায় ওপৰত দেখা যাব।

মেছেজ নোহোৱা কৰা

এতিয়া এনেকুৱা কৰিব পাৰিব যে তাত থকা মেছেজবোৰ কিছু সময়ৰ পিছত স্বয়ংক্ৰিয়ভাৱে নোহোৱা হৈ যাব। ইয়াৰ বাবে প্ৰথমে হোৱাটছএপত Messagesটো খুলিব। প্ৰফাইলত ক্লিক কৰক। ইয়াৰ পিছত Disappearing Messages অন কৰক। ইয়াত সময় নিৰ্ধাৰণ কৰক, আপুনি ২৪ ঘণ্টা, ৭ দিন আৰু ৯০ দিনৰ পৰা যিকোনো এটা বিকল্প নিৰ্বাচন কৰিব পাৰে।

লগতে পঢ়ক: YouTubeৰ নতুন নিয়ম, এইধৰণৰ ভিডিঅ’ নিৰ্মাণ কৰাসকলে নাপাব ধন!

আপুনি বৈবাহিক জীৱনত সুখীনে? সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ অনুসৰণ কৰক চাণক্যৰ এই নীতিসমূহ
আপুনিৰ কোঠাৰ ভিতৰতে ফেনৰ তলত কাপোৰ শুকাবলৈ দিয়ে নেকি? কেনে ক্ষতি হ’ব পাৰে জানেনে?
অকাল মৃত্যুৰ পৰা পৰিত্ৰাণৰ উপায় ক'লে প্ৰেমানন্দ মহাৰাজে...
শাওনৰ সোমবাৰে শিৱলিংগত আগবঢ়াওক এইসমূহ বস্তু, লাভ কৰিৰ মহাদেৱৰ আশীৰ্বাদ!