ফেচবুক-ইনষ্টাগ্ৰামৰ দৰে এতিয়া WhatsAppতো থাকিব এই সুবিধা, ব্যৱহাৰকাৰী হ’ব উপকৃত

সাধাৰণতে বহুসময় ধৰি ব্যৱহাৰ কৰাৰ পিছত বিৰক্ত হৈ বা ব্যস্ত হৈ থকাৰ সময়ত ব্যৱহাৰকাৰীসকলে ফেচবুক আৰু ইনষ্টাগ্ৰাম লগ আউট কৰি ৰাখে। ঠিক তেনেদৰে এতিয়া ব্যৱহাৰকাৰীসকলে WhatsApp- ও লগ আউট কৰিব পাৰিব। শীঘ্ৰেই উপলব্ধ হ’ব এই নতুন সুবিধা।

ফেচবুক-ইনষ্টাগ্ৰামৰ দৰে এতিয়া WhatsAppতো থাকিব এই সুবিধা, ব্যৱহাৰকাৰী হ’ব উপকৃত

Whatsappত উপলব্ধ হ’ব নতুন সুবিধা

Published: 

31 May 2025 19:02 PM

বৰ্তমান সময়ত WhatsApp প্ৰায় সকলোৱেই ব্যৱহাৰ কৰে। এই মেছেজিং এপৰ ব্যৱহাৰে ব্যক্তিৰ মাজত যোগাযোগ বৃদ্ধি কৰাৰ সমান্তৰালকৈ তথ্যৰ আদান প্ৰদানো সহজ হৈ পৰিছে। WhatsApp ব্যৱহাৰ কৰা লোকসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। অতি সোনকালে Logout ৰ সুবিধা WhatsApp তো উপলব্ধ হ’ব। হয়, আপুনি ঠিকেই শুনিছে। ঠিক ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰেই এতিয়া ব্যৱহাৰকাৰীসকলে WhatsApp- ও Logout কৰিব পাৰিব। WhatsAppৰ এই নতুন সুবিধাই স্বাভাৱিকতেই ব্যৱহাৰকাৰীসকলক সহায় কৰিব।

সাধাৰণতে বহুসময় ধৰি ব্যৱহাৰ কৰাৰ পিছত বিৰক্ত হৈ বা ব্যস্ত হৈ থকাৰ সময়ত ব্যৱহাৰকাৰীসকলে ফেচবুক আৰু ইনষ্টাগ্ৰাম লগ আউট কৰি ৰাখে। ঠিক তেনেদৰে এতিয়া ব্যৱহাৰকাৰীসকলে WhatsApp- ও লগ আউট কৰিব পাৰিব। বহু সময়ত WhatsApp গ্ৰুপৰ মেছেজে আমাক বাৰে বাৰে আমনি কৰে। এনে পৰিস্থিতিত যদি আমি WhatsApp লগ আউট কৰিব পাৰো, তেতিয়া আমি কিছু সকাহ পাম।

এতিয়ালৈকে WhatsApp- ত এনে কোনো বিকল্প নাছিল যাৰ জৰিয়তে ডিভাইচটোৰ পৰা ব্যৱহাৰকাৰীসকলে লগ আউট কৰিব পাৰিছিল। কেৱল মাত্ৰ এপটো ডিলিট কৰা বা একাউণ্টটো নিষ্ক্ৰিয় কৰাৰহে সুবিধা উপলব্ধ আছিল। কিন্তু এতিয়া এই নতুন লগ আউট সুবিধাৰ দ্বাৰা এপ ডিলিট কৰা বা একাউণ্ট নিষ্ক্ৰিয় কৰাৰ প্ৰয়োজনীয়তা দূৰ কৰিব।

এই নতুন সুবিধাই কিদৰে কাম কৰিব-

আপুনি এটা ডিভাইচৰ পৰা আপোনাৰ WhatsApp একাউণ্টত লগ আউট কৰিব পাৰিব। যদি আপুনি অন্য ডিভাইচত লগইন কৰিব বিচাৰে, তেতিয়া আপুনি পুৰণি ডিভাইচৰ পৰা লগ আউট কৰিব পাৰিব। বিশেষকৈ যিসকল লোকে এটাতকৈ অধিক ডিভাইচত WhatsApp ব্যৱহাৰ কৰে, তেওঁলোকৰ বাবে এই সুবিধা যথেষ্ট উপকাৰী হ’ব।

এই সুবিধাৰ সুফল কি হ’ব-

গোপনীয়তা উন্নত হ’বঃ যদি আপোনাৰ ফোন ভুলৱশতঃ আন কাৰোবাৰ হাতলৈ যায়, চুৰি হয় বা আপুনি আন কোনো স্থানত WhatsApp লগ ইন কৰে, আপুনি লগ আউট কৰি আপোনাৰ একাউণ্ট সুৰক্ষিত কৰি ৰাখিব পাৰিব।

ডিভাইচ নিয়ন্ত্ৰণ সহজ হ’বঃ এই নতুন সুবিধাৰ জৰিয়তে আপোনাৰ একাউণ্ট কোনবোৰ ডিভাইচত লগ ইন কৰা হৈছে জানিব পাৰিব আৰু এই ডিভাইচবোৰৰ পৰা লগ আউট কৰিব পাৰিব।

WhatsAppৰ এই নতুন সুবিধা বৰ্তমান বিটা সংস্কৰণত পৰীক্ষা কৰা হৈছে আৰু অতি সোনকালে এণ্ড্ৰইড আৰু আই অ’ এছ দুয়োটা ব্যৱহাৰকাৰীৰ বাবে এই লগ আউটৰ সুবিধা উপলব্ধ হ’ব।

কৰ’না ভেকচিনৰ লগত হৃদৰোগৰ সম্পৰ্ক আছে নেকি? জানক কি কয় বিশেষজ্ঞসকলে...
এইসমূহ স্বাস্থ্য সমস্যাৰ পৰা সহজে উপশম পাবলৈ খাওক নহৰু...
অত্যধিক সুৰা সেৱন কৰে নেকি ? আওকাণ নকৰিব, ফেটি লিভাৰৰ Grade-3 লক্ষণসমূহ জানক...
Hanuman: হনুমানক সেন্দূৰ অৰ্পন কৰাৰ সময়ত কি মন্ত্ৰ পাঠ কৰিব লাগে?