AC ৰ পৰা ওলোৱা পানী ইনভাৰ্টাৰৰ বেটাৰীত ব্যৱহাৰ কৰিব পাৰি নে?

AC ৰ পৰা ওলোৱা পানী ব্যৱহাৰৰ যোগ্য হয় নে? আপোনাৰ এই পদক্ষেপে আপোনাৰ ইনভাৰ্টাৰটোক ক্ষতি কৰিব নেকি? পানী পুনৰ ব্যৱহাৰৰ এইটো সঠিক উপায় হয় নে? এনে সকলো প্ৰশ্নৰ উত্তৰ পাব এই প্ৰতিবেদনত ।

AC ৰ পৰা ওলোৱা পানী ইনভাৰ্টাৰৰ বেটাৰীত ব্যৱহাৰ কৰিব পাৰি নে?

প্ৰতীকী ছবি

Published: 

07 Jun 2025 | 05:03 PM

গ্ৰীষ্মকাল অহা মানেই প্ৰচণ্ড গৰমত অস্বস্তিত ভুগিব লগা হয় । এই গৰমৰ পৰা ৰক্ষা পাবলৈ মানুহে বিছনী, ফেন আদিৰ সহায় লয় । কিন্তু লাহে লাহে এইবোৰেও কাম নিদিয়া হৈ আহিছে । ফলত গৰমত AC চলোৱাটো এটা সাধাৰণ কথা হৈ পৰিছে । ঘৰত যদি AC আছে, তেন্তে আপুনি নিশ্চয় লক্ষ্য কৰিছে যে AC ৰ পৰা টোপাল টোপাল কৈ পানী পৰি থাকে । এনে পৰিস্থিতিত একাংশ লোকে ভাবে যে ইনভাৰ্টাৰৰ বেটাৰীত এই পানী ব্যৱহাৰ কৰিব পাৰি নেকি?

কিন্তু সঁচাকৈয়ে এই পানী ব্যৱহাৰৰ যোগ্য হয় নে? আপোনাৰ এই পদক্ষেপে আপোনাৰ ইনভাৰ্টাৰটোক ক্ষতি কৰিব নেকি? পানী পুনৰ ব্যৱহাৰৰ এইটো সঠিক উপায় হয় নে? এনে সকলো প্ৰশ্নৰ উত্তৰ পাব এই প্ৰতিবেদনত । ইয়াৰ পিছত আপুনি নিজেই সিদ্ধান্ত ল’ব পাৰিব যে ACৰ পৰা ওলোৱা পানীখিনি ইনভাৰ্টাৰৰ বেটাৰীত ঢালিব পাৰি নে নোৱাৰি ।

যেতিয়া AC এ কোঠাটো ঠাণ্ডা কৰে তেতিয়া সেই কোঠাটোৰ আৰ্দ্ৰতা পানীৰ ৰূপত ওলাই আহে । এই পানীক ঘনীভূত পানী বোলা হয় । দেখাত এই পানী পৰিষ্কাৰ, কিন্তু ইয়াত বহু ধৰণৰ ৰাসায়নিক পদাৰ্থ, ধূলি আদি পোৱা যায় । অৰ্থাৎ এই পানী আপুনি খোৱা বা পুনৰ ব্যৱহাৰৰ বাবে উচিত বিকল্প নহয় । এনে পানী চিন্তা নকৰাকৈ কোনো যন্ত্ৰত ব্যৱহাৰ কৰিব নালাগে । ইয়াৰ বাবে বেটাৰীৰ আয়ুস কমি যাব পাৰে, ৰাসায়নিক বিক্ৰিয়াৰ ফলত বেটাৰীৰ ক্ষতি হ’ব পাৰে, বেটাৰী লিক হ’ব পাৰে বা আনকি ফাটি যাব পাৰে ।

ইনভাৰ্টাৰৰ বেটাৰীত সদায় ডিষ্টিলড পানী ৰাখিব লাগে । যদি ঘৰত ডিষ্টিলড পানী পোৱা নাযায়, তেন্তে বজাৰত সহজেই এনে পানীৰ বটল পোৱা যায় । ইয়াৰ দামো বেছি নহয় । ইয়াৰ বাহিৰেও ইনভাৰ্টাৰৰ বেটাৰীত পানী ভৰোৱাৰ পদ্ধতিৰ বিষয়ে বিশেষজ্ঞক নিশ্চয় সুধিব লাগে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...