কাম কৰি থকাৰ সময়তে লেপটপত পৰিছে নেকি পানী? লগে লগে কৰক এই কাম…

যদি অকস্মাতে আপোনাৰ লেপটপত পানী পৰে, তেতিয়া তাৎক্ষণিকভাৱে কিছু পদক্ষেপ ল’ব লাগে। অন্যথা লেপটপটোৰ যথেষ্ট ক্ষতি হ’ব পাৰে। এনে হ’লে কি কৰিব? চাওঁ আহক তেনে সময়ত আপুনি গ্ৰহণ কৰিবলগা কিছুমান সহজ টিপচ।

কাম কৰি থকাৰ সময়তে লেপটপত পৰিছে নেকি পানী? লগে লগে কৰক এই কাম…

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

22 Jun 2025 | 06:29 PM

বৰ্তমান সময়ত অধিকাংশ যুৱক-যুৱতীয়ে কৰ্মক্ষেত্ৰত লেপটপৰ ব্যৱহাৰ কৰে। কেৱল কৰ্মক্ষেত্ৰতে নহয়, ঘৰত থকাৰ সময়তো ভিন্ন সময়ত লেপটপৰ ব্যৱহাৰ কৰা হয়। এক কথাত আজিৰ সময়ত লেপটপটো অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী হিচাপে পৰিগণিত হৈছে। গতিকে এই ইলেক্ট্ৰনিক গেজেটবিধত যদি অকস্মাতে কেতিয়াবা পানী পৰে, তেতিয়া গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যদি হঠাৎ আপোনাৰ ক্ষেত্ৰতো এনে সমস্যা আহি পৰে, কি কৰিব আপুনি?

যদি অকস্মাতে আপোনাৰ লেপটপত পানী পৰে, তেতিয়া তাৎক্ষণিকভাৱে কিছু পদক্ষেপ ল’ব লাগে। অন্যথা লেপটপটোৰ যথেষ্ট ক্ষতি হ’ব পাৰে। এনে হ’লে কি কৰিব? চাওঁ আহক তেনে সময়ত আপুনি গ্ৰহণ কৰিবলগা কিছুমান সহজ টিপচ-

১) তাৎক্ষণিকভাৱে বন্ধ কৰি চাৰ্জাৰ আঁতৰাই দিয়কঃ যদি লেপটপটোত পানী পৰে, তৎক্ষণাত প্ৰথমে পাৱাৰ বন্ধ কৰক। যদি লেপটপটো চাৰ্জিঙত লগাই থোৱা থাকে, লগে লগে চাৰ্জাৰ আঁতৰাই দিয়ক। তিতি থকাৰ সময়ত যদি বৈদ্যুতিক সংযোগ থাকে, তেতিয়া শ্বৰ্ট চাৰ্কিট হ’ব পাৰে।

২) বেটাৰি আৰু অন্য অংশসমূহ আঁতৰাওকঃ যদি আপোনাৰ লেপটপৰ বেটাৰি আঁতৰাব পৰা যায়, পানী পৰিলে লগে লগে বেটাৰি খুলি দিব লাগে। লগতে হাৰ্ড ডিষ্কসহ লেপটপৰ অন্যান্য খুলিব পৰা অংশসমূহ সাৱধানে খুলি দিয়ক।

৩) শুকান টাৱেল বা কাপোৰেৰে মচিবঃ লেপটপৰ বাহিৰৰ আৰু ভিতৰৰ পৰা যিমান পাৰি সিমান পানী শুকান কাপোৰেৰে মচি পেলাওক। যদি ভিতৰত পানী সোমাইছে, তেতিয়াহ’লে ভালদৰে লক্ষ্য কৰক আৰু যিমান পাৰে সোনকালে কোনো চাৰ্ভিচিং স্থানলৈ লৈ যাওক।

৪) ওলোটাকৈ শুকুৱাবলৈ দিয়কঃ লেপটপটো ওলোটাকৈ ৰাখক, অৰ্থাৎ কিবৰ্ডখন তললৈ আৰু স্ক্ৰীণখন ওপৰলৈ ৰাখক, যাতে ভিতৰৰ পানীখিনি ওলাই যাব পাৰে। শুকান, বায়ু চলাচল কৰা ঠাইত ৰখাটো ভাল।

৫) হেয়াৰ ড্ৰাইয়াৰ বা চাউলত থোৱাৰ ক্ষেত্ৰত সাৱধানতাঃ বহু লোকে লেপটপত পানী পৰিলে শুকুৱাবলৈ হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰে। কিন্তু অতিৰিক্ত গৰমে লেপটপৰ ক্ষতি কৰিব পাৰে। কেতিয়াবা আকৌ লেপটপটো চাউলত সোমোৱাই দিয়া হয়। মোবাইল ফোনৰ ক্ষেত্ৰত কিছু এই পদক্ষেপ কিছু ফলপ্ৰসূ যদিও লেপটপৰ ক্ষেত্ৰত বিশেষ ফলপ্ৰসূ নহয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...