আৰু নাপায় Unknown নম্বৰৰ আমনি, কৰিব নোৱাৰিব প্ৰেংক; আহি আছে নতুন ব্যৱস্থা

প্ৰৱঞ্চনামূলক বা সন্দেহজনক ফোন কল আহিলে ৰিলায়েন্স জিঅ’ বা এয়াৰটেলৰ ফ্লেগে সতৰ্ক কৰি দিয়াৰ দৰে দূৰসংযোগ বিভাগেও এতিয়া একে প্ৰযুক্তি ব্যৱহাৰ কৰিব। যিটো নামত নম্বৰ পোনপটীয়াকৈ পঞ্জীয়ন কৰা হৈছে, অৰ্থাৎ KYCত থকা নামটো caller ID হিচাপে দেখুওৱা হ’ব।

আৰু নাপায় Unknown নম্বৰৰ আমনি, কৰিব নোৱাৰিব প্ৰেংক; আহি আছে নতুন ব্যৱস্থা

আৰু নাপায় Unknown নম্বৰৰ আমনি!

Published: 

05 Dec 2025 | 01:59 PM

যিমানেই অচিনাকি নম্বৰ নহওক কিয়, এতিয়া কোনো ফোন নম্বৰেই আপোনাৰ বাবে নহ’ব Unknown। ফোনটো ৰিচিভ কৰাৰ পূৰ্বেই আপুনি জানিব পাৰিব আনটো মূৰৰ পৰা ফোন কৰা ব্যক্তিজন কোন। আৰু মাত্ৰ কেইটামান মাহৰ ভিতৰতে এই নিয়ম কাৰ্যকৰী হ’ব পাৰে। সূত্ৰ মতে, টেলিকমিউনিকেচন বিভাগে দেশৰ টেলিকম অপাৰেটৰসকলক ইনকাম কল সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিব। এই নিৰ্দেশনাৰ ফলত দেখা যাব নতুন ব্যৱস্থা। পিছে কি আছে এই নিৰ্দেশনাত, জানো আহক।

নতুন ব্যৱস্থা অনুসৰি, কোনো ভাৰতীয় নম্বৰৰ পৰা ফোন আহিলে ডিছপ্লেত KYC ত পঞ্জীয়ন কৰা নাম দেখা পাব। অৰ্থাৎ অচিনাকি নম্বৰৰ পৰা ফোন আহিলেও কোনে ফোন কৰিছে সেয়া জানিব পাৰিব। ইয়াৰ বাবে আপুনি True-Caller ৰ দৰে কোনো পৃথক এপ ব্যৱহাৰ কৰিব নালাগে। সম্প্ৰতি হাৰিয়ানাত ইয়াৰ ট্ৰায়েল আৰম্ভ হৈছে।

এই ব্যৱস্থাক Caller Name Presentation বুলি কোৱা হয়। প্ৰৱঞ্চনামূলক বা সন্দেহজনক ফোন কল আহিলে ৰিলায়েন্স জিঅ’ বা এয়াৰটেলৰ ফ্লেগে সতৰ্ক কৰি দিয়াৰ দৰে দূৰসংযোগ বিভাগেও এতিয়া একে প্ৰযুক্তি ব্যৱহাৰ কৰিব। যিটো নামত নম্বৰ পোনপটীয়াকৈ পঞ্জীয়ন কৰা হৈছে, অৰ্থাৎ KYCত থকা নামটো caller ID হিচাপে দেখুওৱা হ’ব।

নতুন এই ব্যৱস্থা ডিফল্টভাৱে মোবাইলত অন হ’ব. অেশ্যে কোনো লোকে ইচ্ছা কৰিলে ফোনত এই বিকল্প বন্ধ কৰিব পাৰে। অৰ্থাৎ কল গ্ৰহণ কৰা ব্যক্তিজনে এই চেটিংছ বন্ধ কৰিব পাৰে। আনহাতে, ফোন কৰা ব্যক্তিজনে ইচ্ছা কৰিলেও নিজৰ নাম লুকুৱাই ৰখাৰ সুবিধা নাপাব। অৱশ্যে সূত্ৰ মতে, মন্ত্ৰী আৰু উচ্চ পদস্থ চৰকাৰী বিষয়াইহে এই সুবিধা লাভ কৰিব পাৰিব।

প্ৰসংগক্ৰমে ২০২২ চনৰ পৰা এই ID ব্যৱহাৰ কৰি জালিয়াতি আৰু স্পেম কল ৰোধ কৰাৰ প্ৰস্তাৱ আহিছিল। কিন্তু সেই সময়ত ব্যক্তিগত তথ্যৰ গোপনীয়তা দাবী কৰি কেইবাটাও সংস্থাই এই প্ৰস্তাৱত আপত্তি কৰিছিল। ২০২৪ চনত ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই (TRAI) এই দাবী নাকচ কৰিছিল। এই নিয়ম ইতিমধ্যে কাটাৰকে ধৰি কেইবাখনো দেশত আছে যদিও ই কৰ্পৰেট খণ্ডতে সীমাবদ্ধ।

টেলিকম বিভাগ (DoT) আৰু ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই (TRAI) এই পদক্ষেপে জালিয়াতি আৰু স্পেম কল অধিক হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰিছে। ফোন কৰাৰ লগে লগে স্ক্ৰীণত নাম প্ৰদৰ্শিত হ’ব বাবে প্ৰৱঞ্চনাৰ জাল পেলোৱাটো কঠিন হৈ পৰিব।

ট্ৰু কলাৰে ফোন নকৰাকৈ মোবাইল নম্বৰৰ পঞ্জীয়নভুক্ত লোকজনৰ নাম দেখুৱাব পাৰে। অৱশ্যে টেলিকম বিভাগৰ এই সুবিধাই ফোন আহিলেহে নামটো দেখুৱাব। সম্প্ৰতি দেশত কলাৰ লাইন চিনাক্তকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে। ইয়াৰ সুবিধা কেৱল মন্ত্ৰী, চৰকাৰী বিষয়া, ৰাষ্ট্ৰপতি আৰু চোৰাংচোৱা সংস্থাইহে লাভ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...