হেকাৰে পেলাইছে প্ৰতাৰণাৰ অভিনৱ ফান্দ, আপোনাৰ অজ্ঞাতেই হেক হৈছে নেকি WhatsApp!

হেকাৰৰ পূৰ্বৰ কৌশল এতিয়া পুৰণি হ’ল। এইবাৰ হেকাৰে যি নতুন ষড়যন্ত্ৰ কৰিছে, সেয়া অধিক বিপজ্জনক। কিয়নো এইবাৰ সম্পূৰ্ণ অজ্ঞাত হৈ থাকিব আপোনাৰ শত্ৰু। জানিব নোৱাৰিব কোনো লোকে। পিছে এইবাৰ কিদৰে কাম কৰিব হেকাৰে?

হেকাৰে পেলাইছে প্ৰতাৰণাৰ অভিনৱ ফান্দ, আপোনাৰ অজ্ঞাতেই হেক হৈছে নেকি WhatsApp!

আপোনাৰ অজ্ঞাতেই হেক হৈছে নেকি WhatsApp!

Published: 

23 Dec 2025 | 12:25 PM

হোৱাটছএপৰ জৰিয়তে ফান্দ পেলাই একাউণ্ট হেক কৰাৰ কৌশল নতুন কথা নহয়। ইয়াৰ পূৰ্বে হোৱাটছএপ ব্যৱহাৰকাৰীক এক্সক্লুছিভ অফাৰ, ইনষ্টেণ্ট কেছবেক বা বিভিন্ন সুবিধাৰ লোভ দেখুৱাই প্ৰতাৰণাৰ জাল পেলোৱা হৈছিল। এনে প্ৰতাৰণাৰ ফান্দ হিচাপে দিয়া হৈছিল যিকোনো ছবি বা সহজ লিংক। আৰু তাত ক্লিক কৰাৰ লগে লগে হেক কৰা হয় মোবাইল। পিছে হেকাৰৰ এই কৌশল এতিয়া পুৰণি হ’ল। এইবাৰ হেকাৰে যি নতুন ষড়যন্ত্ৰ কৰিছে, সেয়া অধিক বিপজ্জনক। কিয়নো এইবাৰ সম্পূৰ্ণ অজ্ঞাত হৈ থাকিব আপোনাৰ শত্ৰু। জানিব নোৱাৰিব কোনো লোকে।

পিছে এইবাৰ কিদৰে কাম কৰিব হেকাৰে? জানিব পৰা মতে এই ক্ষেত্ৰত আপোনাৰ মোবাইলত চেভ হৈ নম্বৰৰ পৰাই বাৰ্তা আহিব। এনে কথাই হয়তো আপোনাকো ভবাই তুলিব পাৰে, চেভ হৈ থকা নম্বৰৰ পৰা কিদৰে আপোনাক ফান্দত পেলাব পাৰে! তথ্য মতে এই প্ৰতাৰণাৰ জাল এক চেইন চিষ্টেমত চলি আছে।

কিদৰে হেক কৰা হয়?

যেতিয়াই কোনো নম্বৰ হেক হয়, তেতিয়াই সেই নম্বৰৰ পৰা এই বাৰ্তা চেভ হৈ থকা সকলো নম্বৰলৈ প্ৰেৰণ কৰা হয়। এই মেছেজটোত লিখা থাকে, ‘তোমাৰ এখন ছবি পাইছো’। ইয়াৰ লগতে এটা লিংক সংযোজিত হৈ থাকে। যেতিয়া এই লিংকটোত ক্লিক কৰিব তেতিয়া আপোনাৰ ফোন নম্বৰ দিব লাগিব।

কিন্তু এয়া দৰাচলতে হেকাৰে পেলোৱা এক ফান্দ। ইয়াত ফোন নম্বৰ দি ভেৰিফাই কৰাৰ লগে লগে দেউলিয়া হ’ব আপুনি। কিয়নো ইয়াৰ পিছত হোৱাটছএপৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আন কোনোবা অৰ্থাৎ হেকাৰৰ হাতলৈ যাব। এনে পৰিস্থিতিত হেকাৰে আপোনাৰ হোৱাটছএপৰ জৰিয়তে যি বিচাৰে সেয়াই কৰিব পাৰে।

বিশেষজ্ঞই দিছে সকীয়নি

লক্ষণীয়ভাৱে হেকাৰৰ এই কাৰ্যৰ বিষয়ে আপুনি কোনো সম্ভেদেই নাপাব। এতিয়ালৈকে অৱশ্যে এই প্ৰক্ৰিয়া কেৱল চেক গণৰাজ্যতহে দেখা গৈছে। কিন্তু এই পৰিস্থিতি সমগ্ৰ বিশ্বলৈ বিয়পি পৰাৰ পূৰ্বে আপুনিও সচেতন হোৱাটো প্ৰয়োজনীয়। হেকাৰৰ এই ফান্দ ক্ৰমান্বয়ে সমগ্ৰ বিশ্বতে বিয়পিব পাৰে বুলি বিশেষজ্ঞসকলে সকীয়াই দিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...