এনফিল্ডপ্ৰেমী যুৱক-যুৱতীৰ বাবে সুখবৰঃ বজাৰলৈ আহিব Himalayan 750, থাকিব এনে সুবিধা

গ্ৰাহকৰ মাজত থকা সমাদৰৰ প্ৰতি লক্ষ্য ৰাখি ৰয়েল এনফিল্ডে নিজৰ অন্যতম জনপ্ৰিয় বাইক ‘হিমালয়ান’ এক নতুন ৰূপত আগবঢ়াবলৈ সাজু হৈছে। প্ৰকাশিত খবৰ অনুসৰি, ৰয়েল এনফিল্ডে শীঘ্ৰেই মুকলি কৰিব হিমালয়ান ৭৫০।

এনফিল্ডপ্ৰেমী যুৱক-যুৱতীৰ বাবে সুখবৰঃ বজাৰলৈ আহিব Himalayan 750, থাকিব এনে সুবিধা

প্ৰতিনিধিত্বমূলক ছবি

Published: 

24 Aug 2025 | 09:31 PM

দেশৰ বজাৰৰ লগতে বিশ্বৰ বজাৰতো যথেষ্ট সুনাম আছে ৰয়েল এনফিল্ডৰ কোম্পানীটোৰ বাইকসমূহৰ প্ৰতি গ্ৰাহকে দেখুৱাই আহিছে অত্যন্ত আগ্ৰহ বিশেষকৈ যুৱকযুৱতীসকলৰ মাজত ৰয়েল এনফিল্ডৰ বাইকৰ অত্যন্ত জনপ্ৰিয়তা দেখা যায় গ্ৰাহকৰ মাজত থকা সমাদৰৰ প্ৰতি লক্ষ্য ৰাখি ৰয়েল এনফিল্ডে নিজৰ অন্যতম জনপ্ৰিয় বাইক হিমালয়ানএক নতুন ৰূপত আগবঢ়াবলৈ সাজু হৈছে প্ৰকাশিত খবৰ অনুসৰি, ৰয়েল এনফিল্ডে শীঘ্ৰেই মুকলি কৰিব হিমালয়ান ৭৫০।

এই বাইকখন ইতিমধ্যে পৰীক্ষামূলকভাৱে দেশৰ পথত নমোৱা পৰিলক্ষিত হৈছে এই বাইকখনত Alloy wheels’ থাকিব ৰয়েল এনফিল্ড হিমালয়ান ৭৫০ বাইকখনত ৭৫০ চিচি পেৰেলেল টুইন চিলিণ্ডাৰ ইঞ্জিন থাকিব পাৰে। এই ইঞ্জিনটো বৰ্তমানৰ ৬৫০ চিচি ইঞ্জিনৰ উন্নীত সংস্কৰণ।

এই ইঞ্জিনে ৫০ হৰ্চপাৱাৰ আৰু ৬০ নিউটন মিটাৰ টৰ্ক শক্তি উৎপন্ন কৰিব পাৰে। ইয়াৰ উপৰিও এই ইঞ্জিনত ৬ স্পীড গিয়াৰবক্স থাকিব পাৰে। ৰয়েল এনফিল্ড হিমালয়ান ৭৫০ বাইকত নতুনকৈ ডিজাইন কৰা চেছিছ তথা ফ্ৰেম উপলব্ধ ব। এই বাইকখনৰ সন্মুখৰ চকা ১৯ ইঞ্চি আৰু পিছফালৰ এলয় হুইলছ ১৭ ইঞ্চিৰ ব।

হিমালয়ান ৪৫০ অফ-ৰোডিঙৰ বাবে ডিজাইন কৰা হৈছিল যদিও হিমালয়ান ৭৫০ বিশেষভাৱে ক্ৰুজিঙৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা বুলি জানিব পৰা গৈছে। সেইবাবেই এই বাইকখন টিউবলেছ টায়াৰ বা হাইৱে-ফ্ৰেণ্ডলি আৰামদায়ক ৰাইডিং চেট-আপৰ সৈতে ডিজাইন কৰা হৈছে বুলি কোৱা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...