ভাৰতীয় ৰে’লৱেৰ নতুন এপ RailOne মুকলি, টিকট বুকিঙকে ধৰি কি কি সুবিধা লাভ কৰিব ?
RailOne হৈছে এটা চুপাৰ এপ, CRIS (Centre for Railway Information Systems) দ্বাৰা বিকশিত আৰু IRCTCৰ সৈতে সংযুক্ত। এই এপটোৰ জৰিয়তে যাত্ৰীসকলে এটা স্থানৰ পৰা টিকট বুকিঙৰ পৰা আৰম্ভ কৰি প্ৰয়োজন হ’লে অভিযোগ দাখিল কৰিব পাৰিব।

প্ৰতীকী ফটো
এতিয়া ভাৰতীয় ৰে’লৱেৰ সৈতে জড়িত সকলো ডিজিটেল সেৱা একেটা প্লেটফৰ্মতে উপলব্ধ হ’ব। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মুকলি কৰিছে এটা নতুন ছুপাৰ এপ RailOne। যাৰ ফলত যাত্ৰীসকলৰ বাবে ৰে’ল সেৱা পূৰ্বতকৈ সহজ হৈ পৰিব। এই এপটোৰ উদ্দেশ্য হৈছে যাত্ৰীসকলক বাৰে বাৰে বিভিন্ন এপ্লিকেচন ডাউনলোড কৰাৰ হেঁচাৰ পৰা মুক্ত কৰা।
RailOne এপ কি?
RailOne হৈছে এটা চুপাৰ এপ, CRIS (Centre for Railway Information Systems) দ্বাৰা বিকশিত আৰু IRCTCৰ সৈতে সংযুক্ত। এই এপটোৰ জৰিয়তে যাত্ৰীসকলে এটা স্থানৰ পৰা টিকট বুকিং কৰিব পাৰিব, ৰে’লৰ লাইভ ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব, খাদ্য অৰ্ডাৰ কৰিব পাৰিব, প্লেটফৰ্মৰ টিকট ল’ব পাৰিব আৰু লগতে প্ৰয়োজন হ’লে অভিযোগ দাখিল কৰিব পাৰিব।
এই এপটো বৰ্তমান বিটা টেষ্টিং চলি আছে যদিও অতি সোনকালে গুগল প্লে ষ্ট’ৰ আৰু এপল এপ ষ্ট’ৰত সকলো ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ হ’ব।
RailOne এপ কেনেকৈ ডাউনলোড কৰিব?
আপোনাৰ মোবাইলত গুগল প্লে ষ্ট’ৰ বা এপল এপ ষ্ট’ৰ খুলিব। সন্ধান বাৰত RailOne লিখক। CRIS ৰ এপ নিৰ্বাচন কৰক আৰু এপটো ডাউনলোড কৰক। ইয়াৰ পিছত মোবাইল নম্বৰত ৰেজিষ্টাৰ কৰি m-PIN চেট কৰক।
RailOne এপৰ সুবিধাসমূহ
এতিয়া বেলেগ বেলেগ এপ ডাউনলোড কৰাৰ প্ৰয়োজন নাই। একেটা প্লেটফৰ্মতে উপলব্ধ হ’ব সকলো ৰে’ল সেৱা। টিকট বুকিঙৰ পৰা অভিযোগ দাখিল কৰালৈকে সকলো কাম মাত্ৰ কেইটামান ক্লিকতে হৈ যাব। আপোনাৰ তথ্য m-PIN আৰু সুৰক্ষিত Login System ৰ সৈতে সম্পূৰ্ণৰূপে সুৰক্ষিত। এই এপটো এনেদৰে ডিজাইন কৰা হৈছে যাতে যাত্ৰীসকলে ইয়াক সহজে ব্যৱহাৰ কৰিব পাৰে।
উল্লেখ্য যে, এই এপে সম্পূৰ্ণৰূপে IRCTC এপৰ ঠাই ল’ব নোৱাৰে। বৰঞ্চ ইয়াক অতিৰিক্ত বিকল্প হিচাপে প্ৰৱৰ্তন কৰা হৈছে। IRCTC এপৰ সেৱা আগৰ দৰেই উপলব্ধ হৈ থাকিব। ইয়াৰ উপৰিও RailOne Super App ৰ জৰিয়তে আপুনি আন সেৱাসমূহো একেলগে লাভ কৰিব।
কোৱা হৈছে যে, RailOne কেৱল টিকট বুকিঙৰ বাবেই নহয়, ভৱিষ্যতে ইয়াত মেছেজিং, ছ’চিয়েল মিডিয়া, ই-কমাৰ্চ, পেমেণ্ট গেটৱেৰ দৰে সেৱাও সংযোজন কৰা হ’ব। এই এপটোৱে ডিজিটেল ইক’চিষ্টেমৰ দৰে কাম কৰিব, যিয়ে ব্যৱহাৰকাৰীসকলক উন্নত অভিজ্ঞতা প্ৰদান কৰিবলৈ সক্ষম হ’ব।