৮৫০০ টকাকৈ দিছে গুগলে! জানক কোনে আৰু কিদৰে লাভ কৰিব এই ধনৰাশি

সকলোৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে গুগলে কিয় দিছে ৮৫০০ টকা? এই প্ৰশ্নৰ উত্তৰ সকলোৱে জানিব বিচাৰে। আচলতে কোম্পানীটোৱে পিক্সেল ৬এ ব্যৱহাৰকাৰীৰ পৰা বেটাৰীৰ কাৰ্যকলাপ সন্দৰ্ভত অবিৰত অভিযোগ লাভ কৰিছিল। যাৰ বাবে এই ক্ষতিপূৰণৰ সিদ্ধান্ত লোৱা হৈছে।

৮৫০০ টকাকৈ দিছে গুগলে! জানক কোনে আৰু কিদৰে লাভ কৰিব এই ধনৰাশি

প্ৰতীকী ছবি

Published: 

07 Jul 2025 12:15 PM

গুগলে একাংশ গ্ৰাহকক দিছে ৮৫০০ টকা। এই খবৰ পোৱাৰ পাছত সকলোৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে গুগলে কিয় দিছে ৮৫০০ টকা? এই প্ৰশ্নৰ উত্তৰ সকলোৱে জানিব বিচাৰে। আচলতে কোম্পানীটোৱে পিক্সেল ৬এ ব্যৱহাৰকাৰীৰ পৰা বেটাৰীৰ কাৰ্যকলাপ সন্দৰ্ভত অবিৰত অভিযোগ লাভ কৰিছিল।

বেটাৰীৰ কোনো বিসংগতিৰ বাবে ফোনটো গৰম হৈ যোৱা বুলি একাংশ ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিছিল। ইয়াৰ পিছত গুগলে বেটাৰী পৰিৱৰ্তন কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছে। এই কাৰ্যসূচীৰ অধীনত কোম্পানীয়ে হয় বিনামূলীয়াকৈ বেটাৰী সলনি কৰি দিব, নহয় ক্ষতিপূৰণ হিচাপে আপোনাক ১০০ ডলাৰ (প্ৰায় ৮৫০০ টকা) দিয়া হ’ব।

ইয়াৰ উপৰিও কোম্পানীয়ে কাইলৈ ​​অৰ্থাৎ ৮ জুলাইৰ পৰা এণ্ড্ৰইড ১৬ আপডেট মুকলি কৰা হ’ব, যাতে পিক্সেল ৬এৰ বেটাৰীৰ পাৰ্ফৰমেন্স উন্নত হয় আৰু অতিমাত্ৰা গৰম হোৱাৰ আশংকা হ্ৰাস পায়।

এই ক্ষতিপূৰণ লাভৰ বাবে কোন কোন যোগ্য?

Pixel 6a চলোৱা সকলো ব্যৱহাৰকাৰীয়ে কোম্পানীটোৰ অনুমোদিত সেৱা কেন্দ্ৰলৈ গৈ বেটাৰী সলনি কৰিব পাৰে। যিসকলে বেটাৰী সলনি কৰিব নিবিচাৰে তেওঁলোকে Google Store Credit ত গৈ বিকল্প হিচাপে ১০০ ডলাৰ (প্ৰায় ৮৫০০ টকা) বা ১৫০ ডলাৰ (প্ৰায় ১২৮০০ টকা) বাছি ল’ব পাৰে।

এই ক্ষতিপূৰণৰ বাবে আপুনি যোগ্য নে নহয় পৰীক্ষা কৰিবলৈ কোম্পানীটোৰ Support Page লৈ যাওক, ইয়াত ক্লিক কৰি পোনপটীয়াকৈ পেজটোলৈ যাব পাৰে। এই পেজলৈ যোৱাৰ পিছত তলত দেখুওৱা কনফাৰ্ম বুটামটোত টিপক, পৰৱৰ্তী পেজত আপুনি ফোনটোৰ IMEI নম্বৰ দিব লাগিব। ইয়াৰ পিছত ডিভাইচটোৰ সৈতে সংযুক্ত ইমেইলটো দিয়ক আৰু ছাবমিট কৰক।

ইয়াত এটা কথা মন কৰিবলগীয়া যে স্থানীয় নিয়মৰ বাবে সকলো দেশতে নগদ ধন পৰিশোধৰ সুবিধা উপলব্ধ নহ’ব। পেমেণ্ট কোম্পানীয়ে আপোনাক থাৰ্ড পাৰ্টি পেয়নিয়াৰৰ জৰিয়তে প্ৰদান কৰিব, যাৰ বাবে ব্যৱহাৰকাৰীৰ পৰা আইডি প্ৰুফ আৰু পেন কাৰ্ডৰ দৰে সবিশেষ বিচাৰিব পাৰে। গুগলে কয় যে দৈনিক বিনিময় হাৰৰ ওপৰত নিৰ্ভৰ কৰিব চূড়ান্ত ধনৰাশি।

এই লোকসকলে নাপাব লাভ

গুগলে স্পষ্ট কৰি দিছে যে লিকুইড ডেমেজ বা হেণ্ডচেট ডেমেজ হোৱা ফোন বিনামূলীয়া বেটাৰী সেৱাৰ বাবে যোগ্য নহ’ব। ইয়াৰ বাহিৰেও যদি ফোনটো ৱাৰেণ্টীৰ অধীনত নহয় আৰু স্ক্ৰীণ ভাঙি যায়, তেন্তে ইয়াৰ বাবে কোম্পানীয়ে আপোনাৰ পৰা চাৰ্ভিচ মাচুল ল’ব।

বি:দ্ৰ: গুগলে কয় যে ২০২৫ চনৰ ২১ জুলাইৰ পৰা কানাডা, আমেৰিকা, জাৰ্মানী, যুক্তৰাজ্য (ইউ কে), জাপান, ছিংগাপুৰ আৰু ভাৰতৰ ৱাক-ইন মেৰামতি কেন্দ্ৰত বেটাৰী সলনি কৰাৰ সুবিধা উপলব্ধ হ’ব।

জিংকৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
ডায়েবেটিছ ৰোগীয়ে আম খাব পাৰে নে? চাওঁ আহক আমি সততে নজনা কিছু কথা
খালী পেটত গ্ৰীণ টী খোৱাটো ক্ষতিকাৰক নেকি? পাৰ্শ্বক্ৰিয়া আৰু সেৱন কৰাৰ উত্তম সময় জানক
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই লক্ষণসমূহক আওকাণ কৰিলে বিপদত পৰিব পাৰে...