ইণ্টাৰনেট অবিহনেও চলাব পাৰিব গুগল মেপ, পথৰ সন্ধান হ’ব সহজ! এতিয়াই জানি লওক সহজ টিপছ

সঠিক ইণ্টাৰনেট সংযোগ নাথাকিলে গুগল মেপৰ সহায় লাভত সমস্যাৰ সৃষ্টি হয়। কিন্তু আপুনি জানেনে যে ইণ্টাৰনেট বন্ধ হৈ থকাৰ সময়তো গুগল মেপে নিৰ্ভৰযোগ্য দিশ নিৰ্দেশনা দিব পাৰে? কিদৰে এয়া সম্ভহ হয়, জানিবলৈ পঢ়ক।

ইণ্টাৰনেট অবিহনেও চলাব পাৰিব গুগল মেপ, পথৰ সন্ধান হ’ব সহজ! এতিয়াই জানি লওক সহজ টিপছ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

23 Dec 2025 10:37 AM

বৰ্তমান সময়ত গুগল মেপ মানুহৰ বিপদৰ বন্ধু। কোনো অচিনাকি স্থানলৈ যাত্ৰাৰ সময়ত পথৰ সন্ধানৰ ক্ষেত্ৰত গুগল মেপ এক নিৰ্ভৰযোগ্য সকাহ হৈ পৰে। পিছে সঠিক ইণ্টাৰনেট সংযোগ নাথাকিলে গুগল মেপৰ সহায় লাভত সমস্যাৰ সৃষ্টি হয়। কিন্তু আপুনি জানেনে যে ইণ্টাৰনেট বন্ধ হৈ থকাৰ সময়তো গুগল মেপে নিৰ্ভৰযোগ্য দিশ নিৰ্দেশনা দিব পাৰে? হয়! গুগল মেপৰ অফলাইন মোডৰ সহায়ত আপুনি এই কাম কৰিব পাৰে। পিছে এই সুবিধা আপুনি কিদৰে ব্যৱহাৰ কৰিব পাৰিব?

গুগল মেপৰ এই সুবিধাৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে আগতীয়াকৈ মেপসমূহ ডাউনলোড কৰাৰ অনুমতি লাভ কৰে। এইদৰে নেটৱৰ্ক নথকাৰ সময়তো নেভিগেচন অব্যাহত ৰাখিবলৈ অনুমতি দিয়ে। এই সুবিধা বিশেষকৈ ভ্ৰমণৰ সময়ত, পাহাৰীয়া অঞ্চলত বা দুৰ্বল নেটৱৰ্ক কভাৰেজ থকা অঞ্চলত অতি উপযোগী বিবেচিত হয়।

গুগল মেপৰ অফলাইন মোড কি?

গুগল মেপৰ অফলাইন মোডে ব্যৱহাৰকাৰীক নিজৰ ফোনত এক নিৰ্দিষ্ট অঞ্চলৰ মেপ ডাউনলোড কৰি ৰাখিবলৈ অনুমতি দিয়ে। এই মেপ ফোনৰ ষ্ট’ৰেজত সংৰক্ষিত হয় আৰু পিছত ইণ্টাৰনেট বন্ধ হৈ থকাৰ সময়তো ব্যৱহাৰ কৰিব পাৰি। অফলাইন অৱস্থাত ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ অৱস্থান চাব পাৰে আৰু টাৰ্ণ-বাই-টাৰ্ণ নেভিগেচন ব্যৱহাৰ কৰিব পাৰে।

অফলাইন মেপ কিদৰে ডাউনলোড কৰিব

অফলাইন মেপ ডাউনলোড কৰিবলৈ প্ৰথমে গুগল মেপ এপ খুলি চাৰ্চ বাৰত চহৰ বা অঞ্চলৰ নাম লিখক। লোকেচন কাৰ্ডত ‘Download Offline Map’ বিকল্প দেখা পাব। এই বিকল্পত ক্লিক কৰিলে মেপ আপোনাৰ ফোনত ডাউনলোড হ’ব। অফলাইন মোডত গুগল মেপে যাত্ৰাৰ পথ প্ৰদৰ্শন কৰে আৰু ব্যৱহাৰকাৰীক সঠিক দিশত গাইড কৰে।

এই অফলাইন মেপত নিৰ্দিষ্ট অঞ্চলটোৰ পথসহ আৰু মূল লেণ্ডমাৰ্কসমূহ স্পষ্টকৈ দেখা যায়। জিপিএছে ইণ্টাৰনেট অবিহনে কাম কৰে বাবে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ লাইভ লোকেচনো নিৰ্ভুলকৈ চাব পাৰে। সম্পূৰ্ণ অফলাইন হ’লেও এই মেপৰ নেভিগেচননিৰ্ভৰযোগ্য হৈ থাকে। গতিকে এই সুবিধা নিশ্চিতভাৱে দীঘলীয়া যাত্ৰাৰ সময়ত অতি সহায়ক প্ৰমাণিত হয়।

এই দিশৰ প্ৰতিও মন দিয়ক

অফলাইন গুগল মেপে অৱশ্যে লাইভ ট্ৰেফিক আপডেট, পথ পৰিৱৰ্তন, ৰাজহুৱা পৰিবহণ ইত্যাদি তথ্য প্ৰদান নকৰে। তদুপৰি অফলাইন মেপসমূহ এটা নিৰ্দিষ্ট সময়ৰ পিছত স্বয়ংক্ৰিয়ভাৱে ম্যাদ উকলি যায়, গতিকে সময়ে সময়ে আপডেট কৰাটো গুৰুত্বপূৰ্ণ। উপযুক্ত অঞ্চলৰ মেপ ডাউনলোড কৰি যাত্ৰা কৰাৰ পূৰ্বে ফোনৰ ষ্ট’ৰেজ পৰীক্ষা কৰাটো ভাল।

আপোনাৰ কলেষ্টেৰলৰ সমস্যা হ্ৰাস কৰিব পাৰে তুলসীয়ে! জানি লওক ব্যৱহাৰৰ সঠিক উপায়
প্ৰতিদিনে পুৱা তুলসী পানী খালে শৰীৰৰ কি কি লাভ হয়? জানক...
এই ৫ বিধ খাদ্যই দুৰ্বল কৰে মগজু! জানক সকলো...
ব্লাড চুগাৰৰ মাত্ৰা হঠাতে হ্ৰাস পালে কি কৰিব! এতিয়াই জানি লওক এইবিষয়ে
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...