হিন্দী জানে নেকি? তেন্তে মাহে লাভ কৰিব ১০ লাখ টকা দৰমহা, কেনেকৈ জানক…

মেটাই ব্যৱহাৰকাৰীক আকৰ্ষিত কৰিবলৈ নিতৌ ন ন পদক্ষেপ গ্ৰহণ কৰে। এইবাৰ হিন্দী ভাষাৰ ওপৰত বিশেষ কাম কৰি আছে মেটাই। যদি এয়া সম্পূৰ্ণ হয় তেন্তে পৰৱৰ্তী সময়ত প্ৰযুক্তিৰ ক্ষেত্ৰত ডাঙৰ পৰিবৰ্তন হ'ব পাৰে।

হিন্দী জানে নেকি? তেন্তে মাহে লাভ কৰিব ১০ লাখ টকা দৰমহা, কেনেকৈ জানক...

মেটা

Published: 

12 Sep 2025 11:12 AM

আপুনি হিন্দী ভাষা জানে নেকি? যদি জানে তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। ফেচবুকৰ মূূল কোম্পানী মেটাই শেহতীয়াকৈ চাকৰিৰ বাবে আবেদন আহ্বান কৰিছে। সবাতোকৈ সুখবৰ এয়াই যে এই কামৰ বাবে মেটাই নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি ঘন্টাত ৫৫ ডলাৰ দিব। যদি আপুনি কমেও ২৫ দিন আৰু ৮ ঘন্টা কাম কৰে তেন্তে আপোনাৰ উপাৰ্জন ৯ লাখ ৭২ হাজাৰ টকা হ’ব। অৰ্থাৎ এক মাহতে আপুনি প্ৰায় ১০ লাখ টকা উপাৰ্জন কৰিব পাৰিব। আচলতে মেটাই ভাৰতীয় বজাৰ দখল কৰিবলৈ এই নতুন ব্যৱস্থা হাতত লৈছে।

হিন্দী ক’ব পৰা এ আই (AI) বা আৰ্টিফিচিয়েল ইন্টেলিজেন্স ছাটবটছ (Chatbots) তৈয়াৰ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত কন্ট্ৰেক্টৰ নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে। এই কৰ্মীৰ মূল কাম হ’ল ইনষ্টাগ্ৰাম, হোৱাটছএপ আৰু মেচেঞ্জাৰৰ বাবে আকৰ্ষণীয় ছাটবট তৈয়াৰ কৰা। ইয়াৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তাই কেৱল অনুবাদৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। ইয়াৰ সহায়ত ভাৰতীয় সংস্কৃতি আৰু আঞ্চলিকতাবাদৰ স্পৰ্শ দিবলৈ চেষ্টা কৰি এই উদ্যোগ গ্ৰহণ কৰিছে।

অৰ্হতা

এই পদৰ বাবে হিন্দী ভাষাৰ ওপৰত জ্ঞান থাকিব লাগিব। আবেদনকাৰীৰ গল্প লিখা-কোৱা আৰু কন্টেন্ট ডিজাইনৰ ক্ষেত্ৰতো নূন্যতম দক্ষতা থাকিব লাগিব। এই ক্ষেত্ৰত ৬ বছৰৰ অভিজ্ঞতা থাকিব লাগিব বুলি এই সংস্থাটোৱে কয়। ইয়াৰোপৰি প্ৰাৰ্থীৰ  প্ৰমপ্ট ইঞ্জিনিয়াৰিং আৰু এআই কন্টেন্ট পাইপলাইনৰ জ্ঞান থাকিব লাগিব। প্ৰাৰ্থীৰ স্থানীয় ভাষাৰ জ্ঞান থকাও আৱশ্যক।  Equation আৰু Aquent Talent ৰ দৰে ফার্মে হিন্দী, ইণ্ডোনেছিয়ান আৰু স্পেনিছ ভাষাৰ পদৰ বাবে এই নিযুক্তি ঘোষণা কৰিছে।

মাৰ্ক জুকাৰবাৰ্গে ইয়াৰ সহায়ত ভৱিষ্যতৰ এনে এক কল্পনা কৰিছে য’ত কৃত্ৰিম বুদ্ধিমত্তাৰ ছাটবট মানুহৰ বন্ধুৰ দৰে হৈ পৰিব। কিন্তু এই পদক্ষেপক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে মেটা ছাটবটৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হৈছিল। বিশ্বব্যাপী তথ্য বিনিময়, বৈষম্যমূলক পদ্ধতি আৰু ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছিল।

উল্লেখ্য যে, ভাৰতৰ বিশাল বজাৰখন বিশ্বৰ যিকোনো সংস্থাৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি ক’ব পাৰি। সেই বজাৰখন মেটাই কেৱল ব্যৱহাৰকাৰী হিচাপে চোৱা নাই। তেওঁলোকে এনে এক AI chatbots তৈয়াৰৰ কৰা যো জা কৰিছে যিয়ে ভাৰতৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে জ্ঞাত হ’ব। যদি এই পদক্ষেপ সফল হয় তেন্তে ই ডিজিটেল ইণ্ডিয়াক বহু পৰিমাণে সলনি কৰিব পাৰে। কিন্তু যিকোনো কৃত্ৰিম বুদ্ধিমত্তাৰ লগত বহুতো বিপদজনক দিশো জড়িত হৈ থাকে। গতিকে সেই দিশসমূহ এই মুহূৰ্তত মেটাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।

 

অন্য খবৰ পঢ়কঃ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ জেল! অপৰাধ কি? প্ৰতিক্ৰিয়া প্ৰকাশ ড’নাল্ড ট্ৰাম্পৰ…

দৈনিক ৰঙা চাহ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নে বেয়া? শৰীৰত কি প্ৰভাৱ পৰে জানক...
সম্পৰ্ক কেনেকৈ ধৰি ৰাখিব, ক'লে প্ৰেমানন্দ মহাৰাজে
দৈনিক এনে লক্ষণ দেখা পাইছে নেকি? হ’ব পাৰে হৃদৰোগৰ আগজাননী, বিপদৰ পূৰ্বেই হওক সাৱধান
ঘৰৰ মুখ্য দুৱাৰত ভুলতো ৰুব নালাগে এই গছ! আহে দৰিদ্ৰতা...