নচলে ট্ৰাম্পৰ দাদাগিৰি, ভাৰতত উৎপাদন হোৱা আইফোন বিক্ৰী হ’ব আমেৰিকাত!

যোৱা কেইটামান দিনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ভাৰতৰ প্ৰতি থকা ধাৰণা যেন বহু পৰিমাণে সলনি হৈছে। শেহতীয়াকৈ ট্ৰাম্পে ভাৰতত আইফোন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল।

নচলে ট্ৰাম্পৰ দাদাগিৰি, ভাৰতত উৎপাদন হোৱা আইফোন বিক্ৰী হব আমেৰিকাত!

ট্ৰাম্প

Published: 

18 May 2025 15:07 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক মন্তব্যই বাণিজ্যিক জগতত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এই মন্তব্যৰ বাবে আইফোনৰ নিৰ্মাণৰ ভৱিষ্যতক লৈ দেশত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিয়নো শেহতীয়াকৈ ট্ৰাম্পে ভাৰতত এপলৰ আইফোন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অসন্তুষ্ট প্ৰকাশ কৰিছিল। ভাৰতত এপলৰ আইফোন উৎপাদন কৰাতো ট্ৰাম্পে নিবিচাৰে। কিন্তু ট্ৰাম্পৰ অসন্তুষ্টিৰ পাছতো টিম কুকৰ লক্ষ্য পৰিছে আহিবলগীয়া আইফোনৰ ছিৰিজৰ ওপৰত। এপল ভাৰতে Phone 17 Pro ৰ উৎপাদন বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰোপৰি এই iPhone 17 Pro মডেল আমেৰিকাতো বিক্ৰী কৰা হ’ব।

ট্ৰায়েল

খবৰ অনুসৰি, এপলে ভাৰতত আইফোন ১৭ ছিৰিজৰ ট্ৰায়েল প্ৰডাকচনৰ কাম আৰম্ভ কৰিছে। এই পৰীক্ষণ ফক্সকন আৰু টাটা ইলেক্ট্ৰনিকছৰ সহযোগত চলি আছে। এই দুয়োটা কোম্পানীয়ে এপলৰ প্ৰধান নিৰ্মাতা কোম্পানীসমূহৰ ভিতৰত অন্যতম। এপলে আশা কৰিছে যে ২০২৬ চনৰ ভিতৰত আমেৰিকাত বিক্ৰী হোৱা সকলো আইফোন মেড ইন ইণ্ডিয়া হ’ব। অৱশ্যে ট্ৰাম্পৰ মন্তব্যৰ পাছতে এই পৰিকল্পনাৰ কিবা সাল-সলনি হৈছে নে নাই সেয়া সময়ত জানিব পৰা যাব। কিন্তু যোৱা কেইটামান দিনৰ কথাত এয়া স্পষ্ট হৈ পৰিঠে যে এপলে আহিবলগীয়া আইফোন ছিৰিজ ভাৰতত নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছে।

এপলৰ পৰিকল্পনা

তথ্য অনুসৰি আমেৰিকা চৰকাৰে বিগত সময়চোৱাত কেইবাবাৰো শুল্কৰ ক্ষেত্ৰত সিদ্ধান্ত সলনি কৰিছে। এনে পৰিস্থিতিত কোম্পানীটোৱে অপেক্ষা কৰি চাব বিচাৰিছে যে আমেৰিকা চৰকাৰে পাছলৈ কি সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতত আইফোন নিৰ্মাণ কৰি আমেৰিকাত যোগান ধৰাৰ পূৰ্বে কোম্পানীটোৱে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি অপেক্ষা কৰিব বিচাৰিছে।

উল্লেখ্য যে, কাটাৰ ভ্ৰমণলৈ যোৱা ট্ৰাম্পে এপলৰ চিইঅ টিম কুকক এনে এক কথা কৈছিল যিয়ে সমগ্ৰ বিশ্বক চাঞ্চল্য কৰি তুলিছিল। ট্ৰাম্পে কৈছিল যে, আমেৰিকাৰ বজাৰৰ বাবে ভাৰতৰ পৰা আইফোন আমদানি কৰা উচিত নহয়। ট্ৰাম্পে আমেৰিকাত আইফোন নিৰ্মাণ হোৱাতো বিচাৰিছিল। ইয়াৰ মাদতে এপলে ট্ৰাম্প চৰকাৰক জনাইছে যে অহা ৪ বছৰত কোম্পানীটোৱে আমেৰিকাত ৫০০ আৰৱ ডলাৰ বিনিয়োগ কৰিব। এপলে হিউষ্টনত এটা নতুন উৎপাদন কাৰখানা স্থান কৰাৰো যো-জা কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ মোবাইলৰ কভাৰত নোট বা কাগজ ৰাখে নেকি? তেন্তে সাৱধান, হ’ব পাৰে বিস্ফোৰণ, জানক সকলো…

শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ এই তিনিবিধ খাদ্য গ্ৰহণ কৰক...
পৃথিৱীৰ সবাতোকৈ বিপদজনক ৬ টা ৰোগ কি কি জানেনে? জানক...
গ্ৰীষ্মকালতো চাইনাছে আমনি কৰিব পাৰে, এই সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব ?
আই পি এলত আন এক কৃতিত্ব অৰ্জনৰ দিশে বিৰাট কোহলী, প্ৰয়োজন মাত্ৰ এটা চাৰিৰ…