কোনোবাই আপোনাৰ অশ্লীল ছবি ভাইৰেল কৰিলে কি কৰিব? সমালোচনাত হতাশ হৈ কোনো ডাঙৰ কিবা সিদ্ধান্ত নলৈ কৰক এই কাম

এখন ছবিৰ বাবে আপুনিতো জীৱনটো শেষ কৰিব নোৱাৰে । মানুহৰ ঠাট্টা-মস্কৰা থাকিবই, সেইটো স্বাভাৱিক । কিন্তু সেইবোৰ অতিক্ৰমী আপুনি আগুৱাই যোৱাৰ বাটটোও চিনি ল'ব লাগিব । প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আপুনি ইয়াৰ পৰা মুক্তি লাভ কৰিব পাৰে ।

কোনোবাই আপোনাৰ অশ্লীল ছবি ভাইৰেল কৰিলে কি কৰিব? সমালোচনাত হতাশ হৈ কোনো ডাঙৰ কিবা সিদ্ধান্ত নলৈ কৰক এই কাম

প্ৰতীকী ছবি

Published: 

26 May 2025 18:06 PM

ভাইৰেল, এই শব্দটোৰ সৈতে আপুনিও নিশ্চয় পৰিচিত । বৰ্তমান ইণ্টাৰনেট আৰু সামাজিক মাধ্য়মে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাই আহিছে । বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিচৰণ কৰি নেট নাগৰিকে বহুধৰণৰ খবৰেই লাভ কৰে । তাৰ পৰাই এই ভাইৰেল শব্দটোও সকলোৰে পৰিচিত হৈ পৰিছে ।

ভাইৰেল অৰ্থাত সহজ ভাষাত বিয়পি পৰা বা প্ৰসাৰিত হৈ যোৱা । কোনো এটা বিষয়ৰ ফটো বা ভিডিঅ’ যেতিয়া সৰ্বাধিক চৰ্চিত হয়, সকলোৰে ওচৰলৈ ই প্ৰসাৰিত হয়, তেতিয়া ইয়াক ভাইৰেল বুলি কোৱা হয় । ভাল বা বেয়া, ভাইৰেল দুই ধৰণেই হ’ব পাৰে । এই ধৰক এটি শিশুৱে খুব সুন্দৰভাৱে এটি গীত গাইছে আৰু হাজাৰ হাজাৰ মানুহে সেই ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । গতিকে শিশুটি ভাইৰেল । আকৌ কোনো এগৰাকী যুৱতীৰ এখন আপত্তিজনক ছবি কোনোৱে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে আৰু ছবিখন বহুতেই প্ৰত্যক্ষ কৰিছে বা শ্বেয়াৰ কৰিছে । সেয়াও কিন্তু ভাইৰেল । বহুতেই আকৌ ভাইৰেল হ’বলৈকে কিছুমান বিষয় বাচনি কৰি লয় ।

ভাইৰেল শব্দটোৰ ক্ষেত্ৰত আৰু এটা ঘটনা দেখা যায় । কোনো যুৱক-যুৱতীৰ মাজত থকা প্ৰেমৰ সম্পৰ্কত ফাঁট মেলিলে যুৱকে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰাৰ ভাবুকি দিয়ে । বহু যুৱতীৰ জীৱন এনে ঘটনাৰ বাবে নৰক সদৃশ হৈ পৰাৰ নজিৰো আছে । এনেবোৰ আপদৰ পৰা কেনেকৈ বাচিব পাৰি তাকেই প্ৰযুক্তিগতভাৱে আলোচনা কৰোঁ আহক ।

প্ৰেমিক-প্ৰেমিকাৰ বাবে বৰ্তমান সময়ত হোটেলত সময় কটোৱাতো একেবাৰে স্বাভাৱিক কথাৰ দৰে হৈ পৰিছে । যদিও তেওঁলোকে পাছতহে ইয়াৰ পৰিণাম বুজিব পাৰে । প্ৰায়েই শুনা যায় OYO হোটেলত যুৱক-যুৱতী বা কিশোৰ-কিশোৰীক উদ্ধাৰৰ খবৰ । নিবিড় মুহূৰ্ত কটোৱাৰ নামত বহুতেই লিপ্ত হয় গোপন অভিসাৰত । কেৱল অভিসাৰতেই সীমাবদ্ধ নাথাকি সেই মুহূৰ্ত ম’বাইলৰ কেমেৰাত বন্দী কৰি ৰাখে, দুয়োৱে বিবস্ত্ৰ অৱস্থাত ছবিও তোলে । পিছত কেতিয়া সম্পৰ্কত আঁউল লাগিলে সেই ছবিবোৰ ব্লেকমেইলৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায় । বহু ক্ষেত্ৰত এনে ব্লেক মেইলিঙৰ চিকাৰ হৈ বহু যুৱতী-কিশোৰীয়ে প্ৰাণ পৰ্যন্ত তেজিব লগা হৈছে । কিয়নো আবেগিক মুহূৰ্তত প্ৰেমিকলৈ পঠিওৱা নিজৰ গোপন ছবিখনেই তেওঁলোকৰ বাবে হৈ পৰে জীৱন নাশক বিহ স্বৰূপ ।

আমি এটা এটাকৈ বিষয়বোৰ উল্লেখ কৰি গৈছোঁ । এইবাৰ ভুৱা ফটোৰ প্ৰসংগটোও উল্লেখ কৰি লওঁ । তাৰ পাচত একেলগেই এইসমূহৰ পৰা পৰিত্ৰাণৰ উপায় উল্লেখ কৰিম । মাজতে এটা শব্দ প্ৰচলিত হৈছিল ডীপফেক বুলি । নেট দুনিয়াত বিচৰণ কৰা সকলে নিশ্চয় এই বিষয়ে জানে । এনেবোৰ ক্ষেত্ৰত কি কৰা হয় জানেনে, আপোনৰ ছবি কৃত্ৰিম বুদ্ধিমত্তাৰ জড়িয়তে নগ্ন ৰূপত উপস্থাপন কৰিব পাৰে দুষ্টচক্ৰই । আপুনি বুজিয়েই নাপাব যে সেয়া সঁচা নে মিছা ।

এনেকৈ মানুহৰ অশ্লীল ছবি প্ৰস্তুত কৰি বহুতেই ব্লেকমেইলৰ দ্বাৰা ধন ঘটিবলৈ অপচেষ্টা চলাই আহিছে । ইন্টাৰনেটত এনে ছবি ভাইৰেল হোৱাৰ পাচত মানুহে সেয়া সঁচা নে মিছা তাক বিচাৰ কৰিবলৈ নাযায় । চিধাই সেই বিশেষ মানুহগৰাকীক সমালোচনা কৰিবলৈ আৰম্ভ কৰে । বহুতেই এনে পৰিস্থিতিত দিক বিদিক হেৰুৱাই প্ৰাণ ত্যাগৰ দৰে সিদ্ধান্তও গ্ৰহণ কৰাৰ খবৰ পোৱা যায় ।

এই ধৰক কোনোবাই আপোনাৰ গোপন ছবি ভাইৰেল কৰিলে, আপোনাৰ (মহিলা) নগ্ন ছবি ইন্টাৰনেটত আপলোড কৰিলে, কোনো যুৱতী-কিশোৰীৰ গোপনীয় ছবি কোনো প্ৰেমিকে সামাজিক মাধ্যম বা ইন্টাৰনেটৰ আন মাধ্যমত আপলোড কৰিলে কি কৰিব বাৰু । এখন ছবিৰ বাবে আপুনিতো জীৱনটো শেষ কৰিব নোৱাৰে । মানুহৰ ঠাট্টা-মস্কৰা থাকিবই, সেইটো স্বাভাৱিক । কিন্তু সেইবোৰ অতিক্ৰমী আপুনি আগুৱাই যোৱাৰ বাটটোও চিনি ল’ব লাগিব । প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আপুনি ইয়াৰ পৰা মুক্তি লাভ কৰিব পাৰে ।

কেনেকৈ কৰিব এই কাম?

  • ইয়াৰ বাবে আপুনি আপোনাৰ মূল ছবিখন ৱেবছাইটত আপলোড কৰিব লাগিব । তাৰ পাচত আপোনাৰ ছবিৰ এটা ডিজিটেল ফিংগাৰপ্ৰিন্ট সৃষ্টি কৰে ।
  • এই ফিংগাৰপ্ৰিন্ট এটা বিশেষ এলগৰিদম ব্যৱহাৰ কৰি সৃষ্টি কৰা হয়, যিয়ে আপোনাৰ ফটোৰ পৰিচয়ক এটা অনন্য ক’ডলৈ ৰূপান্তৰ কৰে ।
  • ইয়াৰ পিছত ই ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে অংশীদাৰ ৱেবছাইটৰ সৈতে ফিংগাৰপ্ৰিন্টটো শ্বেয়াৰ কৰে যাতে কোনোবাই সেই ফটোখন আপলোড কৰিলে লগে লগে ব্লক বা আঁতৰাই পেলাব পাৰে ।
  • সহজভাৱে বুজি লওক, আপোনাৰ ফটোখনে এটা অদৃশ্য পৰিচয় লাভ কৰে আৰু যদি সেই একেখন ফটো পুনৰ ক’ৰবাত শ্বেয়াৰ কৰা হয়, তেন্তে ইণ্টাৰনেটৰ গেটকিপাৰসকলে লগে লগে চিনি পায় আৰু আনে দেখাৰ আগতেই আঁতৰাই পেলায় ।

এনেধৰণৰ ফটো ডিলিট কৰক

ইণ্টাৰনেটৰ পৰা আপোনাৰ ডিপফেক বা ব্যক্তিগত মুহূৰ্তৰ ফটো আঁতৰাবলৈ আপুনি প্ৰথমে StopNCII পৰ্টেললৈ যাব লাগিব । ইয়াৰ পিছত ইয়াত গোচৰটো পঞ্জীয়ন কৰিব লাগিব । এই কাম কৰাৰ পিছত সেই ফটো আৰু ভিডিঅ’বোৰ আপলোড কৰক যিবোৰ আপুনি ডিলিট কৰিব বিচাৰে । ইয়াৰ উপৰিও আপোনাৰ মূল ফটো আৰু ভিডিঅ’ও আপলোড কৰক । এনে ফটো-ভিডিঅ’ আপলোড কৰক যাৰ সৈতে এই অশ্লীল কন্টেন্টবোৰ প্ৰস্তুত কৰা হৈছিল । আপুনি পৰ্টেলত গোচৰৰ অৱস্থাও পৰীক্ষা কৰিব পাৰে ।

StopNCII পৰ্টেল কি?

StopNCII পৰ্টেলটো ৰিভেঞ্জ পৰ্ণ হেল্পলাইন (আৰ পি এইচ)ৰ দ্বাৰা পৰিচালিত হয় । আন্তঃৰাষ্ট্ৰীয় দাতব্য সংস্থা আৰ পি এইচৰ দাবী যে তেওঁলোকে হাজাৰ হাজাৰ লোকক সহায় কৰিছে । তেওঁলোকৰ ছবি আঁতৰোৱাৰ সফলতাৰ হাৰ ৯০ শতাংশ ।

বি:দ্ৰ: এই লেখাটো কেৱল তথ্যৰ বাবে । গুগলত ৰিভিউ আৰু তথ্য পঢ়াৰ পিছতহে এই ৱেবচাইটত আপোনাৰ ফটো আৰু ভিডিঅ’ আপলোড কৰিব । TV9-অসমে আপোনাক সম্পূৰ্ণ তথ্য অৱগত নোহোৱাকৈ ছবি আপলোড কৰাৰ পৰামৰ্শ নিদিয়ে ।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…