ইণ্টাৰনেটৰ অবিহনে মোবাইলৰ পৰা কেনেকৈ টকা পঠিয়াব পাৰি? জানক…

UPI ৰ ওপৰত নিৰ্ভৰ কৰিবলৈ গৈ বহু সময়ত বহু লোক বিপদত পৰে। কেতিয়াবা এনেকুৱা ঠাই বা পৰিস্থিতিৰ সৃষ্টি হয়, য'ত নেকি ইণ্টাৰনেট নাথাকে আৰু সেই সময়তে টকা পঠিয়াব লগা হয়। এনে পৰিস্থিতিত কি কৰিব? কিন্তু এতিয়া আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই।

ইণ্টাৰনেটৰ অবিহনে মোবাইলৰ পৰা কেনেকৈ টকা পঠিয়াব পাৰি? জানক...

UPI

Published: 

29 Jun 2025 18:20 PM

বৰ্তমান সময়ত লেনদেনত প্ৰায়ে UPI ব্যৱহাৰ কৰে। UPI ৰ ওপৰত নিৰ্ভৰ কৰিবলৈ গৈ বহু সময়ত বহু লোক বিপদত পৰে। কেতিয়াবা এনেকুৱা ঠাই বা পৰিস্থিতিৰ সৃষ্টি হয়, য’ত নেকি ইণ্টাৰনেট নাথাকে আৰু সেই সময়তে টকা পঠিয়াব লগা হয়। এনে পৰিস্থিতিত কি কৰিব? কিন্তু এতিয়া আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই।

ভাৰত চৰকাৰ আৰু NPCI (National Payments Corporation of India)য়ে এটা বিশেষ সেৱা আগবঢ়াইছে। ই হৈছে USSD ভিত্তিক UPI সেৱা, যিয়ে *99# নম্বৰৰ জৰিয়তে কাম কৰে। ইয়াৰ দ্বাৰা আপুনি ইণ্টাৰনেট অবিহনেও সহজে ধন ট্ৰেন্সফাৰ কৰিব পাৰিব।

*৯৯# ইউপিআই সেৱা কি?

*99# হৈছে USSD ভিত্তিক মোবাইল বেংকিং সেৱা, যাৰ সহায়ত আপুনি ইণ্টাৰনেট অবিহনে আৰু স্মাৰ্টফোন অবিহনে ধন পঠিয়াব পাৰে, বেলেঞ্চ চেক কৰিব পাৰে আৰু লগতে আপোনাৰ UPI PIN সলনি কৰিব পাৰে। এই সেৱাই ২৪×৭ কাম কৰে আৰু দেশৰ সকলো মোবাইল নেটৱৰ্ক (Airtel, Jio, Vi, BSNL ইত্যাদি)ত উপলব্ধ।

এই প্ৰক্ৰিয়া অনুসৰণ কৰক

ইণ্টাৰনেট অবিহনে টকা পঠিয়াবলৈ প্ৰথমে ফোনটোত *99# লিখি ডায়েল কৰক। ইয়াৰ পাছতে ভাষা নিৰ্বাচন কৰাৰ বিকল্প পাব। ইয়াত ১ ডায়েল কৰক। ইয়াৰ পিছত আপুনি যি UPI ID ত টকা পঠাব বিচাৰে তাৰ সবিশেষ লিখক। এই কাম কৰাৰ পিছত UPI PIN দিব লাগিব। পিন ভেৰিফাই হোৱাৰ পিছত পেমেণ্ট কৰক।

মনত ৰাখিব যে, ইয়াৰ জৰিয়তে আপুনি মাত্ৰ ৫০০০ টকাহে ট্ৰেন্সফাৰ কৰিব পাৰিব। এই প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি আপোনাৰ UPI পিনও সলনি কৰিব পাৰে।

UPI PIN কেনেকৈ চেট কৰিব?

আপোনাৰ মোবাইলত *99# লিখি ডায়েল কৰক। ভাষা আৰু টাইপ নিৰ্বাচন কৰি পঠাওক। UPI পিন নিৰ্ধাৰণ কৰাৰ বিকল্প নিৰ্বাচন কৰক। এই বিকল্পটো আপুনি ৫ নম্বৰত পাব।

এতিয়া ইয়াত আপোনাক বেংকৰ শেষৰ ৬টা সংখ্যা আৰু কাৰ্ডৰ মেয়াদ উকলি যোৱাৰ তাৰিখ (MMYY) দিব লাগিব। এইটোৱেই আপোনাৰ ডেবিট কাৰ্ডৰ সৈতে জড়িত তথ্য।

ইয়াৰ পাছত ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰত এটা OTP আহিব। OTP এণ্টাৰ কৰক। এতিয়া আপোনাক এটা নতুন UPI PIN তৈয়াৰ কৰিবলৈ কোৱা হ’ব। আপোনাৰ পছন্দৰ ৪ বা ৬ সংখ্যাৰ পিন দিয়ক আৰু তাৰ পিছত নিশ্চিত কৰক।

বহি লৈ নে থিয় হৈ! ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ কিদৰে শিৱলিংগত পানী ঢালিব লাগে?
সপ্তাহৰ কোনটো দিনত চুলি কটালে হ’ব পাৰে বিপদ, কোনটো দিনত কটালে পাব ভাল ফল!
ধনী হোৱাৰ ৫ টা উপায়! চাণক্যৰ এই নীতি মানিলে কেতিয়াও নহয় আৰ্থিক সমস্যা...
খালী পেটত চাহ খায় নেকি? হ’ব পাৰে এই ৩টা গুৰুতৰ সমস্যা...