গ্ৰীষ্মকালত বিদ্যুতৰ বিল কেনেকৈ হ্ৰাস কৰিব পাৰি ? স্মাৰ্ট টিপছ
আপোনাৰ বিদ্যুতৰ বিল বেছি আহে নেকি ? বিদ্যুতৰ খৰচ ৰাহি কৰাৰ কিছুমান উপায় আছে । এই উপায়েৰে আপুনি বছৰি হাজাৰ হাজাৰ টকাৰ বিদ্যুতৰ খৰচ ৰাহি কৰিব পাৰে । এই প্ৰতিবেদনৰ জৰিয়তে উপায়সমূহ জানক ।

বিদ্যুতৰ বিল হ্ৰাস কৰাৰ উপায়
গৰম দিনত প্ৰায়ে বিদ্যুতৰ বিল বৃদ্ধি পায় । এই সময়ছোৱাত এচি, ফেন বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত বিদ্যুতৰ খৰচো বৃদ্ধি পায় । এই ক্ষেত্ৰত আপোনাৰ কিছুমান সিদ্ধান্তই বিদ্যুতৰ খৰচ ৰাহি কৰিব পাৰে । আচলতে কেইটামান কথা গুৰুত্ব দিলে আপোনাৰ বিদ্যুতৰ খৰচ একেবাৰে হ্ৰাস পাব । পিছে আপুনি এই ক্ষেত্ৰত কৰি কৰিব লাগিব ? এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক ।
বিদ্যুতৰ খৰচ হ্ৰাস কৰিবলৈ কি কৰিব ?
- যদি আপুনি এচি ব্যৱহাৰ কৰে, তেন্তে আপুনি ইনভাৰ্টাৰ এচি ব্যৱহাৰ কৰিব পাৰে । কোৱা হয় যে, ইয়াত সাধাৰণ এচিতকৈ বহু কম বিদ্যুৎ খৰচ হয়। ইয়াৰ বিশেষত্ব হ’ল ই কোঠাটোৰ উষ্ণতা অনুসৰি কম্প্ৰেছাৰৰ গতি নিয়ন্ত্ৰণ কৰে, যাৰ বাবে বিদ্যুতৰ ব্যৱহাৰ বহু কম হয়।
- সঠিকভাৱে ফেন ব্যৱহাৰ কৰিও আপুনি হ্ৰাস কৰিব পাৰে বিদ্যুতৰ খৰচ । বহু সময়ত দেখা যায় যে ঘৰত কোনো নথকাৰ সময়তো ফেনখন চলি থাকে বা ফেনখন বন্ধ কৰিবলৈ পাহৰি যায় । এই অভ্যাসে বিদ্যুতৰ বিল বৃদ্ধি কৰে।
- অভেনৰ দৰে সঁজুলিয়ে বিশেষকৈ ষ্টেণ্ডবাই মোডত থাকিলে বিদ্যুতৰ খৰচ বৃদ্ধি পাব পাৰে । ব্যৱহাৰ কৰাৰ লগে লগে মূল চুইচৰ পৰা কানেকচন আঁতৰাই দিব লাগে ।
- একেদৰে এল ই ডি বাল্ব, ৫ ষ্টাৰ ৰেটেড ফ্ৰীজ আৰু স্মাৰ্ট ৱাশ্বিং মেচিন ব্যৱহাৰ কৰিলে বছৰি আপুনি বিদ্যুতৰ বিল ৰাহি কৰিব পাৰে ।
- ফোন চাৰ্জাৰ প্লাগ ইন কৰি ৰখা, টিভি ষ্টেণ্ডবাই মোডত ৰখা বা দিনত অপ্ৰয়োজনীয় লাইট জ্বলাই ৰখাৰ দৰে সৰু সৰু ভুলবোৰে বিদ্যুতৰ বিল বৃদ্ধি কৰে । এই ক্ষেত্ৰত সাৱধান হওক আৰু এই অভ্য়াস ত্যাগ কৰক । ইয়াৰ লগতে অপ্ৰয়োজনীয় ইলেট্ৰিক সামগ্ৰী ব্যৱহাৰ বন্ধ কৰক ।