যদি UPIৰ জৰিয়তে ভুল পেমেণ্ট কৰা হয় তেন্তে তৎক্ষণাত এই কাম কৰক, টকা ঘূৰাই পাব…

ভুলতে অন্য কোনো অচিনাক্ত ব্যক্তিলৈ ধন ট্ৰেন্সফাৰ কৰিছে নেকি ? যদি কৰিছে তেন্তে সেই ধন আকৌ আপোনাৰ একাউণ্টলৈ ঘূৰাই আনিব পাৰিছেনে ? এনে সমস্যাৰ সন্মুখীন হ’লে তৎক্ষণাত ধন ঘূৰাই আনিবলৈ কেইটামান পদক্ষেপ গ্ৰহণ কৰিব পাৰে । এই পদক্ষেপ কেইটাই আপোনাক লোকচানৰ হোৱাৰ পৰা ৰক্ষা কৰিব ।

যদি UPIৰ জৰিয়তে ভুল পেমেণ্ট কৰা হয় তেন্তে তৎক্ষণাত এই কাম কৰক, টকা ঘূৰাই পাব...

ইউপিআই সেৱা

Published: 

08 Sep 2024 | 04:17 PM

আপুনি UPI জৰিয়তে ভুলতে অন্য কোনো অচিনাক্ত ব্যক্তিলৈ ধন ট্ৰেন্সফাৰ কৰিছে নেকি ? যদি কৰিছে তেন্তে সেই ধন আকৌ আপোনাৰ একাউণ্টলৈ ঘূৰাই আনিব পাৰিছেনে ? এনে সমস্যাৰ সন্মুখীন হ’লে তৎক্ষণাত ধন ঘূৰাই আনিবলৈ কেইটামান পদক্ষেপ গ্ৰহণ কৰিব পাৰে । এই পদক্ষেপ কেইটাই আপোনাক লোকচানৰ হোৱাৰ পৰা ৰক্ষা কৰিব ।

বেংক বা ইউপিআই সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক

ধন ঘূৰাই পাবলৈ আপোনাৰ বেংক বা ইউপিআই সেৱা প্ৰদানকাৰীৰ সৈতে তৎক্ষণাত যোগাযোগ কৰক। যিমানেই সোনকালে অভিযোগ দাখিল কৰিব সিমানেই আপোনাৰ ভুলতে ট্ৰেন্সফাৰ কৰা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা বেছি।

ভুল ইউপিআইৰ বিষয়ে সম্পূৰ্ণ তথ্য প্ৰদান কৰক

ভুল ইউপিআই আইডিকে ধৰি লেনদেনৰ সম্পূৰ্ণ বিৱৰণ আপোনাৰ বেংক বা ইউপিআই সেৱা প্ৰদানকাৰীৰ সৈতে শ্বেয়াৰ কৰক। কাৰণ বেছিভাগ বেংক আৰু ইউপিআই সেৱা প্ৰদানকাৰীৰ এনে সমস্যাৰ সৈতে মোকাবিলা কৰাৰ পদ্ধতি থাকে।

গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰক

সম্ভৱ হ’লে যিজন ব্যক্তিক আপুনি ভুলতে ধন ট্ৰেন্সফাৰ কৰিছিল তেওঁৰ সৈতে যোগাযোগ কৰক। ভদ্ৰভাৱে ভুলটো আঙুলিয়াই দিয়ক আৰু ধন ঘূৰাই দিবলৈ অনুৰোধ কৰক। ইয়াৰ দ্বাৰা দ্ৰুত সমাধান পোৱা যাব। এই ক্ষেত্ৰত আপুনি শালীনতাৰ বজাই ৰাখি কথা-বতৰা পাতিব লাগিব ।

এন পি চি আইত অভিযোগ দাখিল কৰক

যদি অন্য পদক্ষেপসমূহ বিফল হয়, তেন্তে ইউপিআই ব্যৱস্থাক তদাৰক কৰা এনপিচিআইৰ ওচৰত অভিযোগ দাখিল কৰক। তেওঁলোকে সমস্যাটো তদন্ত কৰি সমাধান কৰিব। ইয়াৰ বাবে আপুনি এন পি চি আইৰ ৱেবছাইটত গৈ বা ইয়াৰ টোল ফ্ৰী নম্বৰ ১৮০০-১২০-১৭৪০ নম্বৰত ফোন কৰি অভিযোগ দাখিল কৰিব পাৰে। ২৪ ঘণ্টাই এই সেৱা উপলব্ধ ।

আইনী সহায় বিচাৰিব

লেনদেন আৰু অভিযোগৰ সৈতে জড়িত সকলো নথি-পত্ৰ সুৰক্ষিত ৰাখক। শেষ উপায় হিচাপে যদি আপুনি জালিয়াতিৰ সন্দেহ কৰে তেন্তে আৰক্ষীৰ কাষ চাপিব পাৰে । যদি আৰক্ষীয়ে আপোনাৰ অভিযোগক গুৰুত্বসহকাৰে লোৱা নাই তেন্তে আপুনি আদালতৰ আশ্ৰয় ল’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...