PAN Card Rules: ডিচেম্বৰৰ পৰি নিষ্ক্ৰিয় হৈ পৰিব PAN কাৰ্ড, ভৰিব লাগিব জৰিমনা! যদি কৰা নাই এই কাম…

Aadhaar-Pan Card Link: বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ নথিৰ ভিতৰত আধাৰ কাৰ্ড আৰু পেন কাৰ্ড অন্যতম। কিন্তু পেন কাৰ্ড আধাৰৰ সৈতে লিংকৰ কৰা দৰকাৰ। যদি আপুনি এই কাম কৰা নাই তেন্তে নিষ্ক্ৰিয় হৈ পৰিব পাৰে পেন কাৰ্ড।

PAN Card Rules: ডিচেম্বৰৰ পৰি নিষ্ক্ৰিয় হৈ পৰিব PAN কাৰ্ড, ভৰিব লাগিব জৰিমনা! যদি কৰা নাই এই কাম...

আধাৰ-পেন লিংক

Published: 

05 Dec 2025 | 11:48 AM

বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ নথিৰ ভিতৰত আধাৰ কাৰ্ড (Aadhaar Card) আৰু পেন কাৰ্ড (PAN Card) অন্যতম। কিন্তু পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ অতি প্ৰয়োজন। যদি কৰা নাই তেন্তে শীঘ্ৰেই কৰক। ৩১ ডিচেম্বৰৰ ভিতৰত আপুনি যদি আধাৰ-পেন কাৰ্ড লিংকৰ নকৰে তেন্তে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব। আয়কৰ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। আয়কৰ আইনৰ ১৩৯এএ(২এ) ধাৰা অনুসৰি আধাৰ-পান কাৰ্ড লিংক সকলোৰে বাবে বাধ্যতামূলক।

কি সমস্যা হ’ব পাৰে

যদি আপোনাপ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক নাথাকে তেন্তে পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব। ইয়াৰ পাছত আয়কৰ দাখিল কৰা, কৰ ঘূৰাই দিয়া, বেংকিং লেনদেন বা ষ্টক মাৰ্কেটত বিনিয়োগ কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি পেন কাৰ্ড নিষ্ক্ৰিয় কৰা হয় তেন্তে TDS/TCS অধিক কৰ্তন কৰা হ’ব। ইয়াৰোপৰি জ্যেষ্ঠ নাগৰিকৰ বাবে উপলব্ধ বিভিন্ন ৰেহাই আৰু চেভিংছ একাউণ্টৰ সুবিধা নাথাকিব। বেংকত KYC ব্লক হ’ব পাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, চলিত বৰ্ষৰ ৩ এপ্ৰিলত এই গাইডলাইন জাৰি কৰিছিল চিবিডিটিয়ে। আধাৰ নামভৰ্তি আইডি ব্যৱহাৰ কৰি যিসকলে পেন কাৰ্ড তৈয়াৰ কৰিছে তেওঁলোকে ৩১ ডিচেম্বৰৰ ভিতৰত আধাৰ-পেন লিংক(Aadhaar-PAN Card Link)  কৰিব লাগিব। এই সময়সীমাৰ ভিতৰত যদি আধাৰ-পেন লিংক কৰে তেন্তে কোনো ধৰণৰ জৰিমণা ভৰিব নালাগে। অন্যথা ১০০০ টকা জৰিমনা ভৰিব লাগিব।

আধাৰ-পেন কেনেকৈ লিংক কৰিব?

  • ঘৰৰ পৰাই আধাৰ-পেন কাৰ্ড লিংক কৰিব পাৰিব।
  • ইয়াৰ বাবে প্ৰথমে আয়কৰ ই-ফাইলিং পৰ্টেললৈ যাব লাগিব।
  • তাৰ পিছত Link Aadhaar option ত ক্লিক কৰিব লাগিব।
  • এতিয়া পেন, আধাৰ নম্বৰ আৰু নাম লিখক।
  • পাছত OTP টো দিয়ক
  • সময়মতে লিংক নকৰিলে আপুনি ১০০০ টকা জৰিমনা ভৰিব লাগিব।
  • এতিয়া লিংক ৰিকুৱেষ্ট চাবমিট কৰক।
  • তিনিৰ পৰা পাঁচ দিনৰ ভিতৰত আধাৰ-পেন লিংক হৈ যাব।

PAN কাৰ্ড নিষ্ক্ৰিয় হ’লে কি কৰিব?

  • যদি আপোনাৰ পেন কাৰ্ড ইতিমধ্যে নিষ্ক্ৰিয় হৈ পৰিছে, তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই।
  • প্ৰথমে আয়কৰ পৰ্টেললৈ যাওক
  • এতিয়া ই-পে টেক্সৰ জৰিয়তে ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব।
  • তাৰ পিছত PAN-Aadhaar linking process সম্পূৰ্ণ কৰক।
  • এতিয়া ৩০ দিনৰ ভিতৰত আপোনাৰ PAN কাৰ্ড সক্ৰিয় হৈ উঠিব।
  • এই সময়ছোৱাত কোনো ডাঙৰ লেনদেন নকৰাই ভাল।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...