Paytmৰ পৰা PhonePe লৈ…মাত্ৰ ১০ টকাত এই এপত কিনিব পাৰিব সোণ

আকাশলংঘী মূল্যৰ বাবে যদি আপোনাৰ হাতত এবাৰতে সোণ কিনিবলৈ লাখ লাখ টকা নাই, তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ ১০ টকাৰেও সোণত বিনিয়োগ কৰি ভৱিষ্যতৰ বাবে এটা ভাল পুঁজি সৃষ্টি কৰিব পাৰিব।পেটিএম, ফোনপে আৰু Mobikwik এপৰ জৰিয়তে ডিজিটেল সোণত বিনিয়োগ কৰাৰ সহজ উপায় জানক।

Paytmৰ পৰা PhonePe লৈ...মাত্ৰ ১০ টকাত এই এপত কিনিব পাৰিব সোণ

মাত্ৰ ১০ টকাত এই এপত কিনিব পাৰিব সোণ

Published: 

03 Sep 2025 17:38 PM

আকাশলংঘী হৈছে সোণৰ দাম, যাৰ বাবে এতিয়া একাংশ লোকে ফিজিকেল সোণৰ পৰিৱৰ্তে ডিজিটেল সোণত বিনিয়োগ কৰিবলৈ অধিক আগ্ৰহী হোৱা দেখা গৈছে। ডিজিটেল গোল্ডত বিনিয়োগ কৰাটো অতি সহজ, যদি আপুনিও ডিজিটেল গোল্ডত বিনিয়োগ কৰিব বিচাৰে কিন্তু বিনিয়োগ কৰাৰ উপায় নাজানে, তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই। আজি আমি আপোনালোকক জনাম যে Paytm, PhonePe  আৰু Mobikwikৰ দৰে জনপ্ৰিয় এপসমূহৰ জৰিয়তে আপুনি কেনেকৈ সহজে সোণত বিনিয়োগ কৰিব পাৰে।

পেটিএম ডিজিটেল গোল্ড: এইদৰে বিনিয়োগ কৰক

যদি আপুনি পেটিএম ব্যৱহাৰ কৰে তেন্তে দৈনিক ৫১ টকা বিনিয়োগ কৰি পেটিএমৰ জৰিয়তে গোল্ড এছআইপিত বিনিয়োগ কৰিব পাৰিব। যদি আপুনি Gold SIP ত বিনিয়োগ কৰিব বিচাৰে তেন্তে প্ৰথমে এপটো খুলিব। ইয়াৰ পিছত অলপ তললৈ স্ক্ৰল কৰক আৰু আপুনি  Save in Gold বিকল্পটো দেখিব, এই বিকল্পত টেপ কৰক।

(ফটো-Paytm)

ইয়াৰ পিছত পৰৱৰ্তী পৃষ্ঠাত আপুনি দৈনিক বা একেলগে ধন বিনিয়োগ কৰাৰ বিকল্প পাব। আপুনি নিজৰ সুবিধা অনুসৰি দৈনিক, সাপ্তাহিক আৰু মাহেকীয়াৰ পৰা যিকোনো বিকল্প বাছি ল’ব পাৰে। দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া বিকল্প বাছি লোৱাৰ পিছত আপুনি কিমান বিনিয়োগ কৰিব বিচাৰে সেই পৰিমাণ ক’ব লাগিব। ইয়াৰ পিছত আপুনি বিনিয়োগৰ বাবে তলত দেখুওৱা Start Saving বিকল্পত টেপ কৰিব লাগিব।

Mobikwik Gold SIP: এইটোৱেই হৈছে বিনিয়োগৰ উপায়

যদি আপুনি Mobikwik এপ ব্যৱহাৰ কৰে, তেন্তে এই এপটোৰ জৰিয়তে ১০ টকাৰ পৰা Gold SIP ত বিনিয়োগ কৰিব পাৰিব।প্ৰথমে বিনিয়োগৰ বাবে এপটো খুলিব। এপটো খোলাৰ পিছত অলপ তললৈ স্ক্ৰল কৰিলে Invest & Grow বিকল্পটো দেখা পাব।

(ফটো-Mobikwik)

Invest & Grow option ৰ ঠিক তলত আপুনি 24K Gold বেনাৰ দেখিব, য’ত লিখা আছে প্ৰতিদিনে সোণত ১০১ টকা বিনিয়োগ কৰক আৰু ৩ গুণ বিনামূলীয়া সোণ লাভ কৰক। এই বেনাৰত ক্লিক কৰক, পৰৱৰ্তী পৃষ্ঠাত প্ৰতি গ্ৰামৰ দাম দেখিব। ইয়াত আপুনি বিনিয়োগৰ বাবে মাহেকীয়া আৰু ওৱান টাইম বিকল্প দেখিব, আপুনি আপোনাৰ সুবিধা অনুসৰি বিকল্পটো বাছি ল’ব পাৰে আৰু সোণৰ সঞ্চয় পৰিকল্পনাত বিনিয়োগ আৰম্ভ কৰিব পাৰে।

(ফটো-Phonepe)

PhonePe Gold SIP: এইদৰে বিনিয়োগ কৰক

PhonePe ব্যৱহাৰ কৰা লোকসকলেও সহজে Gold SIP কৰিব পাৰে, এই এপটোৰ জৰিয়তে আপুনি ১০ টকাৰ পৰাও বিনিয়োগ কৰিব পাৰে।বিনিয়োগ কৰিবলৈ আপুনি PhonePe এপটো খুলিব লাগিব, ইয়াৰ পিছত অলপ তললৈ স্ক্ৰল কৰিলে Savings অপচনটো দেখা পাব, এই অপচনটোত ক্লিক কৰক।

Savings বিকল্পত ক্লিক কৰাৰ পিছত আপুনি তিনিটা বিকল্প দেখা পাব Daily, One Time Investment আৰু Monthly Gold SIP। আপুনি আপোনাৰ সুবিধা অনুসৰি এই বিকল্পসমূহৰ যিকোনো এটা বাছি লৈ Gold SIP আৰম্ভ কৰিব পাৰে।

পুৱা খালী পেটত ১ চামুচ ঘিউ খালে কেনে প্ৰভাৱ পৰে জানেনে? বিশেষজ্ঞই কি কয় চাওক
ইলাচীয়ে বঢ়াব যৌন ক্ষমতা! মাত্ৰ এইদৰে কৰক ব্যৱহাৰ
গুপ্তাংগ ক'লা পৰিলে কেনেকৈ ঠিক কৰিব? জানক সহজ উপায়
পূজাৰ বতৰত জেলেপীৰ সোৱাদ লয় নে? পিছে ভাৰতলৈ ক’ৰপৰা আহিছিল জেলেপী, জানেনে?