নিৰ্বাচনত ব্যৱহৃত EVM- এ কিদৰে কাম কৰে? থোৰতে চাওক ভোটদানৰ প্ৰক্ৰিয়া…

লোকসভাৰ পৰা আৰম্ভ কৰি নগৰ পৌৰসভাৰ দৰে স্থানীয় নিৰ্বাচনলৈকে ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) ব্যৱহাৰ কৰা হয়। পিছে নিৰ্বাচনত ভোটদানৰ ক্ষেত্ৰত এই যন্ত্ৰই কিদৰে কাম কৰে জানেনে? জানো আহক এই বিষয়ে।

নিৰ্বাচনত ব্যৱহৃত EVM- এ কিদৰে কাম কৰে? থোৰতে চাওক ভোটদানৰ প্ৰক্ৰিয়া...

কিদৰে কাম কৰে EVM- এ!

Updated On: 

14 Nov 2025 | 07:05 PM

নিৰ্বাচনৰ সময়ত সততে শুনা এক শব্দ হৈছে EVM ইয়াৰ সম্পূৰ্ণ নাম হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন হৈছে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ব্যৱহাৰ কৰা এটা সৰু ইলেক্ট্ৰনিক যন্ত্ৰ। লোকসভাৰ পৰা আৰম্ভ কৰি নগৰ পৌৰসভাৰ দৰে স্থানীয় নিৰ্বাচনলৈকে এই যন্ত্ৰ ব্যৱহাৰ কৰা হয়EVM হৈছে এক মাইক্ৰ’কণ্ট্ৰ’লাৰ ভিত্তিক মেচিন, যি সুৰক্ষিত আৰু শক্তিশালী ভোটদান প্ৰক্ৰিয়া নিশ্চিত কৰে। এই যন্ত্ৰই একক ভোটৰ অনুমতি দিয়ে, ভুল বা অবৈধ ভোটৰ সম্ভাৱনা নাইকিয়া কৰে আৰু সঠিক তথা দ্ৰুত ভোট গণনা নিশ্চিত কৰে।

এই EVM দীৰ্ঘসময় ধৰি ভোটদানৰ তথ্য সংৰক্ষণ কৰা হয়, যাৰ ফলত প্ৰয়োজন হ’লেই পৰীক্ষা কৰিব পৰা যায় ভাৰতীয় নিৰ্বাচন আয়োগে ভাৰত ইলেক্ট্ৰনিকছ লিমিটেড (BEL) আৰু ইলেক্ট্ৰনিকছ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড (ECIL)সহায়ত ১৯৭৯ চনত এই ইলেক্ট্ৰনিক ভোটিং মেচিন প্ৰস্তুত কৰিছিল। ১৯৮২ চনত প্ৰথম ব্যৱহাৰ কৰা হৈছিল।

কিদৰে কাম কৰে

EVM দুটা ভাগত গঠিত এটা বেলটিং ইউনিট আৰু এটা কণ্ট্ৰল ইউনিট। পাঁচ মিটাৰ দৈৰ্ঘ্যৰ এডাল কেবলে এই দুয়োটা অংশকে সংযোগ কৰে। এজন ভোটগ্ৰহণ বিষয়াই কণ্ট্ৰল ইউনিটৰ পৰিচালনা কৰাৰ বিপৰীতে বেলটিং ইউনিটটো ভোটদান স্থানত ৰখা হয়। এই EVM যন্ত্ৰ 6V বেটাৰীত চলে, যাৰ ফলত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ সময়তো ইয়াক ব্যৱহাৰ কৰিব পাৰি।

বেলটিং ইউনিটত নীলা ৰঙৰ বুটাম থাকে, লগতে থাকে প্ৰাৰ্থীৰ নাম আৰু দলৰ চিহ্ন। কণ্ট্ৰল ইউনিটত বেলট বুলি লিখা এটা বুটাম থাকে, ভোটগ্ৰহণ বিষয়াগৰাীয়ে প্ৰতিজন নতুন ভোটাৰৰ বাবে এই বুটাম টিপে। এইদৰে ভোটগ্ৰহণৰ ক্ষেত্ৰত কাম কৰে ইলেক্ট্ৰনিক ভোটিং মেচিনে

কিদৰে ভোট দিয়া হয়

প্ৰথম পৰ্যায়ঃ ভোটাৰ এজন ভোটিং কক্ষত প্ৰৱেশ কৰাৰ লগে লগে এজন বিষয়াই বেলটিং ইউনিটটো অন কৰে।

দ্বিতীয় পৰ্যায়ঃ ভোটাৰে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ কাষত থকা নীলা বুটামটো টিপে।

তৃতীয় পৰ্যায়ঃ বুটামটো টিপাৰ লগে লগে সেই প্ৰাৰ্থীজনৰ কাষত ৰঙা লাইট এটা জ্বলি উঠে আৰু দীঘলীয়া বিপ শব্দ শুনা যায়

চতুৰ্থ পৰ্যায়ঃ ভোটাৰে কোনজন প্ৰাৰ্থীৰ বাবে তেওঁলোকৰ ভোটদান হৈছে, সেই বিষয়ে লিখা ছপা শ্লিপ এখনো চাব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...