গ্ৰাহকলৈ ‘বাম্পাৰ অফাৰ’ ফ্লিপকাৰ্টৰঃ কম দামতে ক্ৰয় কৰিব পাৰিব এইকেইটা মোবাইল…

ফ্লিপকাৰ্টৰ এই ফ্ৰীডম চেলত কেইটামান মোবাইলৰ ক্ষেত্ৰত যথেষ্ট ৰেহাই প্ৰদান কৰা হৈছে। চাওক গ্ৰাহকসকলে অধিক ৰেহাই পাব পৰা এনে ৭টা মোবাইল।

গ্ৰাহকলৈ ‘বাম্পাৰ অফাৰ’ ফ্লিপকাৰ্টৰঃ কম দামতে ক্ৰয় কৰিব পাৰিব এইকেইটা মোবাইল...

ফ্লিপকাৰ্টে আগবঢ়াইছে বৃহৎ ৰেহাই

Updated On: 

01 Aug 2025 23:18 PM

নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? পলম নকৰিব, স্মাৰ্টফোন ক্ৰয়ৰ বাবে এয়াই আপোনাৰ হাতত সঠিক সময়। আপোনাৰ খৰচ ৰাহি কৰাৰ বাবে ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে আনিছে এক সুৱৰ্ণ সুযোগ। আজিৰ পৰা ফ্লিপকাৰ্টে আৰম্ভ কৰিছে Freedom Sale 2025। এই বিশেষ বিক্ৰীৰ সময়ত ই-কমাৰ্চ প্লেটফৰ্মটোৱে গ্ৰাহকক প্ৰদান কৰিছে বাম্পাৰ অফাৰ। আইফোন, চেমচাং, নথিং, ভিভ’ আৰু মটৰ’লাৰ দৰে আগশাৰীৰ ব্ৰেণ্ডৰ স্মাৰ্টফোন এতিয়া বৃহৎ ৰেহাই মূল্যত আগবঢ়াইছে ফ্লিপকাৰ্টে।

ই-কমাৰ্চ প্লেটফৰ্মটোৰ এই Freedom Sale 2025ৰ সুবিধা গ্ৰাহকসকলে অহা ৮ আগষ্টলৈকে লাভ কৰিব। গতিকে এই সময়ছোৱাত আপুনি ফ্লিপকাৰ্টৰ পৰা কম মূল্যতে ক্ৰয় কৰিব পাৰিব আপোনাৰ পছন্দৰ মোবাইল। এই Flipkart Freedom Sale 2025ত আইচিআইচিআই বেংক আৰু বেংক অৱ বৰোদাই গ্ৰাহকসকলক অধিক ধন ৰাহি কৰাৰ সুবিধা প্ৰদান কৰিছে।

যদি আপুনি ফোন ক্ৰয় কৰাৰ সময়ত আইচিআইচিআই বেংক আৰু বেংক অৱ বৰোদা কাৰ্ডৰ পৰা ধন পৰিশোধ কৰে, তেতিয়া আপুনি তাৎক্ষণিকভাৱে অতিৰিক্ত ১০ শতাংশ ৰেহাইৰ সুবিধা লাভ কৰিব। বেংক কাৰ্ডৰ ৰেহাইৰ উপৰিও পুৰণি ফোন বিনিময় কৰিলে অতিৰিক্ত ৰেহাই লাভ কৰাৰ লগতে গ্ৰাহকসকলে ন’ কষ্ট ইএমআইৰ সুবিধাও লাভ কৰিব।

ফ্লিপকাৰ্টৰ এই ফ্ৰীডম চেলত কেইটামান মোবাইলৰ ক্ষেত্ৰত যথেষ্ট ৰেহাই প্ৰদান কৰা হৈছে। চাওক গ্ৰাহকসকলে অধিক ৰেহাই পাব পৰা এনে ৭টা মোবাইল-

iPhone 16: ফ্লিপকাৰ্টৰ ফ্ৰীডম চেলত iPhone 16 মডেল ৰেহাইৰ পিছত ৬৯,৯৯৯ টকাত বিক্ৰী কৰা হৈছে। অৰ্থাৎ এই ফোনটো বজাৰত মুকলি কৰা সময়ৰ মূল্যতকৈ ৯,৯০১ টকা কম মূল্যত লাভ কৰিব গ্ৰাহকে।

Samsung Galaxy S24 FE: এই ফোনটো ৰেহাইৰ পিছত ৩৫,৯৯৯ টকাত বিক্ৰী কৰা হৈছে। উল্লেখ্য যে চেমচাঙৰ এই ফোনটো ৫৯,৯৯৯ টকাত বজাৰত মুকলি কৰা হৈছিল।

Samsung Galaxy S24: এই ফোনটো ৭৪৯৯৯ টকাত মুকলি কৰা হৈছিল যদিও বৰ্তমান বিক্ৰীৰ সময়ত ২৮,০০০ টকাৰ বৃহৎ ৰেহাইৰ পিছত  বৰ্তমান এই ফোনটো ৪৬,৯৯৯ টকাত বিক্ৰী হৈছে।

iPhone 16e: এই আইফোন মডেলটো ৫৯,৯০০ টকাত মুকলি কৰা হৈছিল যদিও বৰ্তমান বিক্ৰীৰ সময়ত এই ফোনটো ৫৪,৯০০ টকাত বিক্ৰী কৰা হৈছে।

Nothing Phone 3a: বজাৰত মুকলিৰ সময়ত এই স্মাৰ্টফোনটোৰ মূল্য আছিল ২৭,৯৯৯ টকা। ফ্লিপকাৰ্ট ফ্ৰিডম চেলত এই ফোনটো ২১,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব।

Vivo T4 5G: ২১,৯৯৯ টকাৰ মূল্যত বজাৰত মুকলি কৰা ভিভ’ৰ এই স্মাৰ্টফোনটো গ্ৰাহকসকলে এতিয়া ফ্লিপকাৰ্টৰ পৰা ২০,৯৯৯ টকাত ক্ৰয় কৰিব পাৰিব।

নিশা আপুনিও থাকে নেকি উজাগৰে? সাৱধান, টোপনিৰ অভাৱত হ’ব পাৰে এনে ভয়ানক সমস্যা
কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক
দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন