চিম অবিহনেই পাব ফোনকল-ইণ্টাৰনেটৰ সুবিধা! জিঅ’-এয়াৰটেলৰ সমুখত এইবাৰ BSNLৰ প্ৰত্যাহ্বান

এনে পদক্ষেপৰ জৰিয়তে এতিয়া BSNL- এ যে ব্যক্তিগত কোম্পানীসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে সেয়া স্পষ্ট হৈ পৰিছে। ইয়াৰ বাবে প্ৰতিষ্ঠানটোৱে নিজৰ সেৱাসমূহ দ্ৰুতগতিত উন্নীতকৰণ কৰাৰ লগতে নতুন সেৱাৰ সুবিধা আৰম্ভ কৰাত মনোনিৱেশ কৰিছে।

চিম অবিহনেই পাব ফোনকল-ইণ্টাৰনেটৰ সুবিধা! জিঅ’-এয়াৰটেলৰ সমুখত এইবাৰ BSNLৰ প্ৰত্যাহ্বান

BSNLৰ নতুন সেৱা

Published: 

03 Oct 2025 | 01:48 PM

বৰ্তমানৰ ডিজিটেল যুগত স্মাৰ্টফোনটো হৈ পৰিছে দৈনন্দিন জীৱনৰ অভিন্ন অংগ পিছে হাতত এটা অত্যাধুনিক স্মাৰ্টফোন থাকিলেই নহ, লগত থাকিব লাগিব ইণ্টাৰনেট আাৰু ফোনকলৰো সুবিধা ভিন্ন টেলিকম কোম্পানীৰ সেৱা গ্ৰহণ কৰি গ্ৰাহকসকলে এনে সুবিধা লাভ কৰিব পাৰে এইক্ষেত্ৰত প্ৰয়োজন হয় টেলিকম প্ৰতিষ্ঠানসমূহৰ চিম কাৰ্ড অৱশ্যে চিম কাৰ্ড ব্যৱহাৰ কৰিও এনে সুবিধাৰ লাভ উঠাব পাৰি এই চিম সেৱা এইপৰ্যন্ত কেৱল ৰিলায়েঞ্চ জিঅ’, এয়াৰটেল আৰু ভোডাফোন আইডিয়া (Vi)ৰ দৰে ব্যক্তিগত টেলিকম কোম্পানীয়েহে আগবঢ়াইছিল।

অৱশ্যে এতিয়া চৰকাৰী টেলিকম কোম্পানী BSNL-এ গ্ৰাহকৰ বাবে ই-চিম সেৱা আৰম্ভ কৰিছে। অৰ্থাৎ BSNL ব্যৱহাৰকাৰীসকলেও এতিয়া প্ৰত্যক্ষ চিম কাৰ্ড অবিহনে ফোনকল কৰাৰ লগতে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব। 4G সেৱাৰ পিছত এতিয়া টেলিকম প্ৰতিষ্ঠানটোৱে ই-চিম সেৱা আৰম্ভ কৰি ব্যৱহাৰকাৰীক উন্নত সুবিধা প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

এনে পদক্ষেপৰ জৰিয়তে এতিয়া BSNL- এ যে ব্যক্তিগত কোম্পানীসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে সেয়া স্পষ্ট হৈ পৰিছে ইয়াৰ বাবে প্ৰতিষ্ঠানটোৱে নিজৰ সেৱাসমূহ দ্ৰুতগতিত উন্নীতকৰণ কৰাৰ লগতে নতুন সেৱাৰ সুবিধা আৰম্ভ কৰাত মনোনিৱেশ কৰিছে। জানিব পৰা মতে ই-চিম সেৱাৰ বাবে টাটা কমিউনিকেচনৰ সৈতে অংশীদাৰিত্ব কৰিছে BSNL- এ।

টাটা কমিউনিকেশ্যনৰ প্লেটফৰ্ম MOVE ই-চিম চাবস্ক্ৰিপচন ব্যৱস্থাপনাৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি খবৰ প্ৰকাশ পাইছে। BSNLৰ এই ইচিম 2G, 3G আৰু 4G নেটৱৰ্কত ব্যৱহাৰ কৰিবলৈ সক্ষম ব। ইচিম চাপৰ্ট কৰা ফোন ব্যৱহাৰ কৰি থকা লোকসকলে এতিয়া BSNLৰ এই নতুন সেৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

BSNLৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ এ ৰবাৰ্ট ৰবিয়ে এই নতুন পদক্ষেপৰ বিষয়ে সদৰী কৰি পেন ইণ্ডিয়া ইচিম সেৱা আৰম্ভ হ’লে টেলিকম ক্ষেত্ৰখনক এক নতুন স্তৰলৈ লৈ যোৱাত সহায়ক হ’ব বুলি মন্তব্য কৰিছে। লক্ষণীয়ভাৱে শেহতীয়াকৈ BSNL- এ ৯৮ হাজাৰ টাৱাৰৰ সহায়ত 4G সেৱা আৰম্ভ কৰিছে। 4G সেৱা আৰম্ভ হোৱাৰ পিছত এতিয়া 5G সন্দৰ্ভতো আলোচনা চলিছে।

কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি 4Gৰ পিছত চলিত বৰ্ষৰে শেষৰ ফালে BSNL-  5G সেৱা আৰম্ভ কৰিব পাৰে। বছৰৰ শেষৰ ফালে দিল্লী আৰু মুম্বাইত 5G সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি খবৰ প্ৰকাশ পাইছে। এনে অৱস্থাত গ্ৰাহকসকলে স্বাভাৱিকতেই টেলিকম প্ৰতিষ্ঠানটোৰ সেৱাৰ দ্বাৰা অধিক লাভান্বিত

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...