মাত্ৰ ১৫১ টকাতে ২৫টা অ’টিটি প্লেটফৰ্ম! এই কোম্পানীৰ ছিম আছে যদি উঠাব পাৰিব মনোৰঞ্জনৰ ভৰপূৰ সুবিধা

টেলিকম কোম্পানীসমূহে কলিং আৰু ডাটাৰ সমান্তৰালকৈ মনোৰঞ্জনৰ সুবিধাৰে নিজৰ ৰিচাৰ্জ প্লেনৰ সৈতে অ’টিটি প্লেটফৰ্মৰ বিনামূলীয়া চাবস্ক্ৰিপচন আগবঢ়ায়। কিন্তু বহুসময়ত এই ৰিচাৰ্জ প্লেনৰ দাম কিছু অধিক হোৱা দেখা যায়। এই চিন্তা এতিয়া দূৰ কৰিছে এটা টেলিকম কোম্পানীয়ে।

মাত্ৰ ১৫১ টকাতে ২৫টা অ’টিটি প্লেটফৰ্ম! এই কোম্পানীৰ ছিম আছে যদি উঠাব পাৰিব মনোৰঞ্জনৰ ভৰপূৰ সুবিধা

প্ৰতিনিধিত্বমূলক ছবি

Published: 

31 Aug 2025 19:08 PM

দিনটোৰ কঠোৰ পৰিশ্ৰম আৰু ব্যস্ততাপূৰ্ণ সময়খিনিৰ পিছত সকলো লোকেই মানসিক প্ৰশান্তি বিচাৰে ব্যক্তি বিশেষে এই মানসিক শান্তিৰ আধাৰ ভিন্ন ভিন্ন বহু লোকে চিনেমা, ৱেব ছিৰিজ আদিৰ জৰিয়তে দিনটোৰ পৰিশ্ৰম পাহৰিব বিচাৰে বৰ্তমান পছন্দৰ চিনেমা চোৱাৰ বাবে টিটি প্লেটফৰ্মসমূহ হৈ পৰিছে চিনেপ্ৰেমী লোকসকলৰ অন্যতম প্ৰিয় মাধ্যম চিনেমাৰ লগতে ৱেব ছিৰিজৰ মজা লোৱাৰ বাবে এই টিটি প্লেটফৰ্মৰ পৃথক চাবস্ক্ৰিপচন বলগা হয় ইয়াৰ বাবে অৱশ্যে কিছু খৰচো বৃদ্ধি পায়

চিনেপ্ৰেমীসকলৰ এই খৰচৰ চিন্তা দূৰ কৰি BSNL- আগবঢ়াইছে এক আকৰ্ষণীয় ৰিচাৰ্জ প্লেন টেলিকম কোম্পানীসমূহে কলিং আৰু ডাটাৰ সমান্তৰালকৈ মনোৰঞ্জনৰ সুবিধাৰে নিজৰ ৰিচাৰ্জ প্লেনৰ সৈতে অ’টিটি প্লেটফৰ্মৰ বিনামূলীয়া চাবস্ক্ৰিপচন আগবঢ়ায়। কিন্তু বহুসময়ত এই ৰিচাৰ্জ প্লেনৰ দাম কিছু অধিক হোৱা দেখা যায়

পিছে BSNL- এ ব্যৱহাৰকাৰীসকলৰ বাবে এক বিশেষ অফাৰ আগবঢ়াইছে। কোম্পানীটোৱে মুকলি কৰিছে বিটিভি প্ৰিমিয়াম পেক। এই পেকত ব্যৱহাৰকাৰীয়ে এটা এপত বহুতো অ’টিটি প্লেটফৰ্ম আৰু লাইভ চেনেল চোৱাৰ সুযোগ লাভ কৰিব। যোৱা ফেব্ৰুৱাৰী মাহত BSNL- এ বিটিভি সেৱা আৰম্ভ কৰিছিল।

সেই সময়ত ই সকলো গ্ৰাহকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ আছিল। কিন্তু এতিয়া কোম্পানীয়ে ইয়াক পেইড চাবস্ক্ৰিপচন পেক হিচাপে প্ৰৱৰ্তন কৰিছে। এই নতুন প্ৰিমিয়াম পেকত ব্যৱহাৰকাৰীয়ে ২৫টাতকৈও অধিক অ’টিটি প্লেটফৰ্ম, ৪৫০টাতকৈও অধিক লাইভ টিভি চেনেলৰ সোৱাদ লাভ কৰিব।

কোম্পানীটোৱে জানিবলৈ মতে, নতুন প্ৰিমিয়াম পেকটো মাত্ৰ ১৫১ টকাতে আগবঢ়োৱা হ’ব। অৱশ্যে এই প্লেনৰ বৈধতা কিমান দিন , সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই। এই পেকৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ZEE5, SonyLIV, Aha, Shemaroo, Sun Nxt Chaupal, Lionsgate, ETV Win, Discovery, Epic ON ৰ দৰে জনপ্ৰিয় OTT প্লেটফৰ্ম লাভ কৰিব।

প্ৰকাশিত খবৰ অনুসৰি কোম্পানীটোৱে আৰু দুটা বাজেট অনুকূল মনোৰঞ্জন পেক মুকলি কৰিবলৈও সাজু হৈছে। ইয়াৰে এটা হ’ব পাৰে ২৮ টকীয়া মনোৰঞ্জন পেক, এই পেকৰ বৈধতা ৩০ দিনৰ হব পাৰে। এই পেকত Lionsgate Play, ETV Win, VROTT, Premiumflix, Nammflix, Gujari, Fridayৰ দৰে অ’টিটি প্লেটফৰ্মত সুবিধা প্ৰদান কৰিব পাৰে।আনহাতে ৩০ দিনৰ বৈধতাৰে ২৯ টকাত আন এটা মনোৰঞ্জন পেক মুকলি কৰিব পাৰে BSNL- এ।

এজন মানুহে একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে? জানক
যিবোৰ সমস্যা প্ৰায়ে গুৰুত্ব দিয়া নহয়! মহিলাসকলৰ বৃক্কৰ সংক্ৰমণৰ লক্ষণসমূহ জানি লওক
হঠাৎ জিভাৰে সোৱাদ নোপোৱা হৈছে নেকি? আওকাণ নকৰিব এই লক্ষণ
এই ৪ ৰাশিৰ জীৱনলৈ নাহে দৰিদ্ৰতা, সদায় ধনেৰে ভৰি থাকে পকেট!