আইপিএল ২০২৫ত RCBৰ ঐতিহাসিক জয়, আকৌ কেতিয়া খেলপথাৰত নামিব বিৰাট কোহলী?

আই পি এল ২০২৫ৰ ছিজন আৰম্ভ হোৱাৰ পূর্বে বিৰাট কোহলীৰ অনুৰাগীয়ে আশা কৰিছিল যে তেওঁলোকৰ প্রিয় বেটছমেনে বহু ৰান সংগ্ৰহ কৰি নিজৰ দলটোক চেম্পিয়ন কৰি তুলিব৷ কিন্তু তেতিয়া কোনেও হয়তো ভবা নাছিল যে ছিজন শেষ হোৱাৰ পিছত তেওঁলোকে এই প্ৰশ্নটো সুধিব লাগিব - আমি আকৌ কেতিয়া কোহলীক দেখা পাম?

আইপিএল ২০২৫ত RCBৰ ঐতিহাসিক জয়, আকৌ কেতিয়া খেলপথাৰত নামিব বিৰাট কোহলী?

আকৌ কেতিয়া খেলপথাৰত নামিব বিৰাট কোহলী?

Published: 

04 Jun 2025 07:28 AM

সমাপ্তি ঘটিছে আইপিএল ২০২৫ ছিজনৰ। মঙলবাৰে প্ৰতিযোগিতাৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাৱ কিংছক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে।  এতিয়া অনুৰাগীসকলে নতুন ছিজনৰ বাবে ১০ মাহ অপেক্ষা কৰিব লাগিব। কিন্তু এতিয়া অপেক্ষা কেৱল নতুন ছিজনৰ বাবেই নহয়, প্ৰতিযোগিতাৰ অন্ত পৰাৰ লগে লগে অনুৰাগীসকল অস্থিৰ হৈ পৰাৰ আন এক কাৰণো আহি পৰিছে। এই কাৰণ হ’ল – বিৰাট কোহলী । টীম ইণ্ডিয়াৰ এই তাৰকা বেটছমেনগৰাকীয়ে পুনৰ খেলপথাৰত নিজৰ বেটিঙৰ যাদু দেখুৱাবলৈ অনুৰাগীসকলে বহু সময় অপেক্ষা কৰিব লাগিব। কাৰণ কেইদিনমানৰ পাছত যেতিয়া টীম ইণ্ডিয়াই খেলপথাৰত নামিব, য’ত নাথাকিব কোহলী ৷

আই পি এলৰ পিছত কেতিয়া ঘূৰি আহিব বিৰাট কোহলী?

এই ছিজন আৰম্ভণিৰ লগে লগে প্ৰতিবাৰৰ দৰেই বিৰাট আৰু বেংগালুৰুৰ অনুৰাগীসকলে আশা কৰিছিল যে এইবাৰ দলটোৱে খিতাপ দখল কৰিব। বিৰাট কোহলীয়ে বহু ৰান কৰিব। বিৰাটে অনুৰাগীক নিৰাশ নকৰি পুনৰবাৰ ৬০০ৰো অধিক ৰান সংগ্ৰহ কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ ৯ বছৰৰ পাছত বেংগালুৰুৱক আই পি এলৰ ফাইনেললৈও লৈ যায়। বেংগালুৰুৰ অনুৰাগীসকলে তেতিয়া ভবা নাছিল যে ছিজন শেষ হোৱাৰ পিছত কোহলীক পুনৰ খেলপথাৰত দেখাৰ বাবে বহু সময় অপেক্ষা কৰিব লাগিব। কিন্তু এতিয়া এইটোৱেই সত্য আৰু ইয়াৰ কাৰণ হৈছে বিৰাটৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ।

ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ বাবে আই পি এলৰ এই ছিজনটো মাজতে স্থগিত ৰখা হৈছিল। তা মাজতে হঠাতে বিৰাট কোহলীয়ে ১২ মে’ত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছিল। এতিয়া আৰু কোহলী ইংলেণ্ড ভ্ৰমণলৈ নাযায়, য’ত টীম ইণ্ডিয়াই ৫খন টেষ্ট মেচ খেলিব। এনে পৰিস্থিতিত আই পি এলৰ পাছত কোহলীয়ে পুনৰ দেখাৰ বাবে অপেক্ষা কৰিব লাগিব অনুৰাগীসকলে। ইতিমধ্যে টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা কোহলীয়ে এতিয়া কেৱল এদিনীয়া ক্ৰিকেটহে খেলিব আৰু এনে পৰিস্থিতিত অনুৰাগীয়ে তেওঁক চাবলৈ আগষ্ট মাহলৈ অপেক্ষা কৰিব লাগিব।

উল্লেখ্য যে আগষ্ট মাহত ভাৰত আৰু বাংলাদেশৰ মাজত এদিনীয়া আৰু টি-২০ শৃংখলা অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত এই ছিৰিজত কোহলীক ক্ৰিকেট খেলপথাৰলৈ উভতি আহিব পাৰে। এই ছিৰিজৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিব টীম ইণ্ডিয়াই। ১৭ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই শৃংখলাত ৩খন মেচ অনুষ্ঠিত হ’ব। অৱশ্যে কোহলীয়ে এই শৃংখলাত খেলিব নে নাই সেয়া এই মুহূৰ্তত স্পষ্ট নহয়। যদি বিৰাটে এই ছিৰিজত খেলিব নোৱাৰে তেন্তে অক্টোবৰলৈকে অনুৰাগীৰ অপেক্ষা বাঢ়িব কাৰণ তেতিয়া টীম ইণ্ডিয়া লিমিটেড অভাৰ ছিৰিজৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। এই ভ্ৰমণ অক্টোবৰ-নৱেম্বৰ মাহত, য’ত ৩খন এদিনীয়া মেচো অনুষ্ঠিত হ’ব। ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই খেল। অৰ্থাৎ কোহলীৰ অনুৰাগীয়ে এতিয়া তেওঁলোকৰ তাৰকা বেটছমেনক পুনৰ বেটিং কৰা দেখিবলৈ কেইবা মাহ ধৰি অপেক্ষা কৰিব লাগিব ।

ভুলতো নিশা এইসকল লোকে দাইল খাব নালাগে, জানক সকলো...
শালমনৰ দাগৰ বাবে ভুগিছে নেকি হতাশাত, এনে ঘৰুৱা উপায়েৰে এসপ্তাহত হ’ব হতাশা মুক্ত…
শৰীৰত ভিটামন B12 ৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
পুৱা শুই উঠাৰ পাছত চকুৰ পৰা পানী ওলাই নেকি? ই কি ৰোগৰ লক্ষণ জানক...