শচীন কন্যাৰ সৈতে বিচ্ছেদৰ খবৰ কিমান সঁচা! মুখ খুলিলে গিলে, ‘৩ বছৰৰ পৰা মই…..’

নিজৰ খেলৰ সমানে শুভমন গিল শেহতীয়া কেইটামান বৰ্ষত ব্যক্তিগত জীৱনৰ বাবেও শিৰোনামত আছে। আই পি এলৰ মাজতো গিল পুনৰ এবাৰ নিজৰ প্ৰেম জীৱনৰ বাবে চৰ্চালৈ আহিছে। এনে চৰ্চা সন্দৰ্ভত গিলে প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা আঁতৰি আছিল যদিও এতিয়া এই বিষয়ত মুখ খুলিছে। পিছে নিজৰ প্ৰেম জীৱন সন্দৰ্ভত কি ক’লে গিলে, চাওঁ আহক।

শচীন কন্যাৰ সৈতে বিচ্ছেদৰ খবৰ কিমান সঁচা! মুখ খুলিলে গিলে, ‘৩ বছৰৰ পৰা মই.....’

প্ৰেমৰ উৰাবাতৰি সন্দৰ্ভত মুখ খুলিলে গিলে

Published: 

26 Apr 2025 19:41 PM

সম্প্ৰতি আই পি এল ২০২৫ত ব্যস্ত ‘ভাৰতীয় ক্ৰিকেট’ৰ প্ৰিন্স শুভমন গিল। গুজৰাট টাইটানছৰ নেতৃত্ব বহন কৰি গিলে চলিত ছিজনত দলক পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত কৰাইছে। নিজৰ খেলৰ সমানে শুভমন গিল শেহতীয়া কেইটামান বৰ্ষত ব্যক্তিগত জীৱনৰ বাবেও শিৰোনামত আছে। আই পি এলৰ মাজতো গিল পুনৰ এবাৰ নিজৰ প্ৰেম জীৱনৰ বাবে চৰ্চালৈ আহিছে। বিগত কেইবাবছৰ ধৰি দেশৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ সৈতে গিলৰ নাম জড়িত হৈ আছে। অৱশ্যে দুয়ো এই সন্দৰ্ভত কেতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।

পিছে এতিয়া গিল আৰু ছাৰাই ইনষ্টাগ্ৰামত পৰস্পৰক আনফ’ল’ কৰা দেখা গৈছে। এনে পৰিস্থিতিত দুয়োৰে মাজত সম্পৰ্ক বিচ্ছেদ ঘটা বুলি চৰ্চা চলিছে। এই সকলো জল্পনা-কল্পনা তথা চৰ্চাৰ মাজতে শুভমন গিলে নিজৰ প্ৰেম জীৱনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। উল্লেখ্য যে ছাৰা তেণ্ডুলকাৰৰ উপৰিও গিলৰ নাম ৰিদ্ধিমা পণ্ডিত, অনন্যা পাণ্ডে, সোণম বাজৱা, অভনীত কৌৰকে ধৰি বহু অভিনেত্ৰীৰ সৈতে জড়িত হৈ আছে।

কিন্তু এনে প্ৰতিটো খবৰৰ ক্ষেত্ৰতে মৌনতা অৱলম্বন কৰি আহিছিল গিলে। অৱশেষত এই সকলো চৰ্চাৰ অন্ত পেলাই নিজৰ মৌনতা ভংগ কৰিছে গিলে। দ্য হলিউড ৰিপ’ৰ্টাৰ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত গিলে তেওঁৰ প্ৰেমৰ সম্পৰ্ক সন্দৰ্ভত চলি থকা সকলো চৰ্চাৰ অন্ত পেলায়। তেওঁ কয়, “মই চিংগল হৈ থকা ৩ বছৰতকৈও অধিক সময় হ’ল, মোক বিভিন্ন লোকৰ লগত সংযোগ কৰি বহু জল্পনা-কল্পনা আৰু উৰাবাতৰি ওলাইছে।”

“কেতিয়াবা এনে চৰ্চা ইমানেই অশুভনীয় হয় যে মই মোৰ জীৱনত কেতিয়াও দেখা নাই বা লগ পোৱা নাই, সেই ব্যক্তিৰ লগতো মোৰ নাম জড়িত হৈ পৰিছে। এতিয়া মোৰ মনোযোগ মোৰ পেছাদাৰী কেৰিয়াৰত।”- গিলে সাক্ষাৎকাৰত এইদৰে উল্লেখ কৰে। এই বক্তব্যৰে সকলো উৰাবাতৰিৰ অন্ত পেলাই শুভমন গিলে সম্প্ৰতি কোনো সম্পৰ্কত নাই বুলি স্পষ্ট কৰি দিছে। গতিকে তেওঁক লৈ চলি থকা সকলো মুখৰোচক খবৰো ভিত্তিহীন হৈ পৰিছে।

অৱশ্যে কিছুদিন পূৰ্বে এক খবৰ প্ৰকাশ পাইছিল যে শুভমনে এতিয়া অবনীতক ডেটিং কৰি আছে। অভনীত আৰু শুভমনে বন্ধু-বান্ধৱীৰ সৈতে একেলগে ছুটী উপভোগো কৰা দেখা গৈছিল। লগতে শুভমনক জন্মদিনৰ শুভেচ্ছা জনাইছিল অভনীতে। কেৱল এয়াই নহয়, অভনীতে বহুবাৰ ক্ৰিকেট মেচত ভাৰতীয় দলক সমৰ্থন কৰি গেলাৰীত উপস্থিত থকাও দেখিবলৈ পোৱা গৈছিল। সেয়ে তেওঁলোকক লৈ চলিছিল যথেষ্ট গুজৱ।

সম্প্ৰতি আই পি এলত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে শুভমন গিলে। তেওঁৰ নেতৃত্বত গুজৰাট টাইটানছ পইণ্ট তালিকাৰ শীৰ্ষত আছে। ৮ খন মেচৰ ভিতৰত ৬ খনতে জয়লাভ কৰাৰ বিপৰীতে মাত্ৰ ২ খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে গুজৰাট। একে সময়তে চলিত ছিজনত গিলে ৪৩.৫৭ গড়ে ৩০৫ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত আছে ৩টা অৰ্ধশতিকো।

ধনী হ'ব বিচাৰে নেকি? ঘৰৰ পৰা আজিয়ে আঁতৰ কৰক এই ৬ বিধ বস্তু...
পাত কচুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি? জানিলে কেতিয়াও নকৰে উলাই
খালী পেটত ফল খালে হ'ব পাৰে এই সমস্যা, জানক...
এই ৬ বিধ খাদ্যই কম কৰে হৃদৰোগৰ সম্ভাৱনা, জানক...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা