কেৰিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিও ‘বিফল’ ৰিয়ান, অসমৰ নামত অনাকাংক্ষিত অভিলেখ

তিনিচুকীয়াত চাৰ্ভিচেছৰ বিপক্ষে ৰঞ্জী ট্ৰফীৰ মেচত অসমে মাত্ৰ দুদিনৰ খেলতে পৰাজয় স্বীকাৰ কৰে। এইদৰে অসমৰ নাম সংযোজিত হৈছে ৰঞ্জী ট্ৰফীৰ ইতিহাসৰ এক অনাকাংক্ষিত অভিলেখৰ সৈতে।

কেৰিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিও ‘বিফল’ ৰিয়ান, অসমৰ নামত অনাকাংক্ষিত অভিলেখ

ৰিয়ান পৰাগ

Published: 

26 Oct 2025 18:57 PM

চলিত ৰঞ্জী ট্ৰফীত আজি এক শোচনীয় পৰাজয়ৰ সন্মুখীন হয় অসম। তিনিচুকীয়াত চাৰ্ভিচেছৰ বিপক্ষে মেচত অসমে মাত্ৰ দুদিনৰ খেলতে পৰাজয় স্বীকাৰ কৰে। এইদৰে অসমৰ নাম সংযোজিত হৈছে ৰঞ্জী ট্ৰফীৰ ইতিহাসৰ এক অনাকাংক্ষিত অভিলেখৰ সৈতে। অসম ক্ৰিকেটৰ তাৰকা খেলুৱৈ ৰিয়ান পৰাগে কেৰিয়াৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিলেও মেচখনত অসমৰ সামগ্ৰিক প্ৰদৰ্শন আছিল অত্যন্ত নিৰাশাজনক আৰু ইয়াৰে সুযোগ লৈ প্ৰাৰম্ভিক ব্যৰ্থতাৰ পিছতো ৮ উইকেটত জয়ী হয় চাৰ্ভিচেছ।

মেচখনত প্ৰথমে বেটিং কৰি অসমে প্ৰথম ইনিংছত ১৭.২ অভাৰত মাত্ৰ ১০৩ ৰানতে ইনিংছ সামৰিছিল। দলৰ মাত্ৰ তিনিগৰাকী বেটাৰে দহকৰ সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হয়। অপেনাৰ প্ৰদ্যুন শইকীয়াই সৰ্বাধিক ৫২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰিয়ানে ৩৬ ৰানৰ অৱদান আগবঢ়াইছিল।

চাৰ্ভিচেছৰ হৈ অৰ্জুন শৰ্মা ৫টা আৰু মোহিত জাংৰাই ৩টা উইকেট দখল কৰি অসমক থকাসৰকা কৰি তোলে। লক্ষণীয়ভাৱে দুয়োগৰাকী বলাৰেই হেট্ৰিক অৰ্জন কৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এক নজিৰবিহীন কৃতিত্ব স্থাপন কৰে। অৱশ্যে ইয়াৰ পিছত ৰিয়ানৰ চমকেৰে উভতি ধৰে অসমেও।

কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ বলিং স্পেলেৰে ২৫ ৰানত ৫ উইকেট দখল কৰি ৰিয়ানে অসমক মেচখনলৈ ঘূৰাই আনে। তেওঁৰ লগতে ৰাহুল সিঙেও দখল কৰিছিল ৪টা উইকেট। ইয়াৰ ফলত চাৰ্ভেচেছে ১০৮ ৰানত ইনিংছ সামৰি মাত্ৰ ৫ ৰানৰ অগ্ৰগতি লাভ কৰিছিল। এনে পৰিস্থিতিত অসমে লাভ কৰিছিল প্ৰত্যাহ্বানৰ সুযোগ।

কিন্তু এই সুযোগ গ্ৰহণত সম্পূৰ্ণ ব্যৰ্থ হৈ অসমে দ্বিতীয় ইনিংছত মাত্ৰ ৭৫ ৰানতে সকলো উইকেট হেৰুৱায়। সুমিতে সৰ্বাধিক ২৫ ৰান সংগ্ৰহ কৰাৰ বাবে ৰিয়ানৰ বেটৰ পৰা আহে ১২ ৰান। এইদৰে জয়ৰ বাবে প্ৰয়োজন হোৱা ৭১ ৰানৰ লক্ষ্য চাৰ্ভিচেছে মাত্ৰ দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়।

লক্ষণীয়ভাৱে এই মেচখনত মাত্ৰ ৯০ অভাৰতে ফলাফল ওলায়। বলৰ হিচাপত ৫৪০ বলতে মেচখনৰ অন্ত পৰে। এইদৰে বলৰ ক্ষেত্ৰত ৰঞ্জী ট্ৰফীৰ ইতিহাসত এতিয়ালৈকে হোৱা আটাইতকৈ চুটি মেচ হিচাপে পৰিগণিত হয় অসম আৰু চাৰ্ভিচেছৰ এই মেচখন। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ৫৪৭টা বলৰ।

পূৰ্বৰ এই অভিলেখ গঢ়িছিল দিল্লী আৰু ৰে’লৱেৰ মাজত অনুষ্ঠিত হোৱা মেচখনে। ১৯৬২ চনত অনুষ্ঠিত হোৱা এই মেচখনৰ ফলাফলো দুদিনতে ওলাইছিল। মেচখনত দিল্লীয়ে এক ইনিংছ আৰু ৫৩ ৰানত জয়লাভ কৰিছিল। এতিয়া এই অনাকাংক্ষিত অভিলেখৰ সৈতে জড়িত হৈ পৰিছে অসমৰ নাম।

কাণৰ বিষ আৰু জ্বৰ... মান ধনিয়াৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
মানিবেগত ৰাখক মাত্ৰ এই ৫ টা বস্তু! কেতিয়াও নহয় ধনৰ সমস্যা...
হ'ব সৰ্বনাশ! ভুলতো তুলি নল'ব ৰাস্তাত পৰি থকা এই ৫টা বস্তু...
উচ্চ ৰক্তচাপ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক এই ৩ বিধ শাক-পাচলিৰ ৰস সেৱন কৰক