শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰস্তুতি তুংগতঃ প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে সহজ জয়েৰে এডিলেইডলৈ সাজু ভাৰত

অহা ৬ ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ’বলগীয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্টৰ পূৰ্বে কেনবেৰাত প্ৰধানমন্ত্ৰী একাদশৰ বিপক্ষে এখন ৱাৰ্ম আপ মেচত অংশ লৈছিল ভাৰতীয় দলে। এই মেচখনত ভাৰতীয় দলৰ যুৱ খেলুৱৈসকলৰ উজ্জীৱিত প্ৰদৰ্শনৰ সহায়ত ভাৰতে সহজ জয়লাভ কৰিছে।

প্ৰস্তুতি তুংগতঃ প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে সহজ জয়েৰে এডিলেইডলৈ সাজু ভাৰত
প্ৰধানমন্ত্ৰী একাদশৰ বিপক্ষে সহজ জয় ভাৰতৰ
monjit-dutta
Monjit Dutta | Published: 01 Dec 2024 19:44 PM

পাৰ্থ টেষ্টত জয়ৰ পিছত এতিয়া অহা ৬ ডিচেম্বৰৰ পৰা এডিলেইডত অনুষ্ঠিত হ’বলগীয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্টৰ বাবে সাজু হৈছে ভাৰত। এই দিবানৈশ টেষ্টখনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে ভাৰতীয় দলে। শৃংখলাৰ প্ৰথম টেষ্টত জয়েৰে আত্মবিশ্বাসী হৈ উঠা ভাৰতে এডিলেইড টেষ্টৰ বাবে প্ৰস্তুতিৰ প্ৰমাণ দিছে আজি কেনবেৰাত। দ্বিতীয় টেষ্টৰ পূৰ্বে ভাৰতীয় দল প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে এখন দুদিনীয়া ৱাৰ্ম আপ মেচত অৱতীৰ্ণ হৈছিল। এই দিবানৈশ মেচখনত সহজ জয়েৰে ভাৰতীয় দলে এডিলেইডলৈ সাজু হোৱাৰ ইঙ্গিত প্ৰেৰণ কৰিছে।

ভাৰতীয় দলৰ যুৱ খেলুৱৈসকলে এই মেচখনত উন্নত প্ৰদৰ্শন দাঙি ধৰি যোগ্যতাৰ প্ৰমাণ দাঙি ধৰে। জয়ছোৱাল, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰে বেটিঙত উজলি উঠাৰ বিপৰীতে হৰ্ষিত ৰাণাই বলিঙত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়ায়। ইফালে আঘাতৰ বাবে প্ৰথম টেষ্টৰ পৰা বাদ পৰা শুভমন গিলে ফৰ্মৰ প্ৰমাণ দি খেলে এক আকৰ্ষণীয় অৰ্ধশতকীয় ইনিংছ। অৱশ্যে পাৰ্থ টেষ্টত অনুপস্থিত অধিনায়ক ৰোহিত শৰ্মা এই মেচখনত ব্যৰ্থ হয়।

উল্লেখ্য যে দুদিনীয়া এই মেচখনৰ প্ৰথম দিনটো কালি বৰষুণৰ বাবে বাতিল কৰিবলগা হয়। এনে পৰিস্থিতিত খেলৰ দ্বিতীয় দিনা আজি ৫০-৫০ অভাৰৰ মেচৰ সিদ্ধান্ত লোৱা হয়। পিছে আজি দ্বিতীয় দিনাও বৰষুণে ব্যাঘাত জন্মোৱাৰ বাবে মেচখন ৪৬ অভাৰলৈ হ্ৰাস কৰা হয়। মেচখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল।

প্ৰথমে বেটিং কৰি প্ৰধানমন্ত্ৰী একাদশে ৪৩.২ অভাৰত ২৪০ ৰান সংগ্ৰহ কৰি অল আউট হয়। প্ৰধানমন্ত্ৰী একাদশৰ ইনিংছত উজলি উঠে ১৯ বৰ্ষীয় অষ্ট্ৰেলিয়ান বেটাৰ ছেম কনষ্টেণ্টছে। বিস্ফোৰক বেটিঙেৰে কনষ্টেণ্টছে মাত্ৰ ৯৭টা বলত ১৪টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ১০৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ হৰ্ষিত ৰাণাই ৬ অভাৰত ৪৪ ৰান খৰচ কৰি ৪টা উইকেট দখল কৰে। লক্ষণীয়ভাৱে ৰাণাই মাত্ৰ ৬টা বলৰ ব্যৱধানত এই ৪টা উইকেট দখল কৰে।

ৰাণাৰ লগতে আকাশ দীপে ২টা আৰু চিৰাজ, প্ৰসিধ কৃষ্ণ, ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজায়ো এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। জয়ৰ বাবে ২৪১ ৰানৰ লক্ষ্য অনুসৰণ কৰা ভাৰতৰ হৈ  জয়ছোৱাল আৰু ৰাহুলে ইনিংছ আৰম্ভ কৰে। ৰাহুলে ৪৪টা বলত ২৭ ৰান সংগ্ৰহ কৰি ৰিটায়াৰ্ড হাৰ্ট হৈ ক্ৰীজ এৰাৰ বিপৰীতে জয়ছোৱালে ৫৯টা বলত ৪৫ ৰানৰ ইনিংছ খেলে। গিলেও দৰ্শনীয় বেটিঙেৰে ৬২টা বলত ৫০ ৰান সংগ্ৰহ কৰে।

আনহাতে পাৰ্থত অভিষেক মেচতে চমকপ্ৰদ প্ৰদৰ্শনেৰে উজলি উঠা নীতিশ কুমাৰ ৰেড্ডীয়ে পুনৰ নিজৰ যোগ্যতা প্ৰমাণ কৰি ৪২ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে। ৱাশ্বিংটন সুন্দৰৰ পৰা বেটৰ পৰাও আহে  ৪২ ৰানৰ আক্ৰমণাত্মক ইনিংছ। একেদৰে ৰবীন্দ্ৰ জাদেজায়ো ২৭ ৰানৰ অৰিহণা আগবঢ়ায়। অৱশ্যে অধিনায়ক ৰোহিত (৩) আৰু ছৰফৰাজ খান (১) আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয়।