বিশ্ব চেম্পিয়নশ্বিপৰ পৰা পাকিস্তানক বাহিৰ কৰাৰ যো-জা জয় শ্বাহৰ…

বিশ্ব ক্লাব টি-২০ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ পৰা বাদ পৰিব পাৰে পাকিস্তান। ইয়াৰ কাৰণ পাকিস্তানৰ এক ভুল বুলি কোৱা হৈছে। উল্লেখ্য যে, শীঘ্ৰেই জয় শ্বাহে কোনো ডাঙৰ ঘোষণা কৰিব পাৰে।

বিশ্ব চেম্পিয়নশ্বিপৰ পৰা পাকিস্তানক বাহিৰ কৰাৰ যো-জা জয় শ্বাহৰ...

আইচিচি

Published: 

06 Jul 2025 | 09:52 PM

সমগ্ৰ বিশ্বত বিভিন্ন ধৰণৰ টি-২০ মেচ অনুষ্ঠিত হয়। ইয়াৰ মাজতে এতিয়া এই সকলোবোৰ টি-২০ ক্ৰিকেট লীগৰ চেম্পিয়ন দলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ চিন্তা চলি আছে। ইয়াক নামকৰণ কৰা হৈছে ‘ৱাৰ্ল্ড ক্লাব টি-২০ চেম্পিয়নশ্বিপ’ হিচাপে। অৱশ্যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দলটোৱে এই প্ৰতিযোগিতাৰ প্ৰথম ছিজনত অংশগ্ৰহণ নকৰে। কিন্তু ইয়াৰ মাজতে আইচিচিয়ে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক ডাঙৰ আঘাত দিয়াৰ দিশে গতি কৰিছে।

বাদ পৰিব পাৰে পাকিস্তান

বিশ্ব ক্লাব টি-২০ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ পৰা বাদ পৰিব পাৰে পাকিস্তান। লাভ কৰা তথ্য অনুসৰি, পাকিস্তান ছুপাৰ লীগত বিজয়ী দলটোক এই প্ৰতিযোগিতালৈ আমন্ত্ৰণ জনোৱাৰ কোনো সম্ভাৱনা নাই। এই সন্দৰ্ভত শীঘ্ৰেই আই চি চি তথা সভাপতি জয় শ্বাহে কোনো ডাঙৰ ঘোষণা কৰিব পাৰে। ইয়াৰ আঁৰৰ কাৰণ পাকিস্তান ক্ৰিকেট বোৰ্ডৰ ভুল বুলি কোৱা হৈছে।

সংবাদ সংস্থা পিটিআইৰ মতে,  যোৱা মাহত লণ্ডনত অনুষ্ঠিত ক্ৰিকেট কানেক্টৰ বৈঠকলৈ পাকিস্তান ক্ৰিকেট বোৰ্ডক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। এই বৈঠকৰ বাবে পিএছএলৰ চিইঅ’ক প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। কিন্তু সেই বৈঠকলৈ পাকিস্তানৰ তৰফৰ পৰা কোনোৱে উপস্থিত হোৱা নাছিল। ইয়াৰ বিপৰীতে এই বৈঠকত উপস্থিত আছিল অন্যান্য ডাঙৰ লীগৰ সদস্য।

এই বৈঠকত বিশ্ব ক্লাব টি-২০ চেম্পিয়নশ্বিপৰ বাবে উইণ্ড’ আৰু ফৰ্মেটৰ দৰে ডাঙৰ ডাঙৰ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। এই বৈঠকত এমিৰেটছ লীগ, বিগ বেছ লীগ, দ্য হাণ্ড্ৰেড, এছ এ২০, এম এল চি, কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ দৰে লীগৰ চি ই অ’সকলে অংশগ্ৰহণ কৰে। পাকিস্তানকও নিমন্ত্ৰণ কৰা হৈছিল যদিও কোনো উপস্থিত নাছিল। আচৰিত কথা এয়াই যে, পিচিবিৰ সভাপতি মহছিন নকৱীয়েও আইচিচিৰ বৈঠকত অংশ লোৱা নাই। যাৰ বাবে পাকিস্তানক এই প্ৰতিযোগিতাখনৰ পৰা বাদ দিয়াৰ সম্ভাৱনা আছে।

ছৌদিৰ নতুন লীগৰ প্ৰস্তুতি

উল্লেখ্য যে, এই সকলোবোৰৰ মাজতে ছৌদি আৰৱে ক্ৰিকেট জগতত এখন নতুন লীগ আৰম্ভ কৰাৰ যো জা চলাই আছে। ছৌদি আৰৱৰ পাব্লিক ইনভেষ্টমেণ্ট ফাণ্ডৰ অধীনত কাম কৰা এছ আৰ জে স্প’ৰ্টছ ইনভেষ্টমেণ্টছ কোম্পানীয়ে বিশ্বব্যাপী টি-২০ লীগৰ পৰিকল্পনা কৰিছে। ইয়াত মুঠ আঠটা দল থাকিব, যিয়ে গোটেই বছৰটো চাৰিখন ভিন্ন দেশত প্ৰতিযোগিতা খেলিব। কিন্তু বিচিচিআই আৰু ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে এক প্ৰকাৰ এই নতুন লীগৰ বিৰোধিতা কৰিছে। এনে পৰিস্থিতি ছৌদি আৰৱক লীগৰ ৰেছক পৰা আঁতৰ কৰিবলৈ বিশ্ব ক্লাব চেম্পিয়নশ্বিপৰ কাম দ্ৰুতগতিত কৰা হৈছে।

 

অন্য খবৰ পঢ়কঃ মোদীৰ ব্ৰাজিল ভ্ৰমণৰ পৰা ইলন মাস্কৰ নতুন দল গঠনলৈ, আজিৰ দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...