অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ, শীৰ্ষ বাচনিৰ সকলো খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত

গুৱাহাটীত চলি থকা অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ আজি দ্বিতীয় দিনা ১৪ আৰু ১৬ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল মেচসমুহ অনুষ্ঠিত হয়৷ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত চচলত থকা টেনিছ প্ৰকল্পত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত শীৰ্ষ বাচনিৰ সকলো খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷

অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ, শীৰ্ষ বাচনিৰ সকলো খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত

অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

Published: 

13 Aug 2024 | 07:52 PM

১৬ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ নিব্ৰাছ হুছেইন, সমক্ষ শৰ্মা, চন্দোগ্য পাঠক আৰু পাৰ্থিৱ কলিতাৰ লগতে চৈয়দ হুছেইন, ৰাঘৱ সৰোদে, মনোদ্বীপ দে তথা সত্যম প্ৰকাশ৷

ইফালে, অসমৰ নবিহা মৰিয়াম আৰু সাংস্কৃতি বৰাৰ লগতে ১৬ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে শ্ৰুষ্টি সূৰ্যবংশী, ৰিয়া ৰয়, শিবানী গুপ্তে, কীৰ্তিয়নি ঘাটকাৰ, ঈশিতা শ্ৰীয়ালা আৰু ৰীত ঝাৱাৰ৷

ইফালে, ১৪ বছৰ অনূধ্বৰ্ৰ ছোৱালীৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে অসমৰ অৰ্ণৱী দেবনাথ আৰু সাংস্কৃতিক বৰাৰ লগতে ঈশিতা শ্ৰীয়াল, শ্বাজফা এছ কে, শিবানী গুপ্তে, ইন্দ্ৰাক্ষী ভট্টাচাৰ্য আৰু ৰিয়া ৰয়৷ আনহাতে, সংকল্প কুমাৰ সাহানি আৰু কৌস্তভ সিঙে ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷

দেশৰ ১৮ খন ৰাজ্যৰ ১৮৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত এককৰ লগতে ল’ৰা-ছোৱালীৰ ডাবলছ শাখাৰ মেচো অনুষ্ঠিত হ’ব৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক তথা সৰ্বভাৰতীয় টেনিছ সন্থাই এই প্ৰতিযোগিতাখনৰ সঞ্চালক ৰূপে দায়িত্ব দিয়া অংকুশ দত্তই জনোৱা অনুসৰি মঙলবাৰৰ বিয়লিৰ পৰাই ডাবলছ শাখাৰ মেচ অনুষ্ঠিত হৈছে৷

উল্লেখযোগ্য যে যোৱা ১৬ বছৰ ধৰি অইল ইণ্ডিয়া লিমিটেডে এই প্ৰতিযোগিতাখনৰ পৃষ্ঠপোষকতা কৰি আহিছে। ইফালে, সৰ্বভাৰতীয় টেনিছ সন্থাই প্ৰতিযোগিতাখনৰ মুখ্য ৰেফাৰী হিচাপে সোমনাথ মান্নাক নিযুক্তি দিয়াৰ লগতে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তক প্ৰতিযোগিতাখনৰ সঞ্চালক ৰূপে দায়িত্ব অৰ্পন কৰা হৈছিল৷ এই প্ৰতিযোগিতাত আয়োজক অসমৰ লগতে বংগ, মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, তেলেংগানা, হাৰিয়ানা, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, ত্ৰিপুৰা, অন্ধ্ৰ প্ৰদেশ, ওড়িশা, ছিকিম, গুজৰাট, মিজোৰামৰো অংশগ্ৰহণ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...