অষ্ট্ৰেলিয়াৰ বিপক্ষে এদিনীয়া শৃংখলাৰ সময়ত আঘাত, টি-২০ শৃংখলাৰ পৰা বাহিৰ হ’ব নেকি এইগৰাকী তাৰকা
এদিনীয়া শৃংখলা হেৰুওৱাৰ পিছত ভাৰতীয় দলে অষ্ট্ৰেলিয়া ভ্ৰমণ সুখকৰ কৰি ৰাখিবলৈ স্বাভাৱিকতেই আগন্তুক টি-২০ শৃংখলা জয় কৰিব বিচাৰিব। পিছে এই শৃংখলাৰ পূৰ্বে সমস্যাত পৰিছে ভাৰতীয় শিবিৰ। খবৰ অনুসৰি দলৰ এগৰাকী খেলুৱৈ সন্মুখীন হৈছে আঘাতৰ সমস্যাৰ।

ভাৰতীয় ক্ৰিকেট দল
শনিবাৰে অন্ত পৰিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা। এই শৃংখলাত ঘৰুৱা দলটোৰ বিপক্ষে ১-২ ব্যৱধানত পৰাস্ত হয় ভাৰত। এতিয়া দুয়োটা দল পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাত মুখামুখি হ’ব। এদিনীয়া শৃংখলা হেৰুওৱাৰ পিছত ভাৰতীয় দলে অষ্ট্ৰেলিয়া ভ্ৰমণ সুখকৰ কৰি ৰাখিবলৈ স্বাভাৱিকতেই আগন্তুক টি-২০ শৃংখলা জয় কৰিব বিচাৰিব। পিছে এই শৃংখলাৰ পূৰ্বে সমস্যাত পৰিছে ভাৰতীয় শিবিৰ। খবৰ অনুসৰি দলৰ এগৰাকী খেলুৱৈ সন্মুখীন হৈছে আঘাতৰ সমস্যাৰ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত এদিনীয়া শৃংখলাৰ সময়তে এই খেলুৱৈজন আঘাতৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। এই খেলুৱৈজন হৈছে অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী। নীতিশ এদিনীয়া শৃংখলাত ভাৰতীয় দলৰ অংশ আছিল। শৃংখলাৰ প্ৰথম দুখন মেচৰ মূল একাদশতো অন্তৰ্ভুক্ত হৈছিল অলৰাউণ্ডাৰগৰাকী।
অৱশ্যে তৃতীয়খন মেচত খেলিব পৰা নাছিল নীতিশে। ইয়াৰ পিছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বিবৃতি যোগে নীতিশে উৰুত আঘাত পোৱা বাবে তেওঁক জিৰণি দিয়া হৈছিল বুলি উল্লেখ কৰিছিল। এতিয়া ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাতো নীতিশ ভাৰতীয় দলৰ অংশ। অৱশ্যে শৃংখলাৰ প্ৰাকক্ষণত তেওঁৰ ফিটনেছক লৈ উদ্বেগ অব্যাহত আছে।
নীতিশৰ ফিটনেছ সন্দৰ্ভত বিচিচিআই বা ভাৰতীয় দলৰ পৰা শেহতীয়াকৈ কোনো আপডেট প্ৰকাশ পোৱা নাই। অৱশ্যে ক্ৰিকবাজৰ এক প্ৰতিবেদনত নীতিশৰ ফিটনেছ সন্দৰ্ভত বিশেষ তথ্য প্ৰকাশ পাইছে। এই প্ৰতিবেদন মতে নীতিশ এতিয়াও সম্পূৰ্ণ ফিট হোৱা নাই যদিও টি-২০ ছিৰিজৰ বাবে ফিট হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰা হৈছে।
যদি তেওঁ শৃংখলাৰ বাবে ফিট হৈ উঠে, স্বাভাৱিকতেই এয়া ভাৰতীয় দলৰ বাবে ই এক বৃহৎ সকাহ হ’ব। কিয়নো তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া এই শৃংখলাৰ বাবে ঘোষিত দলত নাই। এনে পৰিস্থিতিত অলৰাউণ্ডাৰ হিচাপে দলৰ বাবে নীতিশ কুমাৰ ৰেড্ডীৰ উপস্থিতি অত্যন্ত গুৰুত্বপূৰ্ণ।
ইফালে অন্তিম এদিনীয়া মেচত আঘাত পোৱা শ্ৰেয়স আয়াৰ বৰ্তমান ছিডনীত চিকিৎসাধীন হৈ আছে বুলি প্ৰকাশ পাইছে। ছিডনীত ফিল্ডিং কৰি থকাৰ সময়তে কেচ আয়ত্ব কৰাৰ চেষ্টাত আঘাতপ্ৰাপ্ত হৈছিল আয়াৰ। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি তেওঁ বুকুত কিছু আঘাত পাইছে আৰু এই আঘাতৰ বাবে তেওঁ প্ৰায় তিনি সপ্তাহ ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলগা হ’ব পাৰে।