SRH vs MI Live Score, IPL 2025: হায়দৰাবাদৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ মুম্বাই ইণ্ডিয়ানছৰ

Sunrisers Hyderabad vs Mumbai Indians Live Score in Assamese: আজি মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব ছানৰাইজাৰ হায়দৰাবাদ । আজিৰ আইপিএলৰ ৪১ নম্বৰ মেচ । দুয়োটাৰ দলৰে আজিৰ খেলত জয়ৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে ।

SRH vs MI Live Score, IPL 2025: হায়দৰাবাদৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ মুম্বাই ইণ্ডিয়ানছৰ
Updated On: 

23 Apr 2025 22:56 PM

নিজৰ ঘৰুৱা খেল পথাৰত আজি মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব ছানৰাইজাৰ হায়দৰাবাদ । আজিৰ আইপিএলৰ ৪১ নম্বৰ মেচ । দুয়োটাৰ দলৰে আজিৰ খেলত জয়ৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে । মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ কথা ক’বলৈ গ’লে এই মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ। যদিহে মুম্বাই দলে এই মেচখনত ডাঙৰ ব্যৱধানত জয়লাভ কৰে তেন্তে শীৰ্ষ চাৰি নম্বৰ স্থান লাভ কৰাৰ সুযোগ পাব। আনহাতে, ছানৰাইজাৰছৰ বাবে মুম্বাইক পৰাস্ত কৰি নিজৰ স্থিতি শক্তিশালী কৰাটো গুৰুত্বপূৰ্ণ।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 23 Apr 2025 10:50 PM (IST)

    মুম্বাইৰ জয়লাভ

    হায়দৰাবাদৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ মুম্বাই ইণ্ডিয়ানছৰ । শেষত চাৰি মাৰি খেলখনত মুম্বাইক জয়ী কৰে সূৰ্য্যকুমাৰ যাদৱে ।

  • 23 Apr 2025 10:45 PM (IST)

    জয় নিশ্চিত মুম্বাইৰ

    ৩০ টা বলত ৭ ৰানৰ প্ৰয়োজন মুম্বাই ইণ্ডিয়ানছক । এতিয়াও হাতত আছে ৭ টা উইকেট ।


  • 23 Apr 2025 10:43 PM (IST)

    আউট ৰোহিত শৰ্মা

    গুৰুত্বপূৰ্ণ অৱদানেৰে আউচ ৰোহিত শৰ্মা । ৪৬ টা বলত ৭০ ৰান সংগ্ৰহ কৰে ৰোহিত শৰ্মাই । জয়ৰ বাবে ৩২ টা বলত ১৪ ৰানৰ প্ৰয়োজন মুম্বাই ইণ্ডিয়ানছক ।

  • 23 Apr 2025 10:23 PM (IST)

    ৰোহিত শৰ্মাৰ অৰ্ধশতক

    ৰোহিত শৰ্মাই একেৰাহে দ্বিতীয় অৰ্ধশতক অৰ্জন কৰে । ৩৯ টা বলত ৫৫ ৰান কৰি আছে ৰোহিতে ।

  • 23 Apr 2025 10:22 PM (IST)

    উইল জেকছ আউট

    জিশন আনছাৰীৰ বলত ২২ ৰান সংগ্ৰহ কৰি উইল জেকছ আউট হৈ আছে।

  • 23 Apr 2025 10:05 PM (IST)

    মুম্বাই ইণ্ডিয়ানছৰ ৰান ৬০ ৰান

    ৭ অভাৰৰ অন্তত মুম্বাই ইণ্ডিয়ানছৰ ৰান ৬০ ৰান । এটা উইকেটৰ পতন। ৰোহিত-২৬(২০), জেকছ-২০(১৪) ।

  • 23 Apr 2025 09:52 PM (IST)

    আক্ৰমণাত্মক ৰোহিত শৰ্মা

    চতুৰ্থ অভাৰ- জয়দেৱ উনাদকটৰ অভাৰত ১৩ ৰান সংগ্ৰহ কৰে। উনাদকাটৰ পঞ্চম বলত ৰোহিত শৰ্মাই ছয় কৰে।  ৰোহিতে ২৫ ৰান সংগ্ৰহ কৰি আছে ।

  • 23 Apr 2025 09:38 PM (IST)

    হায়দৰাবাদৰ বাবে ভাল আৰম্ভণি

    মুম্বাইৰ হৈ অ’পেন কৰিবলৈ আহিছিল ৰিকেলটন আৰু ৰোহিত শৰ্মা। ৮ টা বলত ১১ কৰি আউট হয় ৰিকেলটন ।

  • 23 Apr 2025 09:13 PM (IST)

    মুম্বাই সন্মুখত ১৪৪ ৰানৰ লক্ষ্য

    হায়দৰাবাদে ২০ অভাৰত ১৪৩ ৰান সংগ্ৰহ কৰে । বল্টে ৪ উইকেট দখল কৰে । অভিনৱ মনোহৰে উজ্জ্বল ইনিংছ খেলিছিল।

  • 23 Apr 2025 09:05 PM (IST)

    ক্লাচেন আউট

    ক্লাচেন আউট । ৪৪ টা বলত ৭১ ৰান সংগ্ৰহ কৰি আউট ক্লাচেন । ১৯ অভাৰত হায়দৰাবদৰ ৰান ১৩৪ ৰান । ৬ টা উইকেটৰ পতন ।

  • 23 Apr 2025 08:55 PM (IST)

    ক্লাচেনৰ আক্ৰমণাত্মক বেটিং

    ১৭ অভাৰৰ অন্তত হায়দৰাবাদৰ ৰান ১১০ ৰান । ক্লাচেনে ৪০ টা বলত ৬২ সংগ্ৰহ কৰি আক্ৰমণাত্মক বেটিং কৰি আছে । পাঁচটা উইকেটৰ পতন ।

  • 23 Apr 2025 08:46 PM (IST)

    ১৫ অভাৰত ৯০ ৰান

    ১৫ অভাৰত ৯০ ৰান সংগ্ৰহ হায়দৰাবাদৰ । ক্লাচেনৰ অৰ্ধশতক । পাঁচটা উইকেটৰ পতন ।

  • 23 Apr 2025 08:44 PM (IST)

    আক্ৰমণাত্মক ক্লাচেন

    ক্লাচেনৰ ৫০ ৰান সংগ্ৰহ । ৩৪ টা বলত ক্লাচেনে ৫০ ৰান সংগ্ৰহ কৰে । বিপৰ্যয়ৰ মাজতো আক্ৰমণাত্মক ক্লাচেন ।

  • 23 Apr 2025 08:41 PM (IST)

    হায়দৰাবাদৰ ৰান ৮০

    ১৪ অভাৰৰ অন্তত হায়দৰাবাদৰ ৰান ৮০ । ৫ টা উইেটৰ পতন ।

  • 23 Apr 2025 08:32 PM (IST)

    ১২ অভাৰৰ অন্তত হায়দৰাবাদৰ ৰান ৭০

    ১২ অভাৰৰ অন্তত হায়দৰাবাদৰ ৰান ৭০ । ৫ টা উইেটৰ পতন । দীপক চহৰৰ সুন্দৰ বলিং প্ৰদৰ্শন । চাৰি অভাৰত ১২ ৰান দি ২ টা উইকেট দখল কৰিছে চহৰে ।

  • 23 Apr 2025 08:23 PM (IST)

    হায়দৰাবাদৰ বৃহৎ বিপৰ্যয়ৰ

    হায়দৰাবাদত আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। নৱম অভাৰৰ তৃতীয় বলত হাৰ্দিক পাণ্ডিয়াই অনিকেত ভাৰ্মাক আউট কৰে। উইকেটৰক্ষক ৰিয়ান ৰিকেলটনে কেচটো লয়। ১৪টা বলত ১২ ৰান সংগ্ৰহ কৰে। ৫১ ৰানত হায়দৰাবাদৰ হেৰুৱালে পঞ্চমটো উইকেট ।

  • 23 Apr 2025 08:09 PM (IST)

    পাৱাৰপ্লেত হায়দৰাবাদৰ ৰান

    পাৱাৰ প্লে’ত ছানৰাইজাৰ্ছ হায়দৰাবাদ দলে মাত্ৰ ২৪ ৰানহে কৰিবলৈ সক্ষম হৈছে। হেৰুৱালে চাৰিটা উইকেট। অতি বেয়া আৰম্ভণি…

  • 23 Apr 2025 07:59 PM (IST)

    চাৰিটা উইকেটৰ পতন হায়দৰাবাদৰ

    চাৰিটা উইকেটৰ পতন হায়দৰাবাদৰ । আক্ৰমণাত্মক মুম্বাই ।

    টেভিছ হেড-০(৪)

    অভিশেষ শৰ্মা-৮(৮)

    ঈশান কিষান-১(৪)

    ৰেড্ডী-২(৬)

  • 23 Apr 2025 07:47 PM (IST)

    প্ৰথম আঘাত হায়দৰাবাদৰ

    প্ৰথম বিপৰ্যয়ৰ সন্মুখীন হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। আউট ট্ৰেভিছ হেড । ট্ৰেণ্ট ব’ল্টৰ বলত আউট ট্ৰেভিছ হেড ।

  • 23 Apr 2025 07:19 PM (IST)

    দুয়োটা দলৰে মূল একাদশ

    এছ আৰ এইচ : পেট কামিন্স (অধিনায়ক), অভিষেক শৰ্মা, ট্ৰেভিছ হেড, ঈশান কিষাণ, নীতিশ কুমাৰ ৰেড্ডী, হেনৰিচ ক্লাচেন (উইকেটকীপাৰ), অনিকেত ভাৰ্মা, হৰ্শাল পেটেল, জয়দেৱ উনাদকট, জীশন আনছাৰী আৰু ঈশান মালিংগা

    বিকল্প খেলুৱৈ : অভিনৱ মনোহৰ, শচীন বেবী, মহম্মদ ছামি, ৰাহুল চহৰ আৰু ৱিয়ান মুল্ডাৰ

    এম আই : হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ৰিয়ান ৰিকেলটন (উইকেটকীপাৰ), সূৰ্য্যকুমাৰ যাদৱ, তিলক ভাৰ্মা, নমন ধীৰ, উইল জেকছ, মিচেল ছাণ্টনাৰ, দীপক চহৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ আৰু ভিগনেশ পুথুৰ

    বিকল্প খেলুৱৈ : ৰোহিত শৰ্মা, কৰ্বিন বছ, সত্যনাৰায়ণ ৰাজু, ৰাজাংগদ বাৱা, ৰবিন মিঞ্জ

  • 23 Apr 2025 07:08 PM (IST)

    টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত মুম্বাই ইণ্ডিয়ানছৰ

    টছ সম্পন্ন । টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লৈছে মুম্বাই ইণ্ডিয়ানছে ।

  • 23 Apr 2025 07:06 PM (IST)

    খেলুৱৈ আৰু কমেণ্টেট’ৰ সকলে ক’লা বেণ্ড পিন্ধি ওলাই আহিল

    আজি আই পি এলৰ সকলো খেলুৱৈ, কমেণ্টেট’ৰ আৰু মেচ অফিচিয়েল ক’লা আৰ্মবেণ্ড পিন্ধি খেলপথাৰলৈ আহিছে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ স্মৃতিত।

  • 23 Apr 2025 07:02 PM (IST)

    অভিলেখত কাৰ হাতত আছে?

    আজিলৈকে আই পি এলত ছানৰাইজাৰ্ছ আৰু মুম্বাইৰ মাজত ২৪খন মেচ খেলিছে আৰু ইয়াত মুম্বাইৰ আগবাঢ়ি আছে। ছানৰাইজাৰ্ছে ১০খন মেচত জয়লাভ কৰাৰ বিপৰীতে মুম্বাইয়ে ১৪খন মেচত জয়লাভ কৰিছে।

  • 23 Apr 2025 06:59 PM (IST)

    দল দুটাৰ অৱস্থা কেনেকুৱা

    দুয়োটা দলে এই ছিজনত ভাল আৰম্ভণি কৰা নাছিল যদিও মুম্বাইয়ে পুনৰ উভতি অহাৰ বিপৰীতে ছানৰাইজাৰ্ছে এতিয়াও সংগ্ৰাম কৰি আছে। প্ৰথম ৫ খন মেচৰ ভিতৰত ৪ খনত পৰাস্ত হৈছিল মুম্বাই যদিও যোৱা ৩ খন মেচত দলটোৱে একেৰাহে ৩ খন মেচত জয়লাভ কৰি শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায়।

    প্ৰথমখন মেচত ছানৰাইজাৰ্ছে ডাঙৰ জয় লাভ কৰিছিল যদিও তেতিয়াৰ পৰাই তেওঁলোকৰ পৰাজয়ৰ ধাৰা অব্যাহত আছে। একেৰাহে ৪খন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল দলটোৱে। তাৰ পিছত দলটোৱে ষষ্ঠখন খেলত জয়লাভ কৰে যদিও সপ্তমখন খেলত পৰাস্ত হয়।

লাভ কৰিব শ্ৰীকৃষ্ণৰ আশীৰ্বাদ! কৰক মাত্ৰ এই কাম...
এই ৩ বিধ খাদ্যই দুৰ্বল কৰি তুলিব পাৰে আপোনাৰ যকৃত! জানক সকলো...
জৰায়ুৰ সংক্ৰমণ কিয় হয়? জানক কেনেকৈ কৰিব প্ৰতিৰোধ
বাৰে বাৰে ভোক লাগে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...