মেছিক এবাৰ হেণ্ডচেক কৰিবলৈ কিমান টকা দিব লাগে? সেই টকাৰে কিনিব পাৰিব এইকেইখন বাহন

খবৰ অনুসৰি লীলা পেলেচ হোটেলত মেছিক সাক্ষাৎ কৰিবলৈ বিশেষ ব্যৱস্থা কৰা হৈছে। এই সাক্ষাৎ অনুষ্ঠানত কৰ্পৰেট আৰু ভিআইপি অতিথিয়েহে অংশগ্ৰহণ কৰিব পাৰিব। মেছিক লগ কৰিবলৈ মানুহে যথেষ্ট মূল্য দিবলগীয়া হৈছে।

মেছিক এবাৰ হেণ্ডচেক কৰিবলৈ কিমান টকা দিব লাগে? সেই টকাৰে কিনিব পাৰিব এইকেইখন বাহন

লিয়নেল মেছি

Published: 

15 Dec 2025 18:57 PM

বিশ্বৰ শীৰ্ষ ফুটবলাৰ লিয়নেল মেছি বৰ্তমান ভাৰতত। এক বিশেষ কাৰ্যসূচী হাতত লৈ তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে আৰ্জেণ্টিনাৰ ফুটবল তাৰকাগৰাকী। মেছিৰ বাবে ভাৰতীয় ফুটবলপ্ৰেমীৰ মাজত দেখা গৈছে ব্যাপক উন্মাদনা। কলকাতা আৰু মুম্বাইৰ পিছত দিল্লীতো দেখা গ’ল মেছিৰ জনপ্ৰিয়তা। দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মেছিয়ে, আৰু তেওঁক এবাৰ চাবলৈ ষ্টেডিয়ামখন অনুৰাগীৰে ভৰি পৰিছিল।

কেৱল ষ্টেডিয়ামতে নহয়, মেছিৰ আতিথ্যত কোনো ক্ৰুটি ৰৈ যোৱা নাছিল। মেছিৰ বাবে দিল্লীৰ লীলা পেলেচ হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছিল, য’ত তেওঁৰ বাবে এটা সম্পূৰ্ণ মহলা বুকিং কৰা হৈছিল। আৰ্জেণ্টিনাৰ দলটোৱে হোটেলখনৰ প্ৰেচিডেন্সিয়েল ছুইটত নিশা কটাইছে, যাৰ মূল্য প্ৰতিদিনে ৩.৫ লাখৰ পৰা ৭ লাখ টকাৰ ভিতৰত।

মেছিৰ সৈতে হেণ্ডশ্বেকৰ বাবে ১ কোটি টকা খৰচ

খবৰ অনুসৰি লীলা পেলেচ হোটেলত মেছিক সাক্ষাৎ কৰিবলৈ বিশেষ ব্যৱস্থা কৰা হৈছে। এই সাক্ষাৎ অনুষ্ঠানত কৰ্পৰেট আৰু ভিআইপি অতিথিয়েহে অংশগ্ৰহণ কৰিব পাৰিব। মেছিক লগ কৰিবলৈ মানুহে যথেষ্ট মূল্য দিবলগীয়া হৈছে। খবৰ অনুসৰি মেছিৰ সৈতে হেণ্ডচেক আৰু চমু কথা-বতৰাৰ বাবে ১ কোটি টকা পৰ্যন্ত খৰচ হয়। এই ধনেৰে দুখন মাৰ্চিডিজ আৰু এখন অ’ডি ক্ৰয় কৰিব পৰা যাব।

মেছিয়ে লাভ কৰিছে বিশেষ উপহাৰ

দিল্লীত বিশেষ উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয় মেছিক। আই চি চিৰ মুৰব্বী জয় শ্বাহে খেলুৱৈগৰাকীক সাক্ষাৎ কৰি অহা বছৰৰ টি-২০ বিশ্বকাপৰ টিকট উপহাৰ দিয়ে। ভাৰত-আমেৰিকাৰ খেলখনৰ টিকটো দিয়া হৈছিল মেছিক। লগতে তেওঁক বিশেষ বেট আৰু টিম ইণ্ডিয়াৰ জাৰ্চি প্ৰদান কৰা হয়।

ভাৰতত লাভ কৰা বিশেষ মৰমৰ বাবে মেছিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে। অৰুণ জেটলী ষ্টেডিয়ামত মেছিয়ে কয়, “ভাৰতত লাভ কৰা মৰমৰ বাবে মই কৃতজ্ঞ। আমাৰ বাবে এয়া আছিল এক বিশেষ মুহূৰ্ত। আমি এই প্ৰেম আমাৰ লগত লৈ যাম আৰু ইয়াক ঘূৰায়ো দিম। আশা কৰিছো এদিন ভাৰতলৈ উভতি আহি ইয়াত এখন মেচ খেলিম।”

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা