কিয় মাতৃয়ে কথা পতা বন্ধ কৰি দিছিল? কি ভুল কৰিছিল কে এল ৰাহুলে, জানক…

KL Rahul birthday: ক্ৰিকেট জগতৰ এটি জনপ্ৰিয় নাম কে এল ৰাহুল। আজি এইগৰাকী খেলুৱৈৰ জন্মদিন। পিছে এইগৰাকী খেলুৱৈ এনে এটা ভুল কৰিছিল যাৰ বাবে মাতৃয়ে কথা পতা বন্ধ কৰি দিছিল।

কিয় মাতৃয়ে কথা পতা বন্ধ কৰি দিছিল? কি ভুল কৰিছিল কে এল ৰাহুলে, জানক...

কে এল ৰাহুল

Published: 

18 Apr 2025 14:19 PM

ক্ৰিকেট জগতত এটি জনপ্ৰিয় নাম কে এল ৰাহুল (K L rahul)।  বৰ্তমান আই পি এল ২০২৫ ত ব্যস্ত তেওঁ। এইবাৰ দিল্লী কেপিটেলছৰ হৈ খেলিছে কে এল ৰাহুলে। নতুন ছিজনত নতুন ফ্ৰেঞ্চাইজিৰ বাবে অতি সুন্দৰ প্ৰদৰ্শন কৰিছে খেলুৱৈগৰাকীয়ে। আজিৰ দিনটো কে এল ৰাহুলৰ বাবে গুৰুত্বপূৰ্ণ। কিয়নো ২০২৫ চনৰ ১৮ এপ্ৰিলত ৩৩ বছৰ সম্পূৰ্ণ কৰে ৰাহুলে। পিছে প্ৰশ্ন হয়, মাতৃৰ সৈতে কে এল ৰাহুল সম্পৰ্ক কেনেকুৱা?  কিয় মাতৃয়ে তেওঁৰ সৈতে কথা পতা বন্ধ কৰি দিছিল?

কে এল ৰাহুলৰ জীৱনৰ সৈতে জড়িত এইটো এটা ডাঙৰ সত্য। জানিব পৰা মতে মাত্ৰ ১৫ বছৰ বয়সত তেওঁ এনে এক কাম কৰিছিল যাৰ বাবে মাতৃয়ে কথা পতা বন্ধ কৰি দিছিল।

খেলি ভাল পাইছিল

কে এল ৰাহুলৰ সৰুৰ পৰাই ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ আছিল।প্ৰথমে তেওঁ সকলো ধৰণৰ খেল খেলিছিল। ইফালে ৰাহুলৰ পিতৃ কে এন লোকেশ আৰু মাতৃ ৰাজেশ্বৰী দুয়ো শৈক্ষিক ক্ষেত্ৰখনৰ সৈতে জড়িত। অৱশ্যে তেওঁৰ পিতৃ আছিল সুনীল গাভাস্কাৰৰ ডাঙৰ অনুৰাগী। এনে পৰিস্থিতিত পুতেকে খেলা-ধূলা কৰাত তেওঁৰ কোনো আপত্তি নাছিল।

অৱশ্যে এই ক্ষেত্ৰত আছিল বিশেষ চৰ্ত। তেওঁ ৰাহুলক কৈছিল যে তেওঁৰ খেলা-ধূলাৰ  বাবে পঢ়া-শুনাত কোনো প্ৰভাৱ পৰিব নালাগে। যদি অধ্যয়নৰ ক্ষেত্ৰত কে এল ৰাহুল পিছ পৰে তেন্তে তেওঁৰ খেলা বন্ধ কৰি দিয়া হ’ব। পিতৃ-মাতৃৰ এই চৰ্ত মানি তেওঁ ক্ৰীড়া আৰু পঢ়া-শুনাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছিল।

সমস্যা কি আছিল

পুত্ৰই ক্ৰীড়া আৰু পঢ়া দুয়ো ক্ষেত্ৰতে ভাৰসাম্য বজাই ৰাখিছিল। তেন্তে কিহৰ বাবে সমস্যাৰ সৃষ্টি হৈছিল মাতৃৰ?  জানিব পৰা মতে, পুত্ৰই ১৫ বয়সত এনে এক ভুল কৰিছিল যাৰ বাবে ক্ষোভিত হৈ পৰিছিল মাতৃ। আচলতে, কে এল ৰাহুলে ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ক আদৰ্শ হিচাপে গণ্য কৰে। গতিকে সৰুৰে পৰা সকলো ক্ষেত্ৰতে দ্ৰাবিড়ক অনুসৰণ কৰিছিল। কিন্তু ষ্টাইলৰ ক্ষেত্ৰত কে এল ৰাহুলে ইংলেণ্ডৰ মহান ফুটবলাৰ ডেভিদ বেকহামক অনুসৰণ কৰিছিল।

মাতৃয়ে কিয় কথা  পতা নাছিল

ফুটবলাৰ ডেভিদ বেকহামক অনুসৰণ কৰি কে এল ৰাহুলে শৰীৰত টাটু আঁকিবলৈ লৈছিল। মাত্ৰ ১৫ বছৰ বয়সৰ পৰাই শৰীৰত টেটু কৰিবলৈ আৰম্ভ কৰিছিল তেওঁ। প্ৰথম অৱস্থাত এই বিষয়ে পৰিয়ালৰ কাকো জনোৱা নাছিল তেওঁ। কিন্তু শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত থকা মাতৃয়ে যেতিয়া এই বিষয়ে জানিব পাৰে লগে লগে ক্ষোভিত হৈ পৰে। তেওঁৰ ইমানেই খং উঠিছিল যে পুত্ৰ কে এল ৰাহুলৰ লগত কেইদিনমানৰ বাবে কথা পতা বন্ধ কৰি দিছিল। অৱশ্যে বৰ্তমান পিতৃৃ-মাতৃৰ সৈতে সম্পৰ্ক ভাল কে এল ৰাহুলৰ।

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা