পাকিস্তানী খেলুৱৈৰ সৈতে কৰমৰ্দনহে নহ’ল, এনে কামেৰে ভাৰতীয় খেলুৱৈয়ে জিনিলে সকলোৰে হৃদয়
দেওবাৰৰ এই মেচখনত ভাৰতীয় দলে পাকিস্তানক ৯০ ৰানত সহজে পৰাস্ত কৰে। পাকিস্তান দলে জয়ৰ বাবে এক সহজ লক্ষ্য লাভ কৰে যদিও ভাৰতীয় দলৰ শক্তিশালী বলিং প্ৰদৰ্শনৰ সমুখত সহজে হাৰ মানে। এই বিজয়ৰ সমান্তৰালকৈ ভাৰতীয় দলৰ এগৰাকী খেলুৱৈয়ে বিশেষভাৱে চৰ্চা লাভ কৰে।

চৰ্চাত কিষাণ কুমাৰ সিং
ডুবাইত চলি আছে ১৯ অনুৰ্ধ এছিয়া কাপ ২০২৫। এই প্ৰতিযোগিতাত হট ফেভাৰিট হিচাপে অৱতীৰ্ণ হৈছে ভাৰতীয় ক্ৰিকেট দল। আয়ুস মাহাত্ৰে নেতৃত্বাধীন ভাৰতীয় দলে এইপৰ্যন্ত দুখন মেচত অৱতীৰ্ণ হৈ দুয়োখন মেচতে জয়লাভ কৰিছে। প্ৰথম মেচত ইউ এ ইক পৰাস্ত কৰাৰ পিছত দেওবাৰে দ্বিতীয়খন মেচত পাকিস্তানক পৰাস্ত কৰে। সাধাৰণতে ক্ৰিকেট বিশ্বত ভাৰত বনাম পাকিস্তানৰ মেচ বুলিলেই দেখা পোৱা যায় এক বিশেষ উন্মাদনা। দুই দেশৰ খেলুৱৈ তথা অনুৰাগীৰ লগতে সমগ্ৰ ক্ৰিকেট বিশ্বক স্পৰ্শ কৰে এই উন্মাদনাই।
দেওবাৰৰ এই মেচখনত ভাৰতীয় দলে পাকিস্তানক ৯০ ৰানত সহজে পৰাস্ত কৰে। পাকিস্তান দলে জয়ৰ বাবে এক সহজ লক্ষ্য লাভ কৰে যদিও ভাৰতীয় দলৰ শক্তিশালী বলিং প্ৰদৰ্শনৰ সমুখত সহজে হাৰ মানে। এই বিজয়ৰ সমান্তৰালকৈ ভাৰতীয় দলৰ এগৰাকী খেলুৱৈয়ে বিশেষভাৱে চৰ্চা লাভ কৰে।
চৰ্চাত কিষাণ কুমাৰ সিং
এই খেলুৱৈগৰাকী হৈছে ভাৰতীয় দলটোৰ পেচাৰ কিষাণ কুমাৰ সিং। মেচখনত তেওঁ ৩৩ ৰানত ২টা উইকেট দখল কৰে। এই প্ৰদৰ্শনৰ বাবে অৱশ্যে বিশেষ চৰ্চিত হোৱা নাছিল কিষাণ, আন এক কাৰণতহে তেওঁ হৈ পৰে আলোচনাৰ কেন্দ্ৰবিন্দু। খেলৰ মাজতে তেওঁ এক বিশেষ কাৰ্যৰ দ্বাৰা প্ৰশংসা বুটলিছে সকলোৰে।
বিগত সময়ছোৱাত ২২গজত কেইবাখনো মেচত মিলিত হৈছে ভাৰত আৰু পাকিস্তান। এই মেচসমূহত পাকিস্তানৰ খেলুৱৈৰ সৈতে কৰমৰ্দন কৰাৰ পৰাও বিৰত আছে ভাৰতীয় খেলুৱৈ। ইয়াকে লৈ দেখা গৈছে অলেখ চৰ্চা। পিছে কালিৰ মেচখনত দেখা গ’ল এক বিশেষ দৃশ্য। কৰমৰ্দন নকৰিলেও এই মেচখনত ভাৰতীয় খেলুৱৈ কিষাণে দিয়ে খেলুৱৈসুলভ মানসিকতাৰ।
কি কৰিলে কিষাণে?
ভাৰতে বলিং কৰি থকাৰ সময়তে ৩৬ নং অভাৰ শেষ হোৱাৰ পাছত পাকিস্তানী বেটছমেন হুজাইফা আহছানৰ জোতাৰ ফিটা খোল খাই যোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে তেওঁ ভাৰতীয় খেলুৱৈৰ পৰা জোতাৰ ফিটা বান্ধিবলৈ সহায় বিচাৰে। পাকিস্তানী খেলুৱৈগৰাকীৰ অনুৰোধ ৰক্ষা কৰি কিষাণে বান্ধি দিয়ে তেওঁৰ জোতাৰ ফিটা। খেলপথাৰৰ এই দৃশ্যই এতিয়া বুটলিছে সকলোৰে প্ৰশংসা।