Khelo India 2025: ক্ৰীড়া বিভাগৰ উদ্যোগত সৰুসজাইত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫ ৰ প্ৰস্তুতি শিবিৰ

ভাৰত চৰকাৰৰ যুৱ প্ৰতিভা সন্ধানী ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্চ মানদণ্ডৰ প্ৰতিযোগিতাখনলৈ এইবাৰ অসমে মুঠ ১৭ বিধ খেলত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে অহা চাৰিৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হ’বলগা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে।

Khelo India 2025: ক্ৰীড়া বিভাগৰ উদ্যোগত সৰুসজাইত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫ ৰ প্ৰস্তুতি শিবিৰ

সৰুসজাইত ক্ৰীড়া বিভাগৰ উদ্যোগত প্ৰস্তুতি শিবিৰ

Published: 

23 Apr 2025 17:40 PM

বিহাৰ আৰু নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা আসন্ন সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়ালৈ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগে শতাধিক সংখ্যক ল’ৰা-ছোৱালীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিব। ভাৰত চৰকাৰৰ যুৱ প্ৰতিভা সন্ধানী ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্চ মানদণ্ডৰ প্ৰতিযোগিতাখনলৈ এইবাৰ অসমে মুঠ ১৭ বিধ খেলত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে অহা চাৰিৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হ’বলগা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে।

অসমে অংশ ল’ব লগা খেলসমুহ হ’ল, সাঁতোৰ, ভাৰোত্তোলন, এথলেটিকছ, শ্বুটিং, বক্সিং, চাইক্লিং, থাংটা, টেবুল টেনিছ, যোগাসন, ঘাটকা, কালাৰিপায়াটু, জুডো, জিমনাষ্টিক, মাল্লখম্ব, ছেপাকটাক্ৰ’ আৰু ছোৱালীৰ ভলীবল তথা কাবাডী৷ ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত সম্প্ৰতি সৰুসজাই ক্ৰীড়া প্ৰকল্পত অসমৰ খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ আছে। অহা দুই মে’ত অসমৰ প্ৰথমটো দল গুৱাহাটীৰ পৰা ৰাওনা হ’ব।

এইবাৰ অসম দলৰ চিফ দ্য মিছনৰ দায়িত্ব দিয়া হৈছে সহকাৰী সঞ্চালক নৱ বসুমতাৰীক৷ আনহাতে, অৰ্নামিকা নুনিছা ন’ডেল বিষয়াৰূপে থাকিব। উল্লেখ্য যে বিহাৰে প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া আয়োজনৰ দায়িত্ব লাভ কৰিছে। ৰাজ্যখনৰ পাঁচখন চহৰ পাটনা, গয়া, ৰাজগিৰ, বেগুচৰাই আৰু ভাগলপুৰত প্ৰতিযোগিতাৰ খেল হোৱাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিক আৰু ট্ৰেক চাইক্লিং নতুন দিল্লীত হ’ব৷ ৩৬ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হেজাৰ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

অসমৰ সৰ্বাধিক ১৭ জনীয়া দলটো হ’ল ভাৰোত্তোলনৰ। আনহাতে, সাঁতোৰত দহগৰাকীয়ে অংশ ল’ব৷ দেশৰ যুৱ তাৰকা ভাৰোত্তোলক বেদব্ৰত ভাড়ালী, প্ৰতিভাবান পেডলাৰ প্ৰিয়ানুজ ভট্টাচাৰ্যসহ কেবাগৰাকীও উদীয়মান খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰিব। ইফালে, ভলীবল আৰু কাবাডীত অসমৰ ছোৱালীয়ে যোগ্যতা অৰ্জন কৰাটো ৰাজ্যৰ ক্ৰীড়াৰ বাবে ইতিবাচক ঘটনা।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension