ইতিহাস ৰচিলে ইশান কিষাণে, গঢ়িলে কেইবাটাও অভিলেখ; পুনৰ মুকলি হ’বনে ভাৰতীয় দলৰ দ্বাৰ!
হাৰিয়ানাৰ বিপক্ষে আজি ফাইনেলত মাৰমুখী বেটিং কৰে কিষাণে। দলৰ ইনিংছ মুকলি কৰি কিষাণে মাত্ৰ ৪৯টা বলত ১০টা ছয় আৰু ৬টা চাৰিৰে ১০১ ৰান সংগ্ৰহ কৰে। মাত্ৰ ৪৫টা বলত তেওঁ শতক সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে তেওঁ গঢ়ে অভিলেখ।

ঈশান কিষাণ
ক্ৰিকেট বিশ্বত প্ৰায় প্ৰতিদিনেই দেখিবলৈ পোৱা যায় নিত্য-নতুন অভিলেখ। বহু সময়ত এনে অভিলেখৰ গৰাকী হয় ভাৰতীয় ক্ৰিকেটাৰ। আজি ভাৰতীয় ঘৰুৱা ক্ৰিকেটত দেখা গৈছে এনে কিছু ঈৰ্ষণীয় অভিলেখ। দীৰ্ঘসময় ধৰি ভাৰতীয় জাতীয় দলৰ পৰা বাহিৰ হৈ আছে ঈশান কিষাণ। এনে অৱস্থাত পুনৰ জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাই আছে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। ইয়াৰে ফল দেখিবলৈ পোৱা গ’ল ভাৰতৰ ঘৰুৱা টি-২০ প্ৰতিযোগিতা ছৈয়দ মুস্তাক আলী ট্ৰফীত।
আজি অনুষ্ঠিত হয় এই ছৈয়দ মুস্তাক আলী ট্ৰফীৰ ফাইনেল। প্ৰতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰিবলৈ সক্ষম হয় ঝাৰখণ্ডে। ঈশান কিষাণ নেতৃত্বাধীন ঝাৰখণ্ডই আজি ফাইনেলত হাৰিয়ানাক পৰাস্ত কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰে। অধিনায়কোচিত প্ৰদৰ্শনেৰে এই ঐতিহাসিক সাফল্যৰ নায়ক হৈ উজলি উঠে ঈশান কিষাণ।
ঈশান কিষাণৰ অভিলেখ
হাৰিয়ানাৰ বিপক্ষে আজি ফাইনেলত মাৰমুখী বেটিং কৰে কিষাণে। দলৰ ইনিংছ মুকলি কৰি কিষাণে মাত্ৰ ৪৯টা বলত ১০টা ছয় আৰু ৬টা চাৰিৰে ১০১ ৰান সংগ্ৰহ কৰে। মাত্ৰ ৪৫টা বলত তেওঁ শতক সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে কিষাণ ছৈয়দ মুস্তাক আলী ট্ৰফীৰ ফাইনেলত শতক অৰ্জন কৰা প্ৰথমগৰাকী অধিনায়ক হিচাপে পৰিগণিত হয়।
ইয়াৰ লগতে প্ৰতিযোগিতাৰ ইতিহাসত ফাইনেলত শতক অৰ্জন কৰা মাত্ৰ দ্বিতীয়জন বেটাৰ হিচাপেও অভিলেখ ৰচিছে ঈষান কিষাণে। তদুপৰি প্ৰতিযোগিতাখনৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জনৰ অভিলেখৰো অধিকাৰী হৈছে কিষাণ। এইক্ষেত্ৰত তেওঁ স্পৰ্শ কৰিছে বৰ্তমানৰ ভাৰতীয় দলৰ অপেনাৰ অভিষেক শৰ্মাৰ। দুয়োৰে নামত এতিয়া প্ৰতিযোগিতাত আছে পাঁচটাকৈ শতক।
প্ৰতিযোগিতাত সফল বেটাৰ
প্ৰতিযোগিতাৰ এই ছিজনত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰে ঈশান কিষানে। ছিজনৰ আটাইতকৈ সফল বেটাৰ হিচাপে কিষাণে দুটা শতকসহ সৰ্বাধিক ৫১৬ ৰান সংগ্ৰহ কৰে। তদুপৰি তেওঁ প্ৰতিযোগিতাত প্ৰায় ২০০ ষ্ট্ৰাইক ৰেট আৰু ৬৪.৫ ষ্ট্ৰাইক ৰেটেৰে ৰাণ সংগ্ৰহ কৰে। এই ছিজনত তেওঁ কোবায় সৰ্বাধিক ৩৩ ছয়। তদুপৰি প্ৰতিযোগিতাখনত ৫০টাতকৈ অধিক চাৰি কোবোৱা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।
প্ৰত্যাৱৰ্তন হ’ব নেকি ভাৰতীয় দললৈ!
বিগত প্ৰায় দুবছৰ ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত আছে ঈশান কিষাণ। যোৱা ২০২৩ চনৰ ২৮ নৱেম্বৰতে তেওঁ অন্তিমবাৰৰ বাবে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। তাৰ পিছৰে পৰা দলত সুযোগ পোৱা নাই কিষাণে। এতিয়া এনে প্ৰদৰ্শনৰ পিছত ভাৰতীয় দললৈ ঈশান কিষাণৰ প্ৰত্যাৱৰ্তন হ’বনে, সেয়া লক্ষণীয় হ’ব।