আই পি এল ২০২৫ ৰ দামী খেলুৱৈ, বৰ্তমানলৈকে প্ৰদৰ্শন দুৰ্বল, পন্টে যাদু দেখুৱাবলৈ সক্ষম হ’বনে?

আই পি এলত এইবাৰ চমক দেখাব পৰা নাই ঋষভ পন্টে । ২৭ কোটি টকীয়া পন্টে এতিয়ালৈকে ৪ মেচত ২৭ ৰানো সংগ্ৰহ কৰিব পৰা নাই । বেটিঙত নাই কোনো ছন্দ । আগন্তুক সময়ত ২৭ কোটিৰ ভৰষা ৰাখিবলৈ সক্ষম হ'বনে তেওঁ?

আই পি এল ২০২৫ ৰ দামী খেলুৱৈ, বৰ্তমানলৈকে প্ৰদৰ্শন দুৰ্বল, পন্টে যাদু দেখুৱাবলৈ সক্ষম হবনে?

ঋষভ পন্ট

Published: 

08 Apr 2025 14:25 PM

ভাৰতীয় ক্ৰিকেটত ধোনীৰ যোগ্য উত্তৰাধিকাৰী বুলি কোৱা হয় তেওঁক । সম্প্ৰতি তেনে এজন আগ্ৰাসী কীপাৰ-বেটছমেন ভাৰতীয় দল নাই । ২০১৭ চনত তেওঁ স্থান পাইছিল ভাৰতীয় দলত । ২০১৯ চনত এদিনীয়া বিশ্বকাপৰ দলতো আছিল । দেশীয় দলৰ নতুন কেপ্টেইনৰ দৌৰতো আছিল তেওঁৰ নাম । কিন্তু এজাক কাল ধুমুহাৰ তচনচ কৰি পেলালে তেওঁৰ জীৱন । আমি ঋষভ পন্টৰ কথা কৈছোঁ ।

২০২২ চনৰ ডিচেম্বৰ মাহত এটা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় পন্ট । আঁঠুৰ লিগামেণ্ট ছিগি যায় । হাতৰ জোৰা আৰু গোৰোহাৰ হাড় ভাঙি যায় । পিঠিতো গুৰুতৰভাৱে আঘাত পাইছিল তেওঁ । যেন থমকি ৰৈছিল মৃত্যুৰ দুৱাৰ দলিত । পুনৰ খেলপথাৰলৈ ঘূৰি আহিব নোৱাৰিব বুলি ভয় খাইছিল । নিজেও হয়তো ভবা নাছিল প্ৰত্যাৱৰ্তন সম্ভৱ হ’ব বুলি । কিন্তু পন্টে লিখিলে এক যুদ্ধ জয়ৰ কাহিনী ।

অনিশ্চয়তাৰ জাল ফালি ২০২৪ চনত আই পি এলৰ দ্বাৰা খেল পথাৰলৈ উভতিল পন্ট । দিল্লী কেপিটেলছৰ অধিনায়কৰ ভূমিকাত দেখা যায় ঋষভ পন্টক । অৱশ্যে অধিনায়কত্ব লেখত ল’বলগীয়া নহ’লেও বেটিঙত উজলি উঠে ঋষভ । ৪০.৫ গড়ত মুঠ ৪৪৬ ৰাণ সংগ্ৰহ ঋষভৰ । কিন্তু তাৰ পাছতো ২০২৫-ৰ নিলামত দিল্লীয়ে তেওঁক ৰিটেইন নকৰিলে । জানিব পৰা মতে, ফ্ৰেঞ্চাইজিৰ অনিহাতকৈও বেছি ঋষভে নিজেই দিল্লী এৰিব বিচাৰিছিল । যেন জানিব খুজিছিল তেওঁৰ বজাৰ দৰ কিমান ।

২০২৫ চনৰ আই পি এলৰ নিলামত ২৭ কোটি টকাত ঋষভক ক্ৰয় কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হৈ পৰিল পন্ট । দিয়া হ’ল লক্ষ্ণৌৰ অধিনায়কৰ দায়িত্ব । পন্টৰ ওপৰত অনেক আশা আছে অনুৰাগী আৰু দলৰ । আক্ৰমণাত্মক বেটিঙৰ দ্বাৰা বলাৰক দিশহাৰা কৰাৰ ক্ষমতা আছে তেওঁৰ । সেই ৰূপতেই পন্টক চাব খোজে অনুৰাগীয়ে ।

কিন্তু এই ছিজনত ফৰ্মহীনতাত ভুগিছে ঋষভ । লক্ষ্ণৌৰ হৈ এতিয়ালৈকে তেওঁ ৪ খন মেচ খেলিছে । কিন্তু বৰ্তমানলৈকে ৪ খন মেচত তেওঁৰ মুঠ ৰাণ ১৯ । হায়দৰাবাদৰ বিৰুদ্ধে সৰ্বাধিক ১৫ ৰাণ । আই পি এলত এতিয়ালৈ ২৭ ৰাণো কৰিব পৰা নাই ২৭ কোটি টকীয়া ঋষভে ।

অধিনায়ক হিচাপেও যে বৰ বিশেষ কিবা কৰিছে সেয়া ক’ব পৰা নাযায় । সেয়ে সমালোচনাৰ সন্মুখীন হৈছে ঋষভ । ২৭ কোটিৰ বোজাই চাপত পেলাইছে নেকি তেওঁক? বেটিঙত ব্যৰ্থতা তাৰেই চিন নেকি? কলকাতাৰ বিৰুদ্ধে মেচত প্ৰদৰ্শন দেখুৱাব পাৰিবনে পন্টে? লক্ষ্ণৌৰ স্বত্বাধিকাৰীৰ চহৰত ২৭ কোটিটকীয়া পন্টে দলটোক জয় সোৱাদ দিবলৈ সক্ষম হ’বনে. অপেক্ষা অনুৰাগীৰ ।

প্ৰতিবেদক: দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...