আই পি এল ২০২৫ ৰ দামী খেলুৱৈ, বৰ্তমানলৈকে প্ৰদৰ্শন দুৰ্বল, পন্টে যাদু দেখুৱাবলৈ সক্ষম হ’বনে?

আই পি এলত এইবাৰ চমক দেখাব পৰা নাই ঋষভ পন্টে । ২৭ কোটি টকীয়া পন্টে এতিয়ালৈকে ৪ মেচত ২৭ ৰানো সংগ্ৰহ কৰিব পৰা নাই । বেটিঙত নাই কোনো ছন্দ । আগন্তুক সময়ত ২৭ কোটিৰ ভৰষা ৰাখিবলৈ সক্ষম হ'বনে তেওঁ?

আই পি এল ২০২৫ ৰ দামী খেলুৱৈ, বৰ্তমানলৈকে প্ৰদৰ্শন দুৰ্বল, পন্টে যাদু দেখুৱাবলৈ সক্ষম হবনে?

ঋষভ পন্ট

Published: 

08 Apr 2025 | 02:25 PM

ভাৰতীয় ক্ৰিকেটত ধোনীৰ যোগ্য উত্তৰাধিকাৰী বুলি কোৱা হয় তেওঁক । সম্প্ৰতি তেনে এজন আগ্ৰাসী কীপাৰ-বেটছমেন ভাৰতীয় দল নাই । ২০১৭ চনত তেওঁ স্থান পাইছিল ভাৰতীয় দলত । ২০১৯ চনত এদিনীয়া বিশ্বকাপৰ দলতো আছিল । দেশীয় দলৰ নতুন কেপ্টেইনৰ দৌৰতো আছিল তেওঁৰ নাম । কিন্তু এজাক কাল ধুমুহাৰ তচনচ কৰি পেলালে তেওঁৰ জীৱন । আমি ঋষভ পন্টৰ কথা কৈছোঁ ।

২০২২ চনৰ ডিচেম্বৰ মাহত এটা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় পন্ট । আঁঠুৰ লিগামেণ্ট ছিগি যায় । হাতৰ জোৰা আৰু গোৰোহাৰ হাড় ভাঙি যায় । পিঠিতো গুৰুতৰভাৱে আঘাত পাইছিল তেওঁ । যেন থমকি ৰৈছিল মৃত্যুৰ দুৱাৰ দলিত । পুনৰ খেলপথাৰলৈ ঘূৰি আহিব নোৱাৰিব বুলি ভয় খাইছিল । নিজেও হয়তো ভবা নাছিল প্ৰত্যাৱৰ্তন সম্ভৱ হ’ব বুলি । কিন্তু পন্টে লিখিলে এক যুদ্ধ জয়ৰ কাহিনী ।

অনিশ্চয়তাৰ জাল ফালি ২০২৪ চনত আই পি এলৰ দ্বাৰা খেল পথাৰলৈ উভতিল পন্ট । দিল্লী কেপিটেলছৰ অধিনায়কৰ ভূমিকাত দেখা যায় ঋষভ পন্টক । অৱশ্যে অধিনায়কত্ব লেখত ল’বলগীয়া নহ’লেও বেটিঙত উজলি উঠে ঋষভ । ৪০.৫ গড়ত মুঠ ৪৪৬ ৰাণ সংগ্ৰহ ঋষভৰ । কিন্তু তাৰ পাছতো ২০২৫-ৰ নিলামত দিল্লীয়ে তেওঁক ৰিটেইন নকৰিলে । জানিব পৰা মতে, ফ্ৰেঞ্চাইজিৰ অনিহাতকৈও বেছি ঋষভে নিজেই দিল্লী এৰিব বিচাৰিছিল । যেন জানিব খুজিছিল তেওঁৰ বজাৰ দৰ কিমান ।

২০২৫ চনৰ আই পি এলৰ নিলামত ২৭ কোটি টকাত ঋষভক ক্ৰয় কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হৈ পৰিল পন্ট । দিয়া হ’ল লক্ষ্ণৌৰ অধিনায়কৰ দায়িত্ব । পন্টৰ ওপৰত অনেক আশা আছে অনুৰাগী আৰু দলৰ । আক্ৰমণাত্মক বেটিঙৰ দ্বাৰা বলাৰক দিশহাৰা কৰাৰ ক্ষমতা আছে তেওঁৰ । সেই ৰূপতেই পন্টক চাব খোজে অনুৰাগীয়ে ।

কিন্তু এই ছিজনত ফৰ্মহীনতাত ভুগিছে ঋষভ । লক্ষ্ণৌৰ হৈ এতিয়ালৈকে তেওঁ ৪ খন মেচ খেলিছে । কিন্তু বৰ্তমানলৈকে ৪ খন মেচত তেওঁৰ মুঠ ৰাণ ১৯ । হায়দৰাবাদৰ বিৰুদ্ধে সৰ্বাধিক ১৫ ৰাণ । আই পি এলত এতিয়ালৈ ২৭ ৰাণো কৰিব পৰা নাই ২৭ কোটি টকীয়া ঋষভে ।

অধিনায়ক হিচাপেও যে বৰ বিশেষ কিবা কৰিছে সেয়া ক’ব পৰা নাযায় । সেয়ে সমালোচনাৰ সন্মুখীন হৈছে ঋষভ । ২৭ কোটিৰ বোজাই চাপত পেলাইছে নেকি তেওঁক? বেটিঙত ব্যৰ্থতা তাৰেই চিন নেকি? কলকাতাৰ বিৰুদ্ধে মেচত প্ৰদৰ্শন দেখুৱাব পাৰিবনে পন্টে? লক্ষ্ণৌৰ স্বত্বাধিকাৰীৰ চহৰত ২৭ কোটিটকীয়া পন্টে দলটোক জয় সোৱাদ দিবলৈ সক্ষম হ’বনে. অপেক্ষা অনুৰাগীৰ ।

প্ৰতিবেদক: দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...