পঞ্জাৱ-মুম্বাইৰ কোৱালিফায়াৰ মেচত বতৰৰ বিঘিনিঃ মেচ বাতিল হ’লে কোনে খেলিব ফাইনেল?

বৰষুণৰ ফলত এই দ্বিতীয় কোৱালিফায়াৰ মেচখন আৰম্ভ কৰাত বিলম্ব ঘটিছে। প্ৰবল বৰষুণৰ বাবে সম্পূৰ্ণ খেলপথাৰ ঢাকি দিয়া হৈছে। এনে অৱস্থাত এক ৰোমাঞ্চকৰ মেচৰ আশাত বাট চাই থকা অনুৰাগীৰ মনত আশা ভংগ হোৱাৰ শংকা সৃষ্টি হোৱাৰ লগতে আন এক প্ৰশ্নও উত্থাপিত হৈছে। যদি আজি বৰষুণৰ বাবে মেচ বাতিল হয় কোনে খেলিব ফাইনেল!

পঞ্জাৱ-মুম্বাইৰ কোৱালিফায়াৰ মেচত বতৰৰ বিঘিনিঃ মেচ বাতিল হ’লে কোনে খেলিব ফাইনেল?

মেচ বাতিল হ’লে কাৰ হ’ব ভাগ্যোদয়!

Published: 

01 Jun 2025 20:03 PM

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচ। প্ৰতিদ্বন্দিতাত নামিব পঞ্জাৱ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। ইতিমধ্যে দুয়ো দলৰ অধিনায়কদ্বয় শ্ৰেয়স আয়াৰ আৰু হাৰ্দিক পাণ্ডিয়াৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়স আয়াৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পিছে এই মেচখনৰ বাবে অধীৰ অপেক্ষাৰে বাট চাই থকা অনুৰাগীৰ আশাত চেঁচাপানী ঢালিছে বতৰে। আহমেদাবাদত নামি অহা প্ৰবল বৰষুণে বাধা দিছে মেচত।

বৰষুণৰ ফলত এই দ্বিতীয় কোৱালিফায়াৰ মেচখন আৰম্ভ কৰাত বিলম্ব ঘটিছে। প্ৰবল বৰষুণৰ বাবে সম্পূৰ্ণ খেলপথাৰ ঢাকি দিয়া হৈছে। এনে অৱস্থাত এক ৰোমাঞ্চকৰ মেচৰ আশাত বাট চাই থকা অনুৰাগীৰ মনত আশা ভংগ হোৱাৰ শংকা সৃষ্টি হোৱাৰ লগতে আন এক প্ৰশ্নও উত্থাপিত হৈছে। এই প্ৰশ্নটো উত্থাপিত হৈছে বৰষুণক কেন্দ্ৰ কৰি। যদি আজি বৰষুণৰ বাবে মেচ বাতিল হয় কোনে খেলিব ফাইনেল!

ইতিপূৰ্বেই প্ৰথম কোৱালিফায়াৰত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। এতিয়া বাংগালুৰু ফাইনেলত প্ৰতিদ্বন্দী দলটোৰ অপেক্ষাত। কিন্তু আজিৰ মেচখন বৰষুণৰ বাবে বাধাগ্ৰস্ত হোৱাৰ পিছত কোনে ফাইনেলৰ পথ প্ৰশস্ত কৰিব, সেই লৈ জল্পনা কল্পনাৰ সৃষ্টি হৈছে। চাওঁ আহক এইক্ষেত্ৰত আই পি এলৰ নিয়মে কি কয়।

আই পি এলৰ নিয়ম অনুসৰি প্লে’ অফৰ মেচ যদি বৰষুণৰ বাবে বাতিল হয়, তেতিয়া প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত ওপৰত থকা দলটোৱে পৰৱৰ্তী পৰ্যায়লৈ উন্নীত হ’ব। এই নিয়মৰ ফালৰ পৰা আজি বৰষুণৰ বাবে মেচ বাতিল হ’লে লাভৱান হ’ব পঞ্জাৱ কিংছ। দলটোৱে দ্বিতীয় স্থানেৰে প্লে’ অফলৈ উন্নীত হোৱাৰ বিপৰীতে মুম্বাই আছিল পইণ্ট তালিকাৰ চতুৰ্থ স্থানত। সেয়ে মেচ বাতিল হ’লে পঞ্জাৱৰ হ’ব ভাগ্যোদয়।

অৰ্থাৎ বৰষুণৰ বাবে মেচ বাতিল হ’লে মুম্বাই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ব। ইয়াৰ লগে লগে দলটোৰ ষষ্ঠটো আই পি এল খিতাপ জয়ৰ আশা এইবাৰলৈ অন্ত পৰিব। আনহাতে প্ৰথমটো খিতাপৰ সন্ধানত থকা পঞ্জাৱ এই দিশত আৰু এটা আগবাঢ়িব আৰু লক্ষ্য পূৰণৰ বাবে অহা ৩ জুনত আৰচিবিৰ বিপক্ষে ফাইনেল খেলিব। অৱশ্যে এতিয়াও মেচ বাতিল হোৱাৰ কোনো সম্ভাৱনা পোহৰলৈ অহা নাই।

এই ছিজনত বতৰৰ বাধাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ আই পি এলৰ মেচৰ অতিৰিক্ত সময় দুই ঘণ্টালৈ বৃদ্ধি কৰা হৈছিল। সেয়ে আজি মেচ আৰম্ভ কৰাৰ বাবে যথেষ্ট সময় হাতত আছে। যদি এই নিৰ্ধাৰিত সময়তো মেচ আৰম্ভ কৰিব পৰা নাযায়, তেতিয়া ফাইনেলৰ পথ প্ৰশস্ত হ’ব পঞ্জাৱ কিংছৰ।

কেৱল সুস্থ জীৱন লাভ কৰাই নহয়, সফলতাৰ শীৰ্ষত উপনীত হোৱাত সহায় কৰিব এই ৫ টা অভ্যাসে...
বুদ্ধিমান মানুহে কেতিয়াও প্ৰকাশ নকৰা ৫টা কথা...জানক
IPL ট্ৰফীত সংস্কৃতত কি লিখা আছে? ইয়াৰ অৰ্থ কি জানক...
ভিটামিন A ৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...