IND vs SA 2nd Test: দক্ষিণ আফ্ৰিকাৰ ক্লীন ছুইপ! ঘৰুৱা মাটিত ৪০৮ ৰানত পৰাস্ত ভাৰত…

IND vs SA 2nd Test: বৰ্ষাপাৰাত ভাৰতৰ পৰাজয়! দ্বিতীয়খন টেষ্টত দক্ষিণ আফ্ৰিকাই ভাৰতক ৪০৮ ৰানত পৰাস্ত কৰি ২-০ত শৃংখলা দখল কৰে। ২০০০ চনৰ পিছত ভাৰতত দক্ষিণ আফ্ৰিকাৰ এইখন প্ৰথম টেষ্ট শৃংখলা জয়।

IND vs SA 2nd Test: দক্ষিণ আফ্ৰিকাৰ ক্লীন ছুইপ! ঘৰুৱা মাটিত ৪০৮ ৰানত পৰাস্ত ভাৰত...

ভাৰত-দঃআফ্ৰিকা

Published: 

26 Nov 2025 | 02:16 PM

টেম্বা বাভুমাৰ অধিনায়কত্বত বিশ্ব টেষ্ট চেম্পিয়ন দক্ষিণ আফ্ৰিকাই ভাৰতত ইতিহাসৰ সৃষ্টি কৰে। ২৫ বছৰৰ অন্তত দক্ষিণ আফ্ৰিকাই ভাৰতত এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ অন্তিম দিনা দক্ষিণ আফ্ৰিকাই মাত্ৰ ১৪০ ৰাণেৰে টিম ইণ্ডিয়াক আউট কৰি ৪০৮ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ লগে লগে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ টেষ্ট শৃংখলাত ২-০ ত ক্লীন ছুইপ কৰে।

টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ এয়া সৰ্ববৃহৎ পৰাজয়, আনহাতে দক্ষিণ আফ্ৰিকাৰ বাবে ই ঐতিহাসিক ক্ষণ। ২০০০ চনৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতত টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকাই জয় লাভ কৰে।

উল্লেখ্য যে, বৰ্ষাপাৰা ষ্টেডিয়ামত জয়ী হ’বলৈ ভাৰতীয় ক্ৰিকেট দলটোত ৫২২ ৰানৰ প্ৰয়োজন আছিল, বাকী আছিল ৮টা উইকেট। জয়ৰ সম্ভাৱনা প্ৰায় শেষ হৈছিল।

দক্ষিণ আফ্ৰিকাই দিনটোৰ প্ৰথমে কুলদীপ যাদৱ, ধ্ৰুৱ জুৰেল, আৰু ঋষভ পন্তক আউট কৰে। প্ৰথম টেষ্টৰ পৰাই টিম ইণ্ডিয়াৰ বাবে সমস্যা হৈ পৰা অফ স্পিনাৰ চাইমন হাৰ্মাৰে তিনিওটাকে আউট কৰে। কিন্তু দ্বিতীয় চেশ্যনৰ আৰম্ভণিত সমাপ্ত হয় সুদৰ্শনৰ ইনিংছ। পাছত ৱাশ্বিংটন সুন্দৰ আৰু জাডেজাই ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছিল। কিন্তু হাৰ্মাৰে সুন্দৰক আউট কৰি নিজৰ ৫টা উইকেট সম্পূৰ্ণ কৰে। পাছত নীতিশ কুমাৰ ৰেড্ডীকো আউট কৰে হাৰ্মাৰে। ইয়াৰ পাছত কেশৱ মহাৰাজে একেটা অভাৰতে জাদেজা আৰু মহম্মদ চিৰাজক আউট কৰি ভাৰতক ১৪০ ৰানতে ভাৰতৰ খেল শেষ কৰে।

৫৪৯ ৰানৰ লক্ষ্য আগত ৰাখি খেলা ভাৰতে ৪০৮ ৰানত পৰাস্ত হয়। এয়া আছিল ভাৰতৰ টেষ্ট ক্ৰিকেটৰ সৰ্ববৃহৎ পৰাজয়। ইয়াৰোপৰি ২০২৪ চনৰ পূৰ্বে ঘৰুৱা ক্ষেত্ৰত কেতিয়াও ক্লীন ছুইপৰ সন্মুখীন হোৱা নাছিল টিম ইণ্ডিয়া। দ্বিতীয়বাৰৰ বাবে তেওঁলোক এই পৰিস্থিতিৰ সন্মুখীন হৈছে। যোৱা বছৰ নিউজিলেণ্ডে ৩-০  শৃংখলা দখল কৰিছিল। প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছত ঘৰুৱা ক্ষেত্ৰত ৯ খন টেষ্ট মেচত ভাৰতে ৫টা পৰাজয় আৰু ৪টা জয় নিজৰ নামত কৰে।

 

অন্য খবৰ পঢ়কঃ ব্যক্তিগত খণ্ডত কাম কৰে নেকি? অৱসৰৰ পাছত কিমান পেঞ্চন লাভ কৰিব, জানক…

ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
প্ৰয়োজনতকৈ অধিক খাদ্য খালে শৰীৰে কি কি ইংগিত দিয়ে, জানক...
৩০ দিন একেৰাহে জিৰা পানী খালে শৰীৰৰ কি কি পৰিবৰ্তন হ'ব?জানক...
দৈনিক ৰঙা চাহ খালে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পাৰে? জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি