ভাৰত-পাকিস্তানৰ মাজত ভৱিষ্যতে অনুষ্ঠিত নহয় ক্ৰিকেট মেচ! বিশ্ব ক্ৰিকেটত পৰিব পাৰে বিৰূপ প্ৰভাৱ

ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাই এতিয়া ক্ৰিকেটতো প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। ক্ৰিকেট প্ৰেমীসকলে হয়তো আৰু ভাৰত আৰু পাকিস্তানৰ মাজত খেল চাব নোৱাৰিব। যদি এনেকুৱা হয় তেন্তে ইয়াৰ প্ৰভাৱ বিশ্ব ক্ৰিকেটত অতি বেয়া হ’ব।

ভাৰত-পাকিস্তানৰ মাজত ভৱিষ্যতে অনুষ্ঠিত নহয় ক্ৰিকেট মেচ! বিশ্ব ক্ৰিকেটত পৰিব পাৰে বিৰূপ প্ৰভাৱ

ভাৰতে-পাকিস্তান

Updated On: 

09 May 2025 22:39 PM

২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰতিশোধ লৈ পাকিস্তানত অৱস্থিত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰে ভাৰতে। ইয়াৰ বাবে উত্তেজিত হৈ পৰিছিল আৰু ভাৰতীয় সামৰিক ঘাটিসমূহত ড্ৰোনেৰে অহৰহ আক্ৰমণ চলাইছে পাকিস্তান। যাৰ উপযুক্ত উত্তৰ ভাৰতে দিছে। কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত ভাৰতৰ ড্ৰোন আক্ৰমণ। ইয়াৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে ৰাৱালপিণ্ডি ষ্টেডিয়ামত। ইয়াৰ বাবেই বাতিল কৰা হয় পিএছএলৰ মেচ। ইফালে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাই ক্ৰিকেটতো প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। প্ৰতিবেদন অনুসৰি কোনো প্ৰতিযোগিতাত পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিবলৈ অস্বীকাৰ কৰিছে ভাৰতে। ইয়াৰ প্ৰভাৱ বিশ্ব ক্ৰিকেটতো পৰিব পাৰে।

পাহলগাম আক্ৰমণৰ পিছত BCCIয়ে স্পষ্ট কৰি দিছিল যে পাকিস্তানৰ সৈতে কোনো ধৰণৰ ক্ৰিকেট নেখেলে। সূত্ৰ অনুসৰি কিছুদিন পূৰ্বে বিচিচিআইয়ে আইচিচিক অনুৰোধ কৰিছিল যে ভৱিষ্যতে আইচিচিৰ প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপত ৰাখিব নালাগে। যদি আইচিচিৰ ইভেণ্টত ভাৰত আৰু পাকিস্তানৰ মাজত কোনো মেচ নাথাকে, তেন্তে আইচিচিয়ে হয়তো বৃহৎ লোকচানৰ সন্মুখীন হ’ব লাগিব। কাৰণ এই দুয়োখন দেশৰ মাজত হোৱা মেচৰ পৰাই আই চি চিয়ে সৰ্বাধিক ধন লাভ কৰে।

ধ্বংস হ’ব পাকিস্তান ক্ৰিকেট

যদি ভাৰতে আইচিচিৰ ইভেণ্ট আৰু এছিয়া কাপত পাকিস্তানৰ সৈতে ক্ৰিকেট খেলা বন্ধ কৰে তেন্তে পাকিস্তানৰ ক্ৰিকেট ধ্বংস হ’ব পাৰে। যদি ভাৰতে আইচিচিৰ কোনো ইভেণ্টত পাকিস্তানৰ সৈতে ক্ৰিকেট মেচ নেখেলে,  তেন্তে কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে পিচিবি। উল্লেখ্য যে, শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত হৈ যোৱা চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ বাবে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল পাকিস্তান।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেলেণ্ডাৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাই আগন্তুক ক্ৰিকেট প্ৰতিযোগিতাত প্ৰভাৱ পেলাব পাৰে। পিচিবিয়ে ইউএইত পাকিস্তান ছুপাৰ লীগ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে যদিও তাৰিখ এতিয়াও ঘোষণা কৰা নাই। ইয়াৰ উপৰিও বাংলাদেশৰ পাকিস্তান ভ্ৰমণো বাতিল হ’ব পাৰে।  PSLৰ পিছত পাকিস্তানলৈ আহিব লগা আছিল বাংলাদেশ।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey