WTCৰ বিজয়ী দললৈ টকাৰ বৰষুণঃ আইচিচিয়ে কৰিলে পুৰস্কাৰ ৰাশিৰ ঘোষণা, কিমান ধন লাভ কৰিব ভাৰতে!
অহা ১১ জুনৰ পৰা ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ফাইনেল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, আইচিচিয়ে ইতিমধ্যে এই প্ৰতিযোগিতাৰ পুৰস্কাৰ ঘোষণা কৰিছে। আইচিচিৰ ঘোষিত এই পুৰস্কাৰ ৰাশিৰ পৰিমাণ প্ৰতিযোগিতাৰ বিগত দুবাৰৰ সংস্কৰণত প্ৰদান কৰা ধনৰাশিৰ প্ৰায় দুগুণ। চাওঁ আহক সবিশেষ তথ্য।

বিশ্ব টেষ্ট চেম্পিয়নশ্ৱিপৰ পুৰস্কাৰৰ ধনৰাশি বৃদ্ধি
অহা ১১ জুনৰ পৰা ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ফাইনেল। ইতিমধ্যে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা দুই প্ৰতিদ্বন্দী অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই দল ঘোষণা কৰিছে। বিগত দুবাৰ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰত এইবাৰ ফাইনেলত প্ৰৱেশ কৰা নাই যদিও ভাৰতীয় ক্ৰিকেট অনুৰাগীয়েও এই মেচখনৰ বাবে অপেক্ষা কৰি আছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, আইচিচিয়ে ইতিমধ্যে এই প্ৰতিযোগিতাৰ পুৰস্কাৰ ঘোষণা কৰিছে।
আইচিচিৰ ঘোষিত এই পুৰস্কাৰ ৰাশিৰ পৰিমাণ প্ৰতিযোগিতাৰ বিগত দুবাৰৰ সংস্কৰণত প্ৰদান কৰা ধনৰাশিৰ প্ৰায় দুগুণ। অৰ্থাৎ এইবাৰ বিজয়ী আৰু ৰাণাৰ্ছ আপ দলৰ লগতে আন দলসমূহেও বৃহৎ পৰিমাণৰ পুৰস্কাৰৰ ধন লাভ কৰিব। এই তথ্য প্ৰকাশ কৰিছে আইচিচিৰ অধ্যক্ষ জয় শ্বাহে। এইবাৰ টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপৰ যুঁজ হ’ব ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া আৰু প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা দক্ষিণ আফ্ৰিকাৰ মাজত।
এই ফাইনেল মেচখন ১১ জুনৰ পৰা ১৫ জুনলৈ অনুষ্ঠিত হ’ব। আনহাতে ১৬ জুন ৰিজাৰ্ভ ডে’ হিচাপে ৰখা হৈছে। উল্লেখ্য যে যোৱাবাৰ অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি খিতাপ দখল কৰিছিল আৰু বৃহৎ পুৰস্কাৰৰ ধন লাভ কৰিছিল যদিও এইবাৰ পূৰ্বৰ পুৰস্কাৰ ৰাশিৰ তুলনাত দুগুণতকৈও অধিক ধন লাভ কৰিব। আইচিচিৰ অধ্যক্ষ জয় শ্বাহে আজি ঘোষণা কৰা মতে এইবাৰ মুঠ ৫৭.৬ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ৪৯ কোটি টকা বিজয়ী আৰু ৰানাৰ্ছ আপ দলৰ মাজত বিতৰণ কৰা হ’ব।
ঘোষিত তথ্য মতে, এইবাৰ WTC ফাইনেলত জয়ী হোৱা দলটোৱে লাভ কৰিব ৩.৬ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ৩১ কোটি টকা। ইয়াৰ পূৰ্বে জয়ী দলৰ বাবে এই পুৰস্কাৰৰ ধনৰ পৰিমাণ আছিল ১.৬ মিলিয়ন ডলাৰ। ফাইনেলত পৰাস্ত হোৱা দলটোৱে ২.১৬ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ১৮.৫ কোটি টকা লাভ কৰিব। যোৱাবাৰৰ তুলনাত এই সংখ্যা প্ৰায় তিনিগুণ বেছি। সামাজিক মাধ্যম যোগে আইচিচিৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে অধ্যক্ষ জয় শ্বাহে।
এই পুৰস্কাৰৰ ধনৰাশি বৃদ্ধিৰ সিদ্ধান্তক টেষ্ট ক্ৰিকেট আৰু ৯টা দলৰ শ্ৰেষ্ঠ খেলৰ প্ৰচাৰৰ বাবে আইচিচিৰ এক প্ৰচেষ্টা বুলি অভিহিত কৰে আইচিচিৰ অধ্যক্ষগৰাকীয়ে। ইফালে ফাইনেলত অৱতীৰ্ণ হোৱা এই দল দুটাৰ উপৰিও পইণ্ট তালিকাৰ তৃতীয় স্থানত থকা ভাৰতীয় দলেও যথেষ্ট পৰিমাণৰ ধন লাভ কৰিব। ভাৰতীয় দলটোৱে পাব ১.৪৪ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ১২ কোটি টকা।
আনহাতে চতুৰ্থ স্থানত থকা নিউজিলেণ্ডৰ দলটোৱে ১.২ মিলিয়ন মাৰ্কিন ডলাৰৰ পুৰস্কাৰৰ ধন লাভ কৰিব। ইয়াৰ উপৰিও ইংলেণ্ডে ৯৬০,০০০ মাৰ্কিন ডলাৰ, শ্ৰীলংকাই ৮৪০,০০০ মাৰ্কিন ডলাৰ, বাংলাদেশে ৭২০,০০০ মাৰ্কিন ডলাৰ, ৱেষ্ট ইণ্ডিজে ৬০০,০০০ মাৰ্কিন ডলাৰ আৰু পাকিস্তানে ৪৮০,০০০ মাৰ্কিন ডলাৰ পুৰস্কাৰ হিচাপে লাভ কৰিব।