বিহাৰ নিৰ্বাচনত প্ৰৱেশ কিশোৰ ক্ৰিকেট চাঞ্চল্য বৈভৱ সূৰ্যবংশীৰঃ পোৱা নাই ভোটাধিকাৰো, কিদৰে সম্ভৱ এয়া!

আগন্তুক বিহাৰ নিৰ্বাচনত এতিয়া প্ৰৱেশ ঘটিছে বৈভৱ সূৰ্যবংশীৰ। পিছে এইপৰ্যন্ত ভোটাধিকাৰৰ বাবেও যোগ্যতা অৰ্জন নাইকৰা ১৪ বৰ্ষীয় খেলুৱৈগৰাকীয়ে। তাৰ পিছতো কিদৰে তেওঁ নিৰ্বাচনত প্ৰৱেশ কৰিছে? স্বাভাৱিকতেই সকলোৰে মনত এই প্ৰশ্নৰ উদয় হ’ব পাৰে।

বিহাৰ নিৰ্বাচনত প্ৰৱেশ কিশোৰ ক্ৰিকেট চাঞ্চল্য বৈভৱ সূৰ্যবংশীৰঃ পোৱা নাই ভোটাধিকাৰো, কিদৰে সম্ভৱ এয়া!

বৈভৱ সূৰ্যবংশী

Updated On: 

20 Oct 2025 14:19 PM

ভাৰতীয় ক্ৰিকেটত এটি বহুচৰ্চিত নাম বৈভৱ সূৰ্যবংশী মাত্ৰ ১৪ বছৰ বয়সতে নিজৰ অসাধাৰণ ক্ৰিকেটীয় নৈপুণ্যতাৰ জৰিয়তে সমগ্ৰ ক্ৰিকেট বিশ্বকে চমকিত কৰিছে বৈভৱে বিশ্বৰ আটাইতকৈ ব্যয়বহুল আৰু জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলতো ইতিমধ্যে বৈভৱে নিজৰ বিস্ফোৰক শৈলীৰ চাপ পেলাইছে এই কিশোৰ খেলুৱৈগৰাকীয়ে ইতিমধ্যেই ক্ৰিকেট বিশ্বৰ বহু তাৰকা বলাৰক নিজৰ বেটিঙেৰে শলঠেকত পেলাবলৈ সক্ষম হৈছে এতিয়া এইগৰাকী কিশোৰ চাঞ্চল্য প্ৰৱেশ কৰিছে নিৰ্বাচনত

দেশত এতিয়া বিহাৰ নিৰ্বাচনৰ চৰ্চা অহা ৬ নৱেম্বৰ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আগন্তুক এই নিৰ্বাচনত এতিয়া প্ৰৱেশ ঘটিছে বৈভৱ সূৰ্যবংশীৰ পিছে এইপৰ্যন্ত ভোটাধিকাৰৰ বাবেও যোগ্যতা অৰ্জন নাইকৰা ১৪ বৰ্ষীয় খেলুৱৈগৰাকীয়ে তাৰ পিছতো কিদৰে তেওঁ নিৰ্বাচনত প্ৰৱেশ কৰিছে? স্বাভাৱিকতেই সকলোৰে মনত এই প্ৰশ্নৰ উদয় পাৰে

বৈভৱ সূৰ্যবংশীয়ে লাভ কৰিলে গুৰুত্বপূৰ্ণ দায়িত্ব

অৱশ্যে বৈভৱ সূৰ্যবংশীয়ে বিহাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাই বা কোনো দলৰ হৈও তেওঁ প্ৰচাৰত নমা নাই বৰঞ্চ বিহাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগেহে বৈভৱ সূৰ্যবংশীক এক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে। নিৰ্বাচন সন্দৰ্ভত যুৱক-যুৱতীসকলক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে

কিশোৰ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীক ভৱিষ্যতৰ ভোটাৰ আইকন হিচাপে নিৰ্বাচিত কৰা হৈছেভোটদানৰ গুৰুত্বক অধিক উজ্জল কৰি তুলিবলৈ আৰু মানুহক সংগঠিত কৰিবলৈ নিৰ্বাচন আয়োগে বিশিষ্ট ব্যক্তিক নিজৰ আইকন হিচাপে ব্যৱহাৰ কৰেএই পদক্ষেপ হিচাপেই বৈভৱ সূৰ্যবংশীক এই দায়িত্ব দিয়া হৈছে।

বৈভৱ সূৰ্যবংশীৰ বিশেষ আহ্বান

নিৰ্বাচন আয়োগ আৰু প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱে বৈভৱ সূৰ্যবংশীৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, এই ভিডিঅটোত তেওঁ বিহাৰৰ জনসাধাৰণক গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে ভোট দিবলৈ আহ্বান জনাইছে। বৈভৱ সূৰ্যবংশীয়ে কয়, “নমস্কাৰ, আপোনালোক সকলোকে প্ৰণাম। যেতিয়াই খেলপথাৰত প্ৰৱেশ কৰো তেতিয়াই মোৰ কাম হ’ল ভাল খেলি মোৰ দলটোক জয়ী কৰাত সহায় কৰা

একেদৰে গণতন্ত্ৰত আপোনালোক সকলোৰে বাবে ভোটদান এক গুৰুত্বপূৰ্ণ ভূমিকা। গতিকে সচেতন হওক আৰু বিধানসভা নিৰ্বাচনত ভোট দিয়ক। বিহাৰে ভোট দিব আৰু নিজৰ চৰকাৰ বাছি ল’ব।”এইদৰে কয় বৈভৱে কিশোৰ ক্ৰিকেটাৰগৰাকীৰ লগতে জনপ্ৰিয় ৱেব ছিৰিজ পঞ্চায়তৰ অভিনেতা চন্দন ৰায় আৰু পংকজ ঝাক ছুইপ আইকন হিচাপে নিৰ্বাচিত কৰা হৈছে।

একেদৰে ৱুশ্বু খেলুৱৈ সৌম্য আনন্দ, আয়ুষ ঠাকুৰ, হকী খেলুৱৈ জ্যোতি কুমাৰী, সমাজকৰ্মী তবছুম আলী আৰু চিত্ৰশিল্পী অশোক কুমাৰ বিশ্বাসকো বিহাৰ নিৰ্বাচনৰ ছুইপ আইকন হিচাপে নিৰ্বাচিত কৰিছে নিৰ্বাচন আয়োগে বিহাৰ নিৰ্বাচনত ভোটদানৰ বাবে জনসাধাৰণক সজাগ কৰিব এইলোকসকলে

কাহৰ সমস্যাত পাণ-মৌৰ মহৌষধি, কিদৰে সকাহ দিয়ে আপোনাক জানেনে?
কলিযুগত কৰক মাত্ৰ এই ৪ টা কাম! জীৱনত সদায় হ'ব উন্নতি...
আপোনাৰ ইউৰিক এচিডৰ সমস্যা আছে নেকি? এইবোৰ খাদ্য একেবাৰে নাখাব...
শৰীৰত চুগাৰৰ পৰিমাণ হ্ৰাস পালে কি লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা...