IPL 2025 ৰ মাজতে বিপদত BCCI! ৰবট কুকুৰৰ বাবে হাইকোৰ্টৰ জাননী

আই পি এল ২০২৫ৰ আয়োজনৰ মাজতে দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা বি চি চি আইয়ে জাননী লাভ কৰিছে। এই জাননী আহিছে ৰবট কুকুৰ চম্পকৰ বাবে।

IPL 2025 ৰ মাজতে বিপদত BCCI! ৰবট কুকুৰৰ বাবে হাইকোৰ্টৰ জাননী

IPL 2025 ৰ মাজভাগত চিন্তিত BCCI

Published: 

30 Apr 2025 | 04:09 PM

বিপদত পৰিছে বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট ব’ৰ্ড । আই পি এল ২০২৫ৰ মাজতে বি চি চি আইয়ে লাভ কৰিছে ৰবট কুকুৰটোৰ বাবে জাননী। এই জাননী দিল্লী উচ্চ ন্যায়ালয়ে বিচিচিআইলৈ প্ৰেৰণ কৰিছে। আচলতে বিচিচিআইয়ে আইপিএল ২০২৫ৰ মেচত কুকুৰৰ দৰে দেখা ৰবট ব্যৱহাৰ কৰিছে। টছৰ সময়ত কুকুৰটোক দেখা যায় আৰু খেলুৱৈসকলক ৱাৰ্ম আপৰ সময়ত কভাৰ কৰে। এই কুকুৰটোৰ নাম চম্পক ৰখা হৈছিল। এতিয়া এই নামটোৱেই হৈ পৰিছে বি চি চি আইৰ ডিঙিৰ কাঁইট।

দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা বিচিচিআইলৈ জাননী

দিল্লী উচ্চ ন্যায়ালয়ে বিচিচিআইলৈ প্ৰেৰণ কৰিছে জাননী। আচলতে এখন বিখ্যাত শিশু আলোচনীৰ নামো চম্পক আৰু সেইবাবেই এই কোম্পানীয়ে বিচিচিআইৰ ওচৰত অভিযোগ উত্থাপন কৰিছে। চম্পক আলোচনীৰ গোচৰত বি চি চি আইৰ পৰা উত্তৰ বিচাৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। অহা চাৰি সপ্তাহত বিচিচিআইয়ে লিখিত উত্তৰ দিব লাগিব আৰু এই বিষয়ৰ পৰৱৰ্তী শুনানি অহা ৯ জুলাইত অনুষ্ঠিত হ’ব। বিচিচিআইয়ে নিজৰ ৰবট কুকুৰৰ নাম চম্পক ৰাখি পঞ্জীয়নভুক্ত ট্ৰেডমাৰ্ক উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ৰবট কুকুৰ চম্পকৰ বৈশিষ্ট্য

ৰবট কুকুৰ চম্পকৰ বিশেষত্ব হ’ল ইয়াত একাধিক কেমেৰা সজ্জিত। খেলৰ সময়ত তেওঁ অনুৰাগীক বেলেগ এংগেল দেখুৱাব পাৰে। ইয়াৰ উপৰিও এই কুকুৰটোৰ ভিতৰত বহু ধৰণৰ চেন্সৰ স্থাপন কৰা হয়। ইয়াৰ উপৰিও ই খেলুৱৈসকলৰ প্ৰদৰ্শনৰ তথ্যও ৰক্ষা কৰিব পাৰে। ৰবট কুকুৰ চম্পকৰ এটা ডাঙৰ বৈশিষ্ট্য হ’ল ইয়াক চাৰ্জ কৰাৰ প্ৰয়োজন নাই, ই স্বয়ংক্ৰিয়ভাৱে চাৰ্জ হয়। ই নিজাববীয়াকৈ থিয় হ’ব পাৰে। খেলৰ আগতে, খেলুৱৈৰ অনুশীলনৰ সময়ত আৰু হাফ টাইমৰ সময়ত ইয়াক ব্যৱহাৰ কৰা হয়। বিশেষ কথাটো হ’ল এই ৰবট কুকুৰটোৱে যি ফটো আৰু ভিডিঅ’ বন্দী কৰে, ছ’চিয়েল মিডিয়াতো আপলোড কৰিব পাৰে। কেৱল এয়াই নহয়, এই কুকুৰটোৱে খেলপথাৰত পানীয়ও আগবঢ়াই নিব পাৰে।

আই পি এল মেচ চলি থকাৰ সময়ত চিয়াৰ লীডাৰসকলেও কুকুৰটোৰ সৈতে ধেমালি কৰা দেখা যায়। কেৱল ছবি তোলা বা খেলুৱৈৰ প্ৰতিক্ৰিয়া কেপচাৰ কৰাৰ বাবেই নহয়, টছৰ সময়ত কইন কঢ়িয়াবৰ বাবেও এই ৰবট কুকুৰটো ব্যৱহাৰ কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...