শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমি ভিক্ষা নিবিচাৰো- এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মেচৰ পূৰ্বে কি ক’লে PCB ৰ অধ্যক্ষই…

মাজত মাত্ৰ কেইটামান দিন। আৰম্ভ হ'ব এছিয়া কাপ ২০২৫। ইয়াৰ মাজতে ১৪ ছেপ্টেম্বৰত হ'ব এখন হাইভল্টেজ মেচ। কিয়নো এই দিনটোতে মুখামুখি হ'ব ভাৰত-পাকিস্তান।

আমি ভিক্ষা নিবিচাৰো- এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মেচৰ পূৰ্বে কি ক’লে PCB ৰ অধ্যক্ষই…
পিচিবিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 24 Aug 2025 21:19 PM

মাজত মাত্ৰ কেইটামান দিন। অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫। এইবাৰ ক্ৰিকেট প্ৰেমীৰ এছিয়া কাপ ২০২৫ৰ বিশেষ চকু আছে ১৪ ছেপ্টেম্বৰৰ দিনটোলৈ। কিয়নো এই দিনটোতে মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। পহলগাম আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কৰ তিক্ততা বহু বৃদ্ধি পাইছিল। কিন্তু ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিযোগিতাত ভাৰত-পাকিস্তানৰ মেচ অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে।

ক্ৰীড়া মন্ত্ৰালয়ে কৈছিল যে, বহুজাতিক প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে খেলাত কোনো নিষেধাজ্ঞা নাই। দ্বিপাক্ষিক মেচ হ’লে খেলিব নোৱাৰে। চৰকাৰৰ অনুমতিৰ পাছতো কিন্তু বহুতে এই মেচৰ বিৰোধিতা কৰিছে। ইয়াৰ মাজতে পাকিস্তান ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে এক আজৱ বক্তব্য প্ৰদান কৰিছে।

তেওঁ ভাৰতৰ সৈতে ক্ৰিকেট সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে, এতিয়া আৰু পাকিস্তানে ভাৰতক ক্ৰিকেট খেলিবলৈ ‘আবেদন’ নকৰে আৰু ভৱিষ্যতে দুয়োখন দেশৰ মাজত যিকোনো ধৰণ আলোচনা সমান স্তৰত হ’ব। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ পূৰ্বে এই মন্তব্য প্ৰদান  কৰে তেওঁ।

লাহোৰত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, মই ভাবো, আমি এই বিষয়টোত স্পষ্ট যে যেতিয়াই কিবা আলোচনা হ’ব সেয়া ভাৰতৰ সৈতে সমান পৰ্যায়ত হ’ব। আলোচনাৰ বাবে কেতিয়াও আমি ভিক্ষা নুখুজো। সেই সময় এতিয়া নাই। যি হয় সেয়া সমান পৰ্যায়ত হ’ব। পিচিবিৰ অধ্যক্ষগৰাকীৰ এই মন্তব্য এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, ভাৰতীয় দলটোৱে বহু বছৰ ধৰি পাকিস্তান ভ্ৰমণ কৰা নাছিল। ভাৰতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী পাকিস্তানত খেলিবলৈ অস্বীকাৰ কৰিছিল আৰু তেতিয়া নকভিয়ে আইচিচি আৰু বিচিচিআইৰ সৈতে চুক্তি কৰিছিল। ভাৰত আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডে চলিত বৰ্ষৰ আৰম্ভণিতে সিদ্ধান্ত লৈছিল যে ভৱিষ্যতে নিৰপেক্ষ স্থানত ইজনে সিজনৰ বিৰুদ্ধে খেলিব। আগন্তুক সময়ত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপো একেধৰণে খেলিব। পাকিস্তানৰ ক্ৰিকেট দলটোৱে ভাৰতৰ পৰিবৰ্তে শ্ৰীলংকাত খেলিব।

 

 

অন্য খবৰ পঢ়কঃ Asia Cup 2025: উপ-অধিনায়ক শুভমন, ষ্টেণ্ডবাইত ৰিয়ান পৰাগ! এছিয়া কাপৰ দল নিৰ্বাচনৰ ৫টা ডাঙৰ কথা…