Durand Cup : প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত পৰাস্ত বড়োলেণ্ড এফ চি

133rd Durand Cup Football 2024 : কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ প্ৰথম মেচত দলে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে ২-০ গলত জয়লাভ কৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৷ খেলৰ প্ৰথমাৰ্ধত গল শূন্য হোৱাৰ পাছত ৫০ মিনিটত জিতিনে প্ৰথমটো গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক ১-০ ৰ অগ্ৰগতি দিয়াৰ পাছত ইঞ্জুৰী টাইমত পৰিবৰ্তিত খেলুৱৈ অংকিতে দ্বিতীয়টো গল কৰে ৷

Durand Cup : প্ৰথম মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ হাতত পৰাস্ত বড়োলেণ্ড এফ চি

১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল, ২০২৪

Published: 

30 Jul 2024 23:38 PM

নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে আৰম্ভণি কৰিছে ৷ আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ প্ৰথম মেচত দলে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে ২-০ গলত জয়লাভ কৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৷ খেলৰ প্ৰথমাৰ্ধত গল শূন্য হোৱাৰ পাছত ৫০ মিনিটত জিতিনে প্ৰথমটো গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক ১-০ ৰ অগ্ৰগতি দিয়াৰ পাছত ইঞ্জুৰী টাইমত পৰিবৰ্তিত খেলুৱৈ অংকিতে দ্বিতীয়টো গল কৰে ৷

উল্লেখ্য যে বড়োলেণ্ড এফ চিয়ে অসমৰ প্ৰথম ক্লাবৰূপে যোৱা বছৰ ডুৰাণ্ড কাপত অংশগ্ৰহণ কৰিছিল ৷ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপ খেলা দলটোৱে স্থানীয় অনুৰাগীৰ একক সমৰ্থন লাভ কৰিছিল যদিও শক্তিশালী নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে পৰাজিত হয় বড়োলেণ্ড এফ চি ৷

প্ৰতিযোগিতাৰ কাইলৈ জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’বলগা দিনটোৰ প্ৰথমখন মেচত আই এছ এলৰ দুবাৰৰ চেম্পিয়ন দল চেন্নাইয়ান এফ চিয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব ৷ এই মেচখন দিনৰ চাৰি বজাৰ পৰা আৰম্ভ হ’ব ৷ ইফালে, নিশা সাত বজাত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা দিনটোৰ দ্বিতীয় মেচখনত আই এছ এল তথা ডুৰাণ্ড কাপৰ পূৰ্ব চেম্পিয়ন বেংগালুৰু এফ চিয়ে নৌ সেনাৰ ফুটবল দলৰ মুখামুখি হ’ব ৷

উল্লেখ্য যে এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হৈছে ৷ প্ৰতিযোগিতাত অংশ লোৱা মুঠ ২৪ টা দলক ছটা গ্ৰুপত ভাগ কৰা হৈছে৷ চাৰিটা দল থকা প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দলটো আৰু দুটা শ্ৰেষ্ঠ দ্বিতীয় স্থানৰ দলে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব ৷ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুব ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হ’ব ৷ ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নী লিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

খালী পেটত দুই ফুটা নহৰু খালে পুৰুষৰ শৰীৰত কি পৰিৱৰ্তন হ'ব?
এজন মানুহে একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে? জানক
যিবোৰ সমস্যা প্ৰায়ে গুৰুত্ব দিয়া নহয়! মহিলাসকলৰ বৃক্কৰ সংক্ৰমণৰ লক্ষণসমূহ জানি লওক
হঠাৎ জিভাৰে সোৱাদ নোপোৱা হৈছে নেকি? আওকাণ নকৰিব এই লক্ষণ