শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Garuda Purana: জীৱনৰ এই ৫টা ভুলৰ বাবে ভুগিবলগা হয় কঠোৰতম শাস্তি, গৰুড় পুৰাণে কৰিছে বাখ্যা

গৰুড় পুৰাণৰ মতে আত্মাই নিজৰ কৰ্মৰ পৰিণাম নৰকত ভোগ কৰে। গৰুড় পুৰাণত অসংখ্য নৰকৰ বৰ্ণনা আছে। এই নৰকবোৰত পাপ অনুসাৰে আত্মাক নিৰ্দিষ্ট ধৰণৰ শাস্তিৰে দণ্ডিত কৰা হয়। গৰুড় পুৰাণৰ বৰ্ণনা মতে এইদৰে নিৰ্দিষ্ট পাপ অনুসৰি কঠোৰ শাস্তি প্ৰদান কৰা পাঁচটা মূল নৰকৰ বিষয়ে জানো আহক।

Garuda Purana: জীৱনৰ এই ৫টা ভুলৰ বাবে ভুগিবলগা হয় কঠোৰতম শাস্তি, গৰুড় পুৰাণে কৰিছে বাখ্যা
গৰুড় পুৰাণ
monjit-dutta
Monjit Dutta | Published: 17 Nov 2025 07:41 AM

ধৰ্মশাস্ত্ৰসমূহত মানুহৰ জীৱন, মৃত্যু তথা কৰ্ম সম্পৰ্কে নানা বাখ্যা উল্লেখ কৰা হয় সেয়ে ধৰ্মবিশ্বাসীসকলে ধৰ্মশাস্ত্ৰসমূহৰ ওপৰত যথেষ্ট আস্থা প্ৰকাশ কৰে হিন্দু ধৰ্মৰ ১৮খন মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণ অন্যতম। এই গৰুড় পুৰাণত মৃত্যুৰ পিছত আত্মাৰ যাত্ৰাৰ বিতংভাৱে বৰ্ণনা কৰা হৈছে। মৃত্যু চিৰন্তন, অৰ্থা পৃথিৱীত জন্ম লোৱা প্ৰতিটো জীৱৰে মৃত্যু নিশ্চিত। এয়াই আদি সত্য মৃত্যুৰ পিছত আত্মা নিজৰ কৰ্মৰ ভিত্তিত স্বৰ্গ বা নৰকলৈ যায়গৰুড় পুৰাণৰ মতে জীৱনকালত ধৰ্ম পালন কৰা লোকসকলে স্বৰ্গলৈ যায়

ইয়াৰ বিপৰীতে যিসকলে পাপ কৰ্ম, প্ৰতাৰণা, হিংসা, লোভ আৰু অধৰ্ম কৰে, তেওঁলোক নৰকলৈ যায়। আত্মাই নিজৰ কৰ্মৰ পৰিণাম নৰকত ভোগ কৰে। গৰুড় পুৰাণত অসংখ্য নৰকৰ বৰ্ণনা আছে। এই নৰকবোৰত পাপ অনুসাৰে আত্মাক নিৰ্দিষ্ট ধৰণৰ শাস্তিৰে দণ্ডিত কৰা হয়গৰুড় পুৰাণৰ বৰ্ণনা মতে এইদৰে নিৰ্দিষ্ট পাপ অনুসৰি কঠোৰ শাস্তি প্ৰদান কৰা পাঁচটা মূল নৰকৰ বিষয়ে জানো আহক

কালসূত্ৰ নৰক

এই নৰকত বয়োজ্যেষ্ঠক অসন্মান কৰা আৰু অহংকাৰে ভৰা লোকসকলৰ আত্মাই বাস কৰে। এই নৰক অত্যন্ত গৰম, এই উত্তাপ আত্মাৰ বাবে অসহ্যকৰ।

কুম্ভিপক নৰক

গৰুড় পুৰাণত এই নৰকক আটাইতকৈ ভয়ংকৰ নৰক বুলি বৰ্ণনা কৰা হৈছে। স্বাৰ্থপৰ কাৰণত জীৱ-জন্তু হত্যা কৰি হিংসাক জীৱন-ধাৰণৰ পদ্ধতি হিচাপে আকোৱালি লোৱা সকলৰ আত্মাক কুম্ভিপক নৰকলৈ পঠিওৱা হয়। এই নৰকত আত্মাবোৰ উতলি থকা তেলত ডুবাই দিয়া হয়

ৰৌৰৱ নৰক

স্বাৰ্থপৰ, লোভী, ঈৰ্ষাপৰায়ণ আৰু আনৰ সম্পদেৰে জীৱন নিৰ্বাহ কৰাসকলৰ আত্মাক ৰৌৰৱ নৰকলৈ পঠিওৱা হয়। এই নৰকত আত্মাবোৰে ভয়ংকৰ যন্ত্ৰণা ভোগ কৰে ইয়াত আত্মাক সাপৰ দ্বাৰা দংশোৱা হয়

অন্ধতমিশ্ৰম নৰক

বৈবাহিক সম্পৰ্কৰ পবিত্ৰতা উলংঘা কৰি সংগীক বিশ্বাসঘাতকতা কৰাসকলৰ আত্মাক অন্ধতমিশ্ৰম নৰকলৈ প্ৰেৰণ কৰা হয়। এই নৰকত আত্মাক কঠোৰ শাস্তি প্ৰদান কৰা হয়

তমিশ্ৰম নৰক

প্ৰৱঞ্চনাৰে আন কাৰোবাৰ সম্পত্তি দখল কৰা সকলৰ আত্মাক তমিশ্ৰম নৰকলৈ পঠিওৱা হয়ইয়াত আত্মাবোৰক বাৰে বাৰে মাৰপিট কৰা হয়। শাস্তিৰ সময়সীমা শেষ নোহোৱালৈকে এনেদৰে চলি থাকে।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লিখিত তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। TV9 Assam এই সন্দৰ্ভত নিজা কোনো মন্তব্যু কৰা কৰা নাই