শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Chanakya Niti: এই ৩টা লক্ষণ দেখিলেই হওক সাৱধান, হ’ব পাৰে সংকটৰ ইঙ্গিত! কৈ গৈছে আচাৰ্য চাণক্যই

আচাৰ্য চাণক্যই ব্যক্তি তথা পৰিয়াললৈ বেয়া সময় তথা সংকটৰ আগমনৰ ইংগিত দিয়া কিছুমান বিশেষ লক্ষণৰ বৰ্ণনা কৰি গৈছে। এই লক্ষণসমূহৰ বিষয়ে জানিলে সকলো লোকেই সজাগ হ’ব পাৰিব। গতিকে জানো আহক আচাৰ্য চাণক্যই উল্লেখ কৰা এই লক্ষণসমূহৰ বিষয়ে।

Chanakya Niti: এই ৩টা লক্ষণ দেখিলেই হওক সাৱধান, হ’ব পাৰে সংকটৰ ইঙ্গিত! কৈ গৈছে আচাৰ্য চাণক্যই
চাণক্য নীতিImage Credit source: Unsplash/Wikipedia
monjit-dutta
Monjit Dutta | Updated On: 17 Nov 2025 09:17 AM

প্ৰাচীন পণ্ডিত আচাৰ্য চাণক্য আজিও বন্দিত দেশত। সমাজ তথা ব্যক্তিৰ জীৱনৰ সৈতে সংপৃক্ত প্ৰতিটো দিশৰ ওপৰতে আচাৰ্য চাণক্যই আগবঢ়াই গৈছে সাৰুৱা পৰামৰ্শ। তেওঁৰ এই পৰামৰ্শসমূহে আজিও ব্যক্তি তথা সমাজক প্ৰগতিৰ পথৰ সন্ধান দিছে। আচাৰ্য চাণক্যৰ নীতি আৰু তেওঁৰ নীতিশাস্ত্ৰৰ শিক্ষাই এতিয়াও মানুহক সফলতা, ধন-সম্পত্তি, সমৃদ্ধিৰ দিশত পথ প্ৰদৰ্শন কৰি আহিছে। চাণক্যৰ নীতিশাস্ত্ৰত ব্যক্তি তথা পৰিয়াললৈ বেয়া সময় তথা সংকটৰ আগমনৰ ইংগিত দিয়া কিছুমান বিশেষ লক্ষণৰ বৰ্ণনা কৰা হৈছে।

আচাৰ্য চাণক্যই চিহ্নিত কৰি দিয়া এই লক্ষণসমূহ দেখা পালেই যিকোনো লোক তাৎক্ষণিকভাৱে সজাগ হ’ব পাৰে আৰু নিজৰ লগতে পৰিয়ালক সম্ভাৱ্য যিকোনো বিপদৰ পৰা শংকামুক্ত কৰাৰ বাবে পদক্ষেপ ল’ব পাৰে। গতিকে জানো আহক আচাৰ্য চাণক্যই উল্লেখ কৰা এই লক্ষণসমূহৰ বিষয়ে-

তুলসী মৰহি যোৱা বা শুকাই যোৱা

নীতিশাস্ত্ৰত তুলসী গছ হঠাৎ মৰহি যোৱা বা শুকাই যোৱাটো অতি অশুভ লক্ষণ বুলি ধৰা হয়। তুলসীক লক্ষ্মী দেৱীৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ঘৰত তুলসী থাকিলে ধনাত্মক শক্তি অটুট থাকে। গতিকে তুলসী গছ যদি কোনো কাৰণ নোহোৱাকৈ মৰহিবলৈ বা শুকাবলৈ আৰম্ভ কৰে, সেয়া এক অশুভ লক্ষণ। ইয়াৰ পৰা বুজা যায় যে ঘৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰিছে আৰু আৰ্থিক সমস্যা বাঢ়িব পাৰে।

ঘৰুৱা সমস্যা

চাণক্যৰ মতে বেয়া সময়ৰ দ্বিতীয় লক্ষণ হ’ল ঘৰুৱা বিসংগতি অৰ্থাৎ ঘৰৰ ভিতৰত বাঢ়ি অহা কাজিয়া, উত্তেজনা বা বিবাদ। চাণক্য নীতিৰ মতে, যদি কোনো কাৰণ নোহোৱাকৈ পৰিয়ালৰ ভিতৰত অশান্তি বা বিবাদ বাঢ়ি যায়, তেতিয়া ঘৰখনলৈ যে কঠিন সময় ওচৰ চাপি আহিছে সেয়া বুজা যায়। ইয়াৰ ফলত আৰ্থিক ক্ষতি, উত্তেজনা বা সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ’ব পাৰে।

আইনা ভাঙি যোৱা

আচাৰ্য চাণক্যৰ মতে বিপদৰ তৃতীয় লক্ষণ হ’ল কাঁচ ভাঙি যোৱা। চাণক্য নীতিৰ মতে ঘৰত যদি কোনো আইনা বা কাঁচ স্বতঃস্ফূৰ্তভাৱে ভাঙি যায়, ই আগতীয়া দুৰ্ভাগ্য বা বিপদৰ ইংগিত দিয়ে। ভঙা কাঁচ ঘৰত ৰাখিব নালাগে, ইয়াৰ ফলত দৰিদ্ৰতা বৃদ্ধি পায়।

এই তিনিটা লক্ষণৰ উপৰিও পূজাৰ প্ৰতি আগ্ৰহৰ অভাৱ, সোণ হেৰুৱা, খোৱাৰ সময়ত কুকুৰে ভুকা, নিশা মেকুৰীয়ে কান্দি থকা, ঘড়ী বাৰে বাৰে বন্ধ হৈ যোৱা আদিও ভৱিষ্যতে বিপদ, উদ্বেগ বা ডাঙৰ সংকটৰ লক্ষণ বুলি গণ্য কৰা হয়।