কাইলৈ সৰস্বতী পূজা, এনে ভুল কৰা মানেই অসন্তুষ্ট দেৱী সৰস্বতী! জানি লওক এতিয়াই…

শাস্ত্ৰত বসন্ত পঞ্চমীৰ দিনা পালন কৰিবলগীয়া কিছুমান বিশেষ নিয়মৰ কথা উল্লেখ কৰা হৈছে, ইয়াৰ দ্বাৰা জীৱনত ইতিবাচক শক্তি বৃদ্ধি পায়। একেদৰে এই দিনটোত কিছুমান ভুলৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। চাওক এইবিষয়ে।

কাইলৈ সৰস্বতী পূজা, এনে ভুল কৰা মানেই অসন্তুষ্ট দেৱী সৰস্বতী! জানি লওক এতিয়াই...

কাইলৈ সৰস্বতী পূজা

Updated On: 

22 Jan 2026 | 10:29 PM

ভাৰতীয় সমাজ-সংস্কৃতিৰ অসমীয়া সমাজ-সংস্কৃতিত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ আৰাধনাৰ এক বিশেষ স্থান আছে। মাঘ মাহৰ শুক্ল পক্ষৰ এই পঞ্চমী তিথিটো অসমত ‘সৰস্বতী পূজা’ হিচাপে অত্যন্ত ভক্তিৰে পালন কৰা হয়। একেদৰে দেশৰ আন বহু প্ৰান্তত এই দিনটোত বসন্ত পঞ্চমী হিচাপে পালন কৰা হয়। কাইলৈ অৰ্থাৎ ২৩ জানুৱাৰীত পালন কৰা হ’ব ‘সৰস্বতী পূজা’ তথা বসন্ত পঞ্চমী। সেই উপলক্ষে কাইলৈ বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা আদি কৰি ঘৰে ঘৰে মা সৰস্বতীৰ বন্দনাৰে মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ।

কেৱল এক ধৰ্মীয় পৰ্বই নহয়, সৰস্বতী পূজা হ’ল জ্ঞান, কলা আৰু সংগীতৰ এক মহোৎসৱ। বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু শিল্পীসকলৰ বাবে এই দিনটো অতি পবিত্ৰ। শাস্ত্ৰত বসন্ত পঞ্চমীৰ দিনা পালন কৰিবলগীয়া কিছুমান বিশেষ নিয়মৰ কথা উল্লেখ কৰা হৈছে, ইয়াৰ দ্বাৰা জীৱনত ইতিবাচক শক্তি বৃদ্ধি পায়। একেদৰে এই দিনটোত কিছুমান ভুলৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। চাওক এইবিষয়ে-

ব্ৰহ্ম মুহূৰ্তত শয়ন ত্যাগ

এই দিনটোত সূৰ্যোদয়ৰ পূৰ্বে শোৱাৰ পৰা উঠাটো অত্যন্ত শুভ হিচাপে গণ্য কৰা হয়। স্নান কৰি সূৰ্যক জল অৰ্পণ কৰাৰ পিছত হালধীয়া বস্ত্ৰ পৰিধান কৰি মা সৰস্বতীৰ পূজা কৰা উচিত, কাৰণ হালধীয়া ৰঙক এই পৰ্বৰ প্ৰতীক হিচাপে ধৰা হয়।

মন শান্ত ৰাখক

এই পবিত্ৰ দিনটোত খং-ৰাগ আৰু অহংকাৰৰ পৰা আঁতৰি থকাটো জৰুৰী। শাস্ত্ৰত ক্ৰোধক মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি কোৱা হৈছে। এই দিনটোত সংযম আৰু বিনম্ৰতা অৱলম্বন কৰিলে মানসিক শান্তি লাভ কৰিব পাৰি।

খাদ্যৰ ক্ষেত্ৰত সাৱধানতা

বসন্ত পঞ্চমীৰ দিনা আমিষ আহাৰ আৰু মাদক দ্ৰব্য গ্ৰহণৰ পৰা বিৰত থকা উচিত। এই দিনটোত সাত্ত্বিক আহাৰ গ্ৰহণ কৰিলে বা ব্ৰত পালন কৰিলে দেৱীৰ কৃপা লাভ কৰা সহজ হয়।

নতুন শুভ কাৰ্যৰ আৰম্ভণি

যিকোনো শুভ কাম আৰম্ভ কৰিবলৈ বসন্ত পঞ্চমী অতি উত্তম দিন। বিদ্যাৰম্ভ কৰা, নতুন বাহন বা মাটি ক্ৰয় কৰা, বিবাহ বা অন্য মাংগলিক কাৰ্যৰ বাবে এই দিনটো অত্যন্ত ফলদায়ক।

প্ৰকৃতিৰ ক্ষতি নকৰিব

বসন্ত পঞ্চমী হ’ল বসন্ত ঋতুৰ আগমনৰ প্ৰতীক। সেয়েহে এই দিনটোত গছ-লতা কটা বা প্ৰকৃতিৰ অনিষ্ট কৰাটো বৰ্জনীয়। বিশ্বাস কৰা হয় যে এনে কৰিলে মা সৰস্বতী অসন্তুষ্ট হয়।

যদি শ্ৰদ্ধা আৰু নিষ্ঠাৰে এই নিয়মসমূহ পালন কৰি বসন্ত পঞ্চমী উদযাপন কৰা হয়, তেন্তে ই কেৱল এটা উৎসৱ হৈ নাথাকি জীৱনলৈ জ্ঞান, শান্তি আৰু ইতিবাচকতা কঢ়িয়াই অনাৰ এক মাধ্যম হৈ পৰে।

আজিয়েই এৰক পুৱা দেৰিলৈকে শোৱাৰ অভ্যাস, অন্যথা নিজে মাতি আনিব এই ৫টা বিপদ
অফিচৰ কামৰ সময়তো হেঁচা মাৰি ধৰে নেকি ভাগৰে? এই ৫টা মাত্ৰ সহজ টিপ্ছে দিব সকাহ
WIFI ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ আৰম্ভণি কেনেকৈ হৈছে জানক
হনুমানক পূজা কৰিও ফল পোৱা নাই নেকি? তেন্তে প্ৰসন্ন কৰিবলৈ এই তেলৰ চাকি দিবলৈ নাপাহৰিব!
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...